ETV Bharat / state

লকডাউন 5.0: ৰে’ল বিভাগৰ বিশেষ নিৰ্দেশনা জাৰি

author img

By

Published : May 31, 2020, 7:10 PM IST

1 জুনৰ পৰা দেশত আৰম্ভ হ’বলগীয়া পঞ্চম পৰ্যায়ৰ লক​ডাউনৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে ভাৰতীয় ৰে’ল বিভাগে ৷ যাত্ৰীসকলে সামাজিক দুৰত্ব নমনাৰ লগতে মাস্ক, ছেনিটাইজাৰ আদি ব্যৱহাৰ নকৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বিভাগে । চৰকাৰৰ সকলো নিৰ্দেশনা আখৰে আখৰে পালন কৰিব লাগিব যাত্ৰীসকলে ।

Special order released for lockdown 5.0 by north eastern frontier railway guwahati kamrup metro assam etv bharat news
ৰে’ল বিভাগৰ বিশেষ নিৰ্দেশনা

গুৱাহাটী, 31 মে’: 1 জুনৰ পৰা দেশত আৰম্ভ হ’ব পঞ্চম পৰ্যায়ৰ লকডাউন অৰ্থাৎ Unlock-1 ৷ এই পঞ্চম পৰ্যায়ৰ লকডাউনৰ সময়ছোৱাত পূৰ্বতকৈ বহুখিনি শিথিলতা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে । সমান্তৰালকৈ ভাৰতীয় ৰে’ল মন্ত্ৰালয়ে গ্ৰহণ কৰিছে কেতবোৰ নতুন নিৰ্দেশনা । 1 জুনৰ পৰা পুনৰ প্ৰায় 200 খন দুৰণিবটীয়া ৰে’ল চলোৱাৰ সিদ্ধান্ত লৈছে ভাৰতীয় ৰে’ল বিভাগে । সেই অনুসৰি উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ অধীনত চলিব ছয়খন নতুন ৰে’ল । উক্ত ৰে’ল কেইখন হৈছে ক্ৰমে-ব্ৰহ্মপুত্ৰ মেইল, জনশতাব্দী ৰে’ল, লোকমান্য তিলক এক্সপ্ৰেছ, আলিপুৰদুৱাৰ পদাতিক এক্সপ্ৰেছ, মহানন্দ এক্সপ্ৰেছ, নিউ জলপাইগুৰি-অমৃতসৰ কৰ্মভূমি এক্সপ্ৰেছ ।

ৰে’ল বিভাগৰ বিশেষ নিৰ্দেশনা

ইফালে, ৰে’ল যাত্ৰীসকলৰ বাবে কঠোৰ নিৰ্দেশনা বান্ধি দিছে বিভাগে । ভ্ৰমণৰ প্ৰায় ডেৰ ঘণ্টা পূৰ্বে যাত্ৰীসকল উপস্থিত হ’ব লাগিব ষ্টেচনত ৷ তাৰোপৰি এচি ডবাত ভ্ৰমণ কৰিবলগা যাত্ৰীসকলে খাদ্যৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী লগত নিব লাগিব । তদুপৰি যাত্ৰীসকলে সামাজিক দুৰত্ব নমনাৰ লগতে মাস্ক, ছেনিটাইজাৰ আদি ব্যৱহাৰ নকৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বিভাগে । চৰকাৰৰ সকলো নিৰ্দেশনা আখৰে আখৰে পালন কৰিব লাগিব যাত্ৰীসকলে । পৰাপক্ষত বয়োজ্যেষ্ঠ আৰু শিশুসকলক কিছুদিনৰ বাবে ৰে’লযাত্ৰা নকৰিবলৈ আহ্বান জনাইছে ভাৰতীয় ৰে’ল বিভাগে ।

লগতে চাওকঃ বানৰ কৱলত নলবাৰীৰ বিস্তৃৰ্ণ অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.