গুৱাহাটী,১৮ অক্টোবৰ: চৌদিশে শাৰদীয় দুৰ্গোৎসৱৰ ব্যস্ততা । আৰু মাত্ৰ কেইটিমান মুহূৰ্তৰ পাছতেই দেৱী বন্দনা তথা ঢাক-ঢোলৰ শব্দৰে মুখৰিত হ'ব সমগ্ৰ ৰাজ্য । দুৰ্গা পূজা বুলিলেই নিজক সজোৱাৰ বতৰ । বিশেষকৈ মহিলা তথা যুৱতীসকলে পূজাৰ দিন কেইটাত কিদৰে নিজক আকৰ্ষণীয় কৰি তুলিব তাক লৈ পূজাৰ বহুদিন পূৰ্বৰে পৰাই আৰম্ভ কৰে প্ৰস্তুতি । পূজাৰ দিন কেইটাত আপুনি আপোনাক কিদৰে সজাই তুলিব সেই সন্দৰ্ভত বিশেষ টিপছ আগবঢ়ালে সৌন্দৰ্য বিশেষজ্ঞ মালা মহন্তই ।
আপোনাক কি কি সামগ্ৰী লাগিব ?
সৌন্দৰ্য চৰ্চাৰ বাবে আপোনাক কি কি সামগ্ৰী লাগিব, সেই সন্দৰ্ভতো সৌন্দৰ্য বিশেষজ্ঞগৰাকীয়ে আগবঢ়ালে বহুকেইটা টিপছ । মেকআপৰ বাবে প্ৰথমেই আপোনাক লাগিব আপোনাৰ ছালৰ লগত মিলা ফাউণ্ডেচন, আই ব্ৰু' পেঞ্চিল, মাস্কাৰা, আই পেঞ্চিল , আই লাইনাৰ, ব্লাছ অন, লিপকালাৰ, মেকআপ ব্ৰাছ আৰু মেকআপ ব্লাইণ্ডাৰৰ ।
কেনেদৰে পদ্ধতি অনুসৰি মেকআপ কৰিব ?
প্ৰথমে মুখখন ভালদৰে পৰিষ্কাৰ কৰি ল'ব । তাৰ পিছত এখন ৱেট টিচুৰে গোটেই মুখখন ভালদৰে মচি ল'ব । তাৰ পিছত মশ্বেৰাইজাৰ ব্যৱহাৰ কৰি আপোনাৰ ছালৰ লগত মিলা ফাউণ্ডেচনটো মুখমণ্ডলত ডট ডট কে লগাই লৈ ভালদৰে ব্লাইণ্ডাৰৰ সহায়ত ব্লাইণ্ড কৰি ল'ব । ইয়াৰ পিছত পাফ নাইবা ব্ৰাছৰ সহায়ত লুজ পাউদাৰ লগাব । তাৰ পিছত Astringent লোচন আৰু ৰোজ ৱাটাৰ সমপৰিমাণে মিহলাই ল'ব আৰু গোটেই মুখখনত স্প্ৰে কৰি দিব ।
এই কৰিলে আপোনাৰ মেকআপটো বহুত দেৰিলৈ ঠিক থাকিব । ইয়াৰ পিছত আই মেকআপ কৰিব । মেকআপৰ বাবে প্ৰথমে সৰুকৈ আই ব্ৰুটো আঁকি ল'ব । তাৰ পিছত চকুৰ চেলাউৰীৰ তলত পাতল ৰঙৰ আই চেড' লগাব । চকুৰ কোণত অকমান ডাঠ ৰঙৰ আৰু চকু পতাত আপোনাৰ সাঁজৰ লগত মিলাকৈ আই চেড' লগাব । চকুৰ তলত কাজল আৰু চকুৰ পতাত আই লাইনাৰ বা আই পেঞ্চিল লগাব । তাৰ পিছত ব্লাছ অন লগাব ।
যদি চেপ অন কৰিব বিচাৰে তেন্তে ব্ৰাউন কালাৰে চেপ অন কৰিব পাৰে আৰু যদি চেপ অন কৰিব নাজানে তেন্তে গালৰ হাড়ৰ ওপৰত ব্লাছ অন কৰিব পাৰে । যদি ছালখন খুব বেছি উজ্জ্বল বা বগা হয় তেন্তে বেবী পিংক ব্লাছ অন কৰিব । যদিহে ছালখন মাগুৰ বৰণীয়া হয় তেন্তে ব্ৰাউন ছেড' লগাব পাৰে । লিপ কালাৰৰ বাবে প্ৰথমে ওঠজুৰি লিপ লাইনাৰে চেপ অন কৰি ল'ব । তাৰ পিছত আপোনাৰ পছন্দৰ লিপ কালাৰেৰে গোটেই ওঠজুৰিত লগাই ল'ব । বিচাৰিলে লিপ গ্ল'ছো লগাব পাৰে ।
লগতে পঢ়ক: Hair Care Tips: এইবাৰ দুৰ্গাপূজাত ঘৰুৱাভাৱে কেনেদৰে ল'ব চুলিৰ যতন ?