ETV Bharat / state

ভোটদাতা ৰাইজক ধন্যবাদ জনালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই

author img

By

Published : Mar 27, 2021, 10:27 PM IST

প্ৰথম পৰ্যায় ভোটাৰ সকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই । এই সন্দৰ্ভত সভাপতি বৰাই কয়, এক সুস্থ আৰু সবল গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰাটো অতি প্ৰয়োজনীয় আৰু ৰাইজে এই কথা উপলব্ধি কৰি এইবাৰ স্থিতাৱস্থাৰ বিৰুদ্ধে ভোটদান কৰিছে ।

ভোটদাতা ৰাইজক ধন্যবাদ জনালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই
ভোটদাতা ৰাইজক ধন্যবাদ জনালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই

গুৱাহাটী, ২৭ মাৰ্চ : প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণত ৰাইজে বিপুল উৎসাহেৰে ভোটদান কৰাৰ বাবে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই। এই সন্দৰ্ভত সভাপতি বৰাই কয়, এক সুস্থ আৰু সবল গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰাটো অতি প্ৰয়োজনীয় আৰু ৰাইজে এই কথা উপলব্ধি কৰি এইবাৰ স্থিতাৱস্থাৰ বিৰুদ্ধে ভোটদান কৰিছে।

"বিজেপি নেতৃত্বাধীন চৰকাৰৰ অপশাসন, দুৰ্নীতি, জনবিৰোধী নীতি আদিক লৈ অতিষ্ঠ হোৱা ৰাইজে এইবাৰ সম্প্ৰীতিৰে ভৰা এখন সমৃদ্ধিশালী অসম গঢ়াৰ লগতে সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত বিৰোধী মহাজোঁটৰ উমৈহতীয়া তথা কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থীৰ সপক্ষে ব্যাপকভাৱে ভোটদান কৰিছে । ভোটদাতা ৰাইজৰ স্বতঃস্ফূৰ্ত আৰু অভূতপূৰ্ব সহাৰিয়ে এই কথাৰ স্পষ্ট ইংগিত দিছে ।" ৰিপুন বৰাই কয় ৷

লগতে পঢ়ক: ডিগবৈত ভোটাধিকাৰ সাব্যস্ত কৰিলে সুৰেণ ফুকনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.