ETV Bharat / state

ক'ভিড পৰিস্থিতিক লৈ পুনৰ কঠোৰ হৈছে ৰাজ্যৰ প্ৰশাসন

author img

By

Published : Apr 18, 2021, 6:22 AM IST

প্ৰতিদিনে ক'ৰণাক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধিকলৈ কঠোৰ হ'বলৈ বাধ্য হৈছে প্ৰশাসন ৷ দেওবাৰৰ পৰা সমগ্ৰ ৰাজ্যতে মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰখাটো বাধ্যতামূলক কৰা হৈছে ৷ ইতিমধ্যে দিছপুৰৰ পৰা প্ৰতিখন জিলাৰ উপায়ুক্তলৈ প্ৰেৰণ কৰা হৈছে ডব্লিউ টি বাৰ্তা ৷

ক'ভিড পৰিস্থিতিক লৈ পুনৰ কঠোৰ হৈছে ৰাজ্য চৰকাৰ

গুৱাহাটী,18 এপ্ৰিল: ৰাজ্যত ক'ভিড পৰিস্থিতিক লৈ পুনৰ কঠোৰ হোৱাৰ দিশে ৰাজ্য চৰকাৰ ৷ প্ৰতিদিনে ক'ৰণাক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধিকলৈ কঠোৰ হ'বলৈ বাধ্য হৈছে প্ৰশাসন ৷ সেই মৰ্মে দেওবাৰৰ পৰা সমগ্ৰ ৰাজ্যতে মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰখাটো বাধ্যতামূলক কৰা হৈছে ৷ ইতিমধ্যে প্ৰতিখন জিলাৰ উপায়ুক্তলৈ দিছপুৰৰ পৰা প্ৰেৰণ কৰা হৈছে ডব্লিউ টি বাৰ্তা ৷ এই বাৰ্তা অনুসৰি মাস্ক পৰিধান নকৰিলে এহেজাৰ টকা জৰিমনা বিহাৰো ব্যৱস্থা কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে ৷

ইপিনে, কামৰূপ (ম) জিলা প্ৰশাসনে বিহু উদযাপন সমিতিৰ বিষয়ববীয়া সকলৰ সৈতে এখন বৈঠকত মিলিত হৈ ক'ভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তও গ্ৰহণ কৰে । সিদ্ধান্ত অনুসৰি প্ৰতিখন বিহু মঞ্চৰ প্ৰৱেশদ্বাৰত সকলো দৰ্শক তথা শ্ৰোতাৰ থাৰ্মেল স্কেনিঙৰ ব্যৱস্থা কৰিব চৰকাৰে । মাস্ক পৰিধান নকৰাকৈ বিহুতলীলৈ আহিলে এহেজাৰ টকাকৈ জৰিমনা বিহা হ'ব । প্ৰতিখন বিহু উদযাপনস্থলীলৈ গৈ প্ৰশাসনে নিজে পৰিস্থিতি নিৰীক্ষণ কৰিব ।

লগতে পঢ়ক: কৰ’ণাত মৃত্যু হোৱা তিনি শতাধিকক সৎকাৰ ভূতনাথ শ্মশানত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.