ETV Bharat / state

বাণিজ্য শাখাত নামভৰ্ত্তি কৰিলে ছাত্ৰ-ছাত্ৰীসকলে কি সুবিধা লাভ কৰিব ? - বাণিজ্য শাখাত নামভৰ্ত্তি

বাণিজ্য শাখাত কি কি বিষয়ত কেনেকৈ অধ্যয়ন কৰিব পাৰিব, সেই সন্দৰ্ভত জনালে কেৰিয়াৰ পৰামৰ্শদাতা তথা যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ মুৰব্বী ড৹ বুলজিৎ বুঢ়াগোহাঁয়ে ।

Career Counseling by Dr. Buljit buragohain
কেৰিয়াৰ পৰামৰ্শ
author img

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 7:34 PM IST

কেৰিয়াৰ পৰামৰ্শ

গুৱাহাটী, 17 জানুৱাৰী : বাণিজ্য শাখাত নামভৰ্ত্তিৰ পূৰ্বে এই শাখাৰ লগত সংযুক্ত কি কি বিষয় আছে বা সেই বিষয়সমূহ অধ্যয়ন কৰাৰ পাচত কেনেদৰে লাভান্বিত হ’ব পাৰি সেই কথা জানি লোৱাটো অতি আৱশ্যক । কৰ্মাচ বুলিলেই মনলৈ অহা ব্যৱসায় শব্দটোতে এই শাখাটো সোমাই থকা নাই ৷ বিজ্ঞান শাখাৰ দৰে বাণিজ্য শাখাতো কিছু বৃত্তিমুখী পাঠ্যক্ৰম আছে, যেনে চাৰ্টাৰ্ড একাউণ্টেণ্ট, কোম্পানী চেক্ৰেটাৰী, ক’ৰ্চ একাউন্টেঞ্চি ৷ বাণিজ্য শাখাত অধ্যয়ন কৰিব বিচৰাসকলে বাণিজ্য শাখাৰ লগত জড়িত ভিন্ন ধৰণৰ বৃত্তিমুখী পাঠ্যক্ৰম অধ্যয়ন কৰিব পাৰে ।

অৱশ্যে এই পাঠদান বাণিজ্য শাখাৰ নিয়মীয়া বিষয়ৰ লগত অন্তৰ্ভুক্ত নহয় । এইসমূহ পাঠ্যক্ৰম অধ্যয়নৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে প্ৰৱেশিকা পৰীক্ষা অৱতীৰ্ণ হ’ব লাগিব । এই বিষয়ৰ পৰীক্ষাসমূহ সাধাৰণতে তিনