ETV Bharat / state

চৰকাৰৰ বিৰুদ্ধে প্ৰতিবন্ধী সকলক প্ৰতাৰণাৰ অভিযোগ

author img

By

Published : Nov 30, 2020, 10:57 PM IST

Updated : Dec 3, 2020, 10:47 PM IST

শেহতীয়াকৈ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ সমাজ কল্যাণ বিভাগৰ ৮৬৩ পদত প্ৰতিবন্ধীসকলক নিযুক্তি দিয়াৰ বাবে ২০১৮ বৰ্ষৰ ৯ অক্টোবৰ তাৰিখে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকে সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ কেবিনেটৰ সিদ্ধান্ত অনুসৰি তৃতীয় বৰ্গৰ ৩৫২ টা পদৰ নিযুক্তি বিভিন্ন খেলিমেলিৰ মাজত সম্পন্ন হয় যদিও চতুৰ্থ বৰ্গৰ ৫১১ টা পদৰ নিযুক্তি প্ৰক্ৰিয়া আজি পৰ্যন্ত সম্ভৱ নহ’ল ৷

state govenment
চৰকাৰে প্ৰতিবন্ধীসকলক মাহী আইৰ দৃষ্টিৰে চাই আহিছেঃনৃপেন মালাকাৰ

কামৰূপ, 30 নৱেম্বৰঃ প্ৰতিবন্ধীসকলক ৰাজ্য চৰকাৰে প্ৰতিবাৰেই প্ৰৱঞ্চনা কৰি আহিছে ৷ বাৰে বাৰে হেতালি খেলিছে প্ৰতিবন্ধীসকলৰ ভৱিষ্যতকলৈ ৷ এই অভিযোগ প্ৰতিবন্ধী সুৰক্ষা সন্থাৰ সম্পাদক নৃপেন মালাকাৰৰ ৷ মালাকাৰৰ দাবী প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ দীৰ্ঘদিনীয়া আন্দোলনত সেওমানি ৰাজ্য চৰকাৰে প্ৰতিবন্ধীসকলৰ বাবে চৰকাৰী বিভিন্ন পদৰ বাবে সুকীয়া আসন সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও সেয়া কাৰ্যত পৰিণত নহ’ল ৷ প্ৰতিবাৰেই ৰাজ্য চৰকাৰে প্ৰতিবন্ধীসকলক মাহী আইৰ দৃষ্টিৰে চাই অহা কথাটোহে বাৰে বাৰে উন্মোচিত হৈছে বুলি মন্তব্য কৰে প্ৰতিবন্ধী সুৰক্ষা সন্থাৰ সম্পাদক গৰাকীয়ে ৷

শেহতীয়াকৈ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ সমাজ কল্যাণ বিভাগৰ ৮৬৩ পদত প্ৰতিবন্ধীসকলক নিযুক্তি দিয়াৰ বাবে ২০১৮ বৰ্ষৰ ৯ অক্টোবৰ তাৰিখে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকে সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ কেবিনেটৰ সিদ্ধান্ত অনুসৰি তৃতীয় বৰ্গৰ ৩৫২ টা পদৰ নিযুক্তি বিভিন্ন খেলিমেলিৰ মাজত সম্পন্ন হয় যদিও চতুৰ্থ বৰ্গৰ ৫১১ টা পদৰ নিযুক্তি প্ৰক্ৰিয়া আজিপৰ্যন্ত সম্ভৱ নহ’ল ৷ কিন্তু তাৎপৰ্যপূৰ্ণ কথা যে, এইসমূহ পদৰ নিযুক্তিৰ বাবে ২০১৮ চনৰ ৩১ ডিচেম্বৰতে বিজ্ঞাপন প্ৰকাশ পাইছিল যদিও সেয়াও আজি পৰ্যন্ত সম্পূৰ্ণ হৈ উঠা নাই ৷

চৰকাৰৰ বিৰুদ্ধে প্ৰতিবন্ধী সকলক প্ৰতাৰণাৰ অভিযোগ

আনহাতে মহামাৰী কৰ’ণাৰ সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰে প্ৰতিবন্ধীসকলক মাহিলী যি পাৰিতোষিক দিয়াৰ কথা কৈছিল সেয়াও এতিয়া ফুটুকাৰ ফেন ৷ আজি পৰ্যন্ত কোনো এজন প্ৰতিবন্ধীয়ে নাপালে চৰকাৰী আঁচনিৰ টকা ৷ যাৰ বাবে এতিয়া সৰৱ হোবা দেখা গৈছে প্ৰতিবন্ধীসকল ৷ অহা তিনি ডিচেম্বৰত অনুষ্ঠিত হ’ব লগা বিশ্ব প্ৰতিবন্ধী দিৱসৰ দিনাই প্ৰতিবন্ধী সকলক তেওঁলোকৰ প্ৰাপ্য আদায় দিয়াৰ দাবী উত্থাপন কৰিছে প্ৰতিবন্ধী সুৰক্ষা সন্থাই ৷

লগতে পঢ়ক-আছু ত্যাগ কৰিলেও নীতি আদৰ্শ সদায় মানি চলিমঃ লুৰিণজ্যোতি গগৈ

Last Updated : Dec 3, 2020, 10:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.