ETV Bharat / state

মোডী-সোণোৱাল চৰকাৰলৈ কংগ্ৰেছৰ পুনৰ 10 টা প্ৰশ্ন... - ৰণদ্বীপ সিং সূৰ্যেৱালা

অসমত বিজেপি চৰকাৰৰ পাঁচ বছৰীয়া কাৰ্যকালক লৈ দহটা প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছে । গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰণদ্বীপ সিং সূৰ্যেৱালায়ে ৷ সংবাদমেলত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে 'theme song' আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৷

মোডী আৰু সোণোৱাল চৰকাৰলৈ কংগ্ৰেছ পুনৰ 10 টা প্ৰশ্ন,

author img

By

Published : Mar 18, 2021, 5:07 PM IST

Updated : Mar 18, 2021, 7:05 PM IST

গুৱাহাটী,১৮ মাৰ্চ : নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত কংগ্ৰেছে অসমত বিজেপি চৰকাৰৰ পাঁচ বছৰীয়া কাৰ্যকালক লৈ দহটা প্ৰশ্নৰ উত্থাপন কৰিছে । বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰণদ্বীপ সিং সূৰ্যেৱালাই এই দহটা প্ৰশ্ন উত্থাপন কৰে ৷ উল্লেখ্য যে, সংবাদমেলত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে 'theme song' আনুষ্ঠানিকভাৱে মুকলি কৰে অসমৰ দায়িত্বত থকা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে ।

তেওঁ কয়-' অসমৰ মানুহে ঠগ-প্ৰৱঞ্চনা সহ্য নকৰে । কিন্তু বিগত পাঁচ বছৰত মোডী আৰু সোণোৱাল চৰকাৰে অসমৰ ৰাইজক মিছা প্ৰতিশ্ৰুতি দি ঠগ-প্ৰৱঞ্চনা কৰিলে। প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডী পুনৰ ভূৱা প্ৰতিশ্ৰুতি লৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিছে । আমি মোডীক প্ৰশ্ন কৰিব বিচাৰো যে ২০১৬ চনৰ ২৬ মাৰ্চত মাজুলীত দিয়া ভাষণত মোডীয়ে দলং নিৰ্মাণৰ কথা কৈছিল । কিন্তু পাঁচ বছৰত দলং নহ'ল । সৌ সিদিনা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভূমি পূজন কৰা হ'ল বুলি মন্তব্য প্ৰকাশ কৰে ৰণদ্বীপ সিং সূৰ্যেৱালায়ে ৷

মোডী আৰু সোণোৱাল চৰকাৰলৈ কংগ্ৰেছৰ পুনৰ 10 টা প্ৰশ্ন

"ব্ৰহ্মপুত্রৰ দুয়োপাৰে ৪০ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে ১৩০০ কিল’মিটাৰ দৈৰ্ঘৰ এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ কথা কৈছিল । কিন্তু সংসদত তেনে কোনো প্ৰস্তাৱ নাই বুলি কোৱা হ'ল । মোডী চৰকাৰে কিয় মিছা কথা ক'লে । আনহাতে জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কৈ অসমৰ ভাষা-সভ্যতা-সংস্কৃতি ধ্বংস কৰাৰ বাবে মোডী চৰকাৰে 'কা' আনিছে । মোডী চৰকাৰে পশ্চিমবংগত 'কা' প্ৰযোজ্য কৰাৰ কথা কয় আৰু তামিলনাডুত প্ৰযোজ্য নকৰাৰ কথা কয় । অসমত একো নকয় । ঠাই বিশেষে কিয় স্থিতি সলনি কৰে মোডীয়ে"-এইদৰে কয় ৰণদ্বীপ সিং সূৰ্যেৱালায়ে ৷

সমান্তৰালভাৱে বিজেপি চৰকাৰক তীব্ৰ কটাক্ষ কৰি আৰু কেইটা বিষয় উত্থাপন কৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে ৷ ঠিক সেইদৰে অসমৰ বাবে লোৱা ১০,৮৬০ কোটি টকাৰ ২০ টা প্ৰকল্পৰ এটাও কাৰ্যকৰী নহ'ল । সোণোৱাল চৰকাৰৰ দিনত অসমৰ জিডিপি ১৫.৮৮ শতাংশৰ পৰা ৬.৩ শতাংশলৈ হ্ৰাস পালে । জনমুৰি আয় বৃদ্ধিৰ হাৰ ১৩ শতাংশৰ পৰা হ্ৰাস হৈ ৩.৪ শতাংশ হ'ল । এয়া সোণোৱাল চৰকাৰৰ কেনে সু-শাসন ? নাৰীৰ সুৰক্ষাৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনত অসমত নাৰী নিৰ্যাতনৰ হাৰ বৃদ্ধি পাইছে । বিগত তিনি বছৰ ধৰি নাৰীজনিত অপৰাধৰ ক্ষেত্রত অসম দেশৰ ভিতৰতে শীৰ্ষস্থানত আছে বুলি কয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক গৰাকীয়ে ৷

লগতে তেওঁ কয়, মহিলাৰ স্বাস্থ্যৰ ক্ষেত্রতো অসম বহু পিছপৰি আছে । মহিলাৰ ৰক্তহীনতাৰ হাৰ বহু বৃদ্ধি হৈছে । আনহাতে প্ৰধানমন্ত্রী আৱাস যোজনাৰ অধীনত ২ লাখ ১৯ হাজাৰ ঘৰ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও পাঁচ বছৰত মাত্র ২০,৮৫৯ টা ঘৰ দিবলৈ সক্ষম হৈছে । জল জীৱন আঁচনিৰ অধীনত অসমক ১৬০০ কোটি দিয়াৰ বিপৰীতে দিছে মাত্র ৫২৩ কোটি টকা । সেইদৰে অসমৰ গ্ৰামাঞ্চলত ৮৫ শতাংশ চিকিৎসকৰ অভাৱ আছে । মোডী আৰু সোণোৱাল চৰকাৰৰ পৰা অসমৰ ৰাইজে এই দহটা প্ৰশ্নৰ উত্তৰ বিচাৰিছে বুলি কয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক গৰাকীয়ে ।

ইফালে, সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়- সোণোৱাল চৰকাৰে পাঁচ বছৰত একো কাম নকৰিলে । সেয়ে নিৰ্বাচনী প্ৰচাৰত ৰাইজক ক'বলৈ একো নাই বাবে বিভাজনৰ ৰাজনীতিৰে ধৰ্মীয় মেৰুকৰণৰ নীতি গ্ৰহণ কৰিছে বিজেপিয়ে । সংবাদমেলত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ কেইবাজনো নেতা উপস্থিত আছিল ।

লগতে পঢ়ক: তুংগত উঠিছে ৰাইজৰ দলৰ প্ৰাৰ্থী নজৰুল ইছলামৰ নিৰ্বাচনী প্ৰচাৰ

Last Updated : Mar 18, 2021, 7:05 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.