ETV Bharat / state

Assam Govt Schemes: বন্ধ হ'ল ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা কেইবাখনো উল্লেখযোগ্য আঁচনি

author img

By

Published : Mar 12, 2023, 2:18 PM IST

বিত্তীয় সংকটৰ বাবে বহু আঁচনি বন্ধ কৰি ভোটৰ অংকত হিতাধিকাৰী সৃষ্টিৰ লক্ষ্যৰে 'অৰুণোদয়' আঁচনিত বিশেষ গুৰুত্ব ৰাজ্য চৰকাৰৰ। বন্ধ হ’ল ‘অৰুন্ধতী স্বর্ণ’, ‘সুহৃদ’, ‘বিধৱা পেঞ্চন’, ‘আদৰণি’কে ধৰি বহু আঁচনি। বহু আঁচনি নামত আছে যদিও নাই কামত। কেন্দ্ৰীয় চৰকাৰৰ আঁচনিও অসমত অৱহেলিত হৈছে । ৰাজ্য চৰকাৰে প্ৰতিবন্ধীসকলক কেন্দ্রীয়চৰকাৰৰ আঁচনিৰ পৰা কৰ্তন কৰি 'অৰুণোদয়' আঁচনিৰ (Assam Orunodoi Shceme) লগত সংলগ্ন কৰিছে ।

government Closed Several Schemes
বন্ধ হ'ল ৰাজ্য চৰকাৰৰ কেইবাখনো উল্লেখযোগ্য আঁচনি

গুৱাহাটী, 12 মার্চ : ৰাজ্যৰ বিত্তীয় সংকটৰ বাবে অসম চৰকাৰে বন্ধ কৰি দিলে বহুকেইখন উল্লেখযোগ্য আঁচনি । অৱশ্যে চৰকাৰখনে চমক সৃষ্টি কৰিবলৈ ৰূপায়ন কৰা বহু আঁচনি বন্ধ কৰিলেও কিন্তু হিতাধিকাৰী সৃষ্টি কৰাত অলপো কৃপণালি কৰা নাই । এক কথাত ক'বলৈ গ'লে চৰকাৰখনে নিজৰ খেয়াল-খুচি মতে এখনৰ পাচত আন এখন চৰকাৰী আঁচনি বন্ধ কৰি গৈছে ।

পুঁজিৰ অভাৱত পৰিচালনা কৰিব নোৱাৰি চৰকাৰে বন্ধ কৰি গৈছে এখনৰ পাচত আন এখন আঁচনি । লক্ষ্যনীয় বিষয় যে, বহু আঁচনি বন্ধ কৰিলেও কিন্তু চৰকাৰখনে ‘অৰুণোদয়'(Assam Orunodoi Shceme) আঁচনিত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে । আনকি 'অৰুণোদয়' আঁচনিত সংলগ্ন কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিত অন্তর্ভুক্ত হিতাধিকাৰীও । অর্থাৎ কেন্দ্ৰীয় চৰকাৰৰ আঁচনিও অসমত অৱহেলিত হ'বলগীয়া হৈছে ।

অসম চৰকাৰে বিবাহযোগ্য কন্যাৰ বিয়াত পিতৃ-মাতৃক সকাহ দিবলৈ গ্ৰহণ কৰিছিল অভিলাষী 'অৰুন্ধতী স্বর্ণ আঁচনি'(Arundhati Gold Scheme Assam)। এই আঁচনিৰ অধীনত বিবাহযোগ্য কন্যাৰ বিয়াৰ বাবে এতোলা সোণ বা 40 হাজাৰকৈ টকা আদায় দিয়াৰ কথা আছিল । ৰাজ্য চৰকাৰে এই আঁচনিখন ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাৰ বিপৰীতে আঁচনিখন বন্ধ কৰি দিয়াৰ কথা আনুষ্ঠানিকভাৱে সদৰী কৰিছে ।

উল্লেখনীয় যে, পুঁজিৰ অভাৱ নাই বুলি সততে সদৰি কৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Asaam CM Himanta Biswa Sarma) চৰকাৰখনে এখনৰ পাছত আন এখন আঁচনি বন্ধ কৰি গৈছে । আনহাতে হিতাধিকাৰী সৃষ্টিৰ আঁচনি ৰূপায়ণত অলপো থমকি ৰোৱা নাই । সেইদৰে ঋণৰ ওপৰত ঋণ লোৱাৰ ক্ষেত্ৰতো থমকি ৰোৱা নাই চৰকাৰখন । হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপিয়ে দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰাৰ পাছত বিধায়কসকলৰ বাবে গ্ৰহণ কৰা ‘সুহৃদ' নামৰ আঁচনিখনো বন্ধ কৰি দিয়া হ'ল ।

