ETV Bharat / state

চূড়ান্ত ভোটাৰ তালিকা সন্দৰ্ভত বি বৰুৱা মহাবিদ্যালয়ত বিশেষ সভা - ৰাজ্যৰ যুটীয়া মুখ্য নিৰ্বাচনী বিষয়া

চূড়ান্ত ভোটাৰ তালিকাৰ পৰিশুদ্ধতা প্ৰদানৰ প্ৰতি লক্ষ্য ৰাখি বি বৰুৱা মহাবিদ্যালয়ৰ ড৹ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা এখন সভা অনুষ্ঠিত হয় ৷ সভাত মুখ্য অতিথি হিচাপে ৰাজ্যৰ যুটীয়া মুখ্য নিৰ্বাচনী বিষয়া (joint ceo election department) ইমলী বৰুৱা অংশগ্ৰহণ কৰে ।

Special meeting at B. Borooah College regarding Final Voters List
চুড়ান্ত ভোটাৰ তালিকাৰ সন্দৰ্ভত বি বৰুৱা মহাবিদ্যালয়ত বিশেষ সভা
author img

By

Published : Nov 15, 2021, 10:02 PM IST

গুৱাহাটী, ১৫ নৱেম্বৰ : ২০২২ বৰ্ষৰ ৫ জানুৱাৰীত প্ৰকাশ পাবলগীয়া চূড়ান্ত ভোটাৰ তালিকাৰ পৰিশুদ্ধতা প্ৰদানৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ নিৰ্বাচন জিলাত ভোটাৰ তালিকাৰ খচৰাৰ পুনৰীক্ষণ তথা সংশোধনৰ ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰা হৈছে । এই উদ্দেশ্যে জিলাখনত ২১ নৱেম্বৰ আৰু ২৭ নৱেম্বৰত গ্ৰহণ কৰা বিশেষ অভিযানৰ লগত সংগতি ৰাখি সোমবাৰে বি বৰুৱা মহাবিদ্যালয়ৰ ড৹ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা এখন সভা অনুষ্ঠিত হয় ৷

চুড়ান্ত ভোটাৰ তালিকাৰ সন্দৰ্ভত বি বৰুৱা মহাবিদ্যালয়ত বিশেষ সভা

সভাত মুখ্য অতিথি হিচাপে ৰাজ্যৰ যুটীয়া মুখ্য নিৰ্বাচনী বিষয়া (joint ceo election department) ইমলী বৰুৱা অংশগ্ৰহণ কৰে । অতিৰিক্ত উপায়ুক্ত (নিৰ্বাচন) ড৹ ধ্ৰুৱ হাজৰিকা, কামৰূপ মহানগৰৰ জিলাৰ নিৰ্বাচনী বিষয়া ভাস্কৰজ্যোতি কলিতা, বি বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ সত্যেন্দ্ৰ নাথ বৰ্মণ, উপাধক্ষ্য ড৹ মাইনা শৰ্মা আৰু ভালেসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে সভাত অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: MLA Training Camp: মুম্বাইৰ পিছত এইবাৰ দিছপুৰত বিধায়কৰ প্ৰশিক্ষণ

এই সভাত যুটীয়া মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে খচৰা ভোটাৰ তালিকাৰ সংশোধন আৰু নতুন ভোটাৰৰ নাম অন্তৰ্ভুক্তকৰণৰ বিষয়ত বিস্তৃতভাৱে আলোকপাত কৰে । সভাত ভাষণ দি তেওঁ সকলো ভোটাৰকে ভোটগ্ৰহণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আৰু ১৮ বছৰ সম্পূৰ্ণ হোৱা ব্যক্তিসকলক ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনায় ।

ভোটাৰ তালিকাত সংশোধনী থাকিলে বা নাম অন্তৰ্ভুক্তকৰণৰ ক্ষেত্ৰত অনলাইন অথবা অফলাইন পদ্ধতি ব্যৱহাৰ কৰিবলৈ তেওঁ জনসাধাৰণক আহ্বান জনায় । ভোটাৰ তালিকাৰ খচৰা সংশোধনীৰ লগত সংগতি ৰাখি এখন বাটৰ নাট প্ৰদৰ্শন কৰা হয় এই অনুষ্ঠানতে ।

উল্লেখ্য যে, ১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈকে ভোটাৰ তালিকাৰ সংশোধন কৰাৰ সময়সীমা । সকলো পুলিং ষ্টেচনত গৈ বুথ লেভেল অফিচাৰৰ ওচৰত দিব পাৰিব ওজৰ-আপত্তি । অনলাইন যোগেও দাখিল কৰিব পাৰিব আবেদন ।

লগতে পঢ়ক: কোনে শুনে কাৰ কথা, ঘোষণাৰ পিছতো প্ৰত্যাহাৰ হোৱা নাই Ceiling ব্যৱস্থা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.