ETV Bharat / state

সুখবৰ: ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ সৈতে চুক্তিবদ্ধ ভেলোৰৰ শ্ৰীনাৰায়ণী হাস্পতাল - mou sign with narayani hospital

'অটল অমৃত অভিযান’ৰ অধীনত ৰাজ্যৰ দুখীয়া পৰিয়ালৰ লোকক সুলভ চিকিৎসা সেৱা প্ৰদানকাৰী চিকিৎসালয়সমূহৰ তালিকাত নতুনকৈ অন্তর্ভুক্ত হ’ল ভেলোৰৰ শ্ৰীনাৰায়ণী হাস্পতাল এণ্ড ৰিছার্চ চেণ্টাৰ ছুপাৰ স্পেচিয়েলিটি চিকিৎসালয় । এতিয়াৰে পৰা ভোলোৰত হৃদৰোগ, কর্কট, স্নায়ুৰোগ, ইউৰ’লজীৰ লগতে বৃক্ক সংস্থাপনৰ ক্ষেত্রত অত্যাধুনিক চিকিৎসা সেৱা লাভ কৰাটো অধিক সুচল আৰু সহজসাধ্য হৈ উঠিব ।

MOU sign
আৰ্থিকভাৱে দুৰ্বল ৰোগীৰ বাবে সুখবৰ
author img

By

Published : Jul 13, 2021, 1:55 PM IST

গুৱাহাটী, ১৩ জুলাই : অসমৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ৰোগীয়ে এতিয়াৰে পৰা তামিলনাডুৰ ভেলোৰৰ আগশাৰীৰ চিকিৎসালয় শ্রীনাৰায়ণী হাস্পতাল এণ্ড ৰিছার্চ চেণ্টাৰত অত্যাধুনিক চিকিৎসা সেৱা লাভ কৰিব পাৰিব । অসম চৰকাৰৰ অভিলাষী স্বাস্থ্য নিশ্চয়তা আঁচনি ‘অটল অমৃত অভিযান’ৰ অধীনত ৰাজ্যৰ দুখীয়া পৰিয়ালৰ লোকক সুলভ চিকিৎসা সেৱা প্ৰদানকাৰী চিকিৎসালয়সমূহৰ তালিকাত নতুনকৈ অন্তর্ভুক্ত হ’ল ভেলোৰৰ শ্ৰীপুৰমস্থিত এই ছুপাৰ স্পেচিয়েলিটি চিকিৎসালয়খন । দিছপুৰৰ জনতা ভৱনত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু গুৱাহাটী উন্নয়ন-নগৰাঞ্চল উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘালৰ লগতে বিটিআৰৰ মুখ্য কার্যবাহী সদস্য (BTC CEM) প্ৰমোদ বড়োৰ উপস্থিতিত অসম চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু শ্ৰীনাৰায়ণী হাস্পতাল এণ্ড ৰিছার্চ চেণ্টাৰৰ (Sri Narayani Hospital & Research Centre) মাজত আনুষ্ঠানিকভাৱে এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰে ৷

MOU sign
আৰ্থিকভাৱে দুৰ্বল ৰোগীৰ বাবে সুখবৰ

স্বাস্থ্যমন্ত্ৰীৰ কার্যালয়ৰ সভাকক্ষত বিধায়কদ্বয় মানৱ ডেকা, দিগন্ত কলিতাৰ লগতে স্বাস্থ্য বিভাগৰ প্ৰধান সচিব, আয়ুক্ত সচিব, স্বাস্থ্য সচিব, এনএইচএমৰ (NHM) ৰাজ্যিক অভিযান সঞ্চালক, স্বাস্থ্য সেৱা সঞ্চালক, স্বাস্থ্য সেৱা (পৰিয়াল কল্যাণ) সঞ্চালক, চিকিৎসা শিক্ষা সঞ্চালকৰ উপৰি স্বাস্থ্য বিভাগৰ হৈ অটল অমৃত অভিযানৰ (Atal Amrit Abhiyan) মুখ্য কার্যবাহী বিষয়া মনালিছা গোস্বামী আৰু উপ মুখ্য কার্যবাহী বিষয়া কমলজিৎ তালুকদাৰেও অংশগ্ৰহণ কৰে অনুষ্ঠানত । এই অনুষ্ঠানতে অটল অমৃত অভিযানৰ কর্তৃত্বশীল স্বাক্ষৰকাৰী আৰু শ্ৰীনাৰায়ণী হাস্পতাল এণ্ড ৰিছার্চ চেণ্টাৰৰ হৈ চিকিৎসালয়খনৰ সঞ্চালক ডাঃ এন বালাজীয়ে এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে । অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰে যে, এই বুজাবুজি চুক্তিৰ জৰিয়তে অসমৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ৰোগীৰ বাবে এতিয়াৰে পৰা ভোলোৰত হৃদৰোগ, কর্কট, স্নায়ুৰোগ, ইউৰ’লজীৰ লগতে বৃক্ক সংস্থাপনৰ ক্ষেত্ৰত অত্যাধুনিক চিকিৎসা সেৱা লাভ কৰাটো অধিক সূচল আৰু সহজসাধ্য হৈ উঠিব ।