উল্লেখযোগ্য যে, সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত বিধায়কসকলে যাতে নিজ সমষ্টিৰ দুখীয়া পৰিয়ালৰ মেধাবী ছাত্ৰ-ছাত্ৰী সকলক উচ্চ শিক্ষা গ্ৰহণৰ বাবে নামভৰ্তি আৰু দুখীয়া জটিল ৰোগত চিকিৎসাধীনক ব্যক্তিক চিকিৎসা সাহায্য প্ৰদান কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি 'সুহৃদ' নামৰ আঁচনিখন গ্ৰহণ কৰা হৈছিল । সমষ্টি উন্নয়ন পুঁজিৰ উপৰিও ‘সুহৃদ’ত বছৰি 50 লাখকৈ টকা লাভ কৰিছিল বিধায়কসকলে । কিন্তু বিধায়কসকলে সকাহ পাব পৰা এই আঁচনিখনো দ্বিতীয়বাৰৰ বাবে ক্ষমতা দখল কৰিয়ে বিজেপি নেতৃত্বাধীন চৰকাৰখনে বন্ধ কৰি দিয়ে ।

সেইদৰে বিশিষ্ট শিক্ষাবিদ ইন্দিৰা মিৰিৰ নামত ৰাজ্য চৰকাৰে বিধৱা পেঞ্চন প্ৰৱৰ্তন কৰিছিল যদিও এই আঁচনিখনো বন্ধ কৰি হিতাধিকাৰীসকলক 'অৰুণোদয়'ৰ লগত সংলগ্ন কৰা হ'ল । পূৰ্বতে ‘অৰুণোদয়' আঁচনিত 17 লাখ হিতাধিকাৰী আছিল । ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন (Indira Miri Pension Scheme Assam) পোৱা হিতাধিকাৰীৰ লগতে নতুন হিতাধিকাৰী (Beneficiary Schemes of Assam Govt) অন্তৰ্ভুক্ত কৰাৰ পাছত এতিয়া 'অৰুণোদয়'ৰ হিতাধিকাৰীৰ সংখ্যা 27 লাখলৈ বৃদ্ধি হ’ল । আনহাতে চৰকাৰে ‘অৰুণোদয়'ৰ হিতাধিকাৰীৰ সংখ্যা 35 লাখলৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে । প্ৰতিমাহে 1,250 টকাকৈ একাউণ্টত জমা দি চৰকাৰে হিতাধিকাৰী (Welfare Schemes of Assam Govt) ভোটাৰ সৃষ্টি কৰাত গুৰুত্ব দিয়া বুলি চৰ্চা হৈছে ।

ইফালে প্ৰতিবন্ধীসকল কেন্দ্ৰীয় চৰকাৰৰ দীনদয়াল দিব্যাংগ আঁচনিত অন্তর্ভুক্ত হৈ আছে । কিন্তু ৰাজ্য চৰকাৰে প্ৰতিবন্ধীসকলক কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ পৰা কৰ্তন কৰি 'অৰুণোদয়' আঁচনিৰ লগত সংলগ্ন কৰিছে । যাৰ বাবে প্ৰতিবন্ধী সংগঠনসমূহে দীনদয়াল দিব্যাংগ আঁচনি বাহাল ৰাখি তেওঁলোকক ‘অৰুণোদয়’ৰ সুবিধা দিব লাগে বুলি দাবী জনাইছে ।

আনহাতে, পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতে আৰম্ভ কৰা ‘আদৰণি’ নামৰ আঁচনিখনো বৰ্তমানৰ চৰকাৰে প্ৰায় বন্ধ কৰি দিয়ে । এই আঁচনিত চৰকাৰী চিকিৎসালয়ত প্ৰসূতিয়ে সন্তান জন্ম দিলে নৱজাতক আৰু মাতৃক ‘আদৰণি’ এম্বুলেন্সত ঘৰত থৈ অহা হৈছিল । ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত ৰাজ্য চৰকাৰে চলোৱা এই আঁচনিখন প্ৰায় বন্ধ কৰি দিয়া হ’ল । আঁচনিখনৰ অধীনত চলা এম্বুলেন্স সেৱা বন্ধ কৰি দিয়া হ'ল । অৱশ্যে প্ৰসূতি মাতৃগৰাকীক ঘৰলৈ নিজে যোৱাৰ ব্যৱস্থা কৰিবলৈ 700 টকাকৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । এই আঁচনিখন বন্ধ কৰি দিয়াৰ ফলত ‘আদৰণি' এম্বুলেন্সত নিয়োজিত হৈ থকা চালকসকল কর্মহীন হৈ পৰিল ।

ৰাজ্য চৰকাৰে চমক সৃষ্টি কৰিবলৈ গ্ৰহণ কৰা আঁচনিসমূহ এতিয়া ধনৰ অভাৱত পৰিচালনা কৰিব নোৱাৰি বন্ধ কৰি দিয়া হৈছে । আনহাতে ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ, বিবেকানন্দ যুৱ সবলীকৰণ, মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম যোজনাৰ অধীনত গাঁৱে গাঁৱে ট্ৰেক্টৰ আদি আঁচনিসমূহো বৰ্তমান সময়ত নামতহে আছে । বহু আঁচনি কাগজে-পত্ৰই আছে যদিও বাস্তৱত নাই ।

লগতে পঢ়ক: Jal jeevan mission in Tinsukia: তিনিচুকীয়াত জল জীৱন মিছনৰ পানী যোগান আঁচনিৰ প্ৰকল্প মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.