ভেলোৰৰ শ্ৰীশক্তি আম্মা হেলথ কেয়াৰ ট্ৰাষ্টৰ (sri sakthi amma health care trust) দ্বাৰা পৰিচালিত ব্যক্তিগত চিকিৎসালয়খনে অসমৰ ৰোগীসকলক বিশেষ যত্ন লৈ চিকিৎসা সেৱা উপলব্ধ কৰাবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় । মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ দুখীয়া ৰাইজৰ বাবেও জটিল ৰোগৰ ক্ষেত্ৰত ব্যয়বহুল চিকিৎসা লাভ কৰাটো নিশ্চিতকৰণৰ দিশত স্বাস্থ্য বিভাগৰ এই আঁচনিখনে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা বুলি মত প্ৰকাশ কৰে ৷ গুৱাহাটী উন্নয়ন তথা নগৰাঞ্চল উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিংঘালেও এই বুজাবুজি চুক্তিয়ে অসম চৰকাৰৰ অটল অমৃত অভিযানক অধিক গতিশীল কৰাত অৰিহণা যোগাব বুলি আশা প্ৰকাশ কৰে ।

MOU sign
আৰ্থিকভাৱে দুৰ্বল ৰোগীৰ বাবে সুখবৰ

উল্লেখ্য যে, ৰাজ্যখনৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু বছৰি ৫ লাখ টকাতকৈ কম উপার্জন কৰা পৰিয়ালৰ লোকৰ বাবে ছয়টা ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত অসম চৰকাৰে বছৰি ২ লাখ টকা পর্যন্ত চিকিৎসা ব্যয় বহনৰ ব্যৱস্থাৰে অটল অমৃত অভিযান নামৰ স্বাস্থ্য সুৰক্ষা নিশ্চিতৰ আঁচনিখন ৰূপায়ণ কৰি আহিছে । হৃদজনিত ৰোগ, কর্কট ৰোগ, বৃক্ক ৰোগ, স্নায়ু ৰোগ, নৱজাতকৰ ৰোগসমূহ আৰু জুয়ে পোৰাসহ এই ছয় শ্ৰেণীৰ ৰোগৰ অধীনৰ মুঠ ৪৩৮ বিধ স্বাস্থ্যজনিত জটিলতাত ভোগা ৰোগীৰ চিকিৎসা আঁচনিখনত অন্তর্ভুক্ত হৈ আছে । অটল অমৃত অভিযানৰ তালিকাভুক্ত চিকিৎসালয় হিচাপে অন্তর্ভুক্ত হোৱা শ্ৰীনাৰায়ণী হাস্পতাল এণ্ড ৰিছার্চ চেণ্টাৰৰ সঞ্চালক ডাঃ বালাজীয়ে প্ৰকাশ কৰা মতে অটল অমৃত অভিযান আঁচনিখনৰ অধীনত চিকিৎসালয়খনত অসমৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ৰোগীলৈ হৃদৰোগ, কর্কট, বৃক্ক সংস্থাপন, মূত্ৰৰোগ, নিউৰ’ ছার্জাৰী (Neurosurgery) আদিৰ ক্ষেত্ৰত অত্যাধুনিক বিশেষজ্ঞ চিকিৎসা উপলব্ধ হ’ব ৷

লগতে পঢ়ক : এনকাউণ্টাৰক লৈ পুনৰ সৰৱ বিধায়ক অখিল গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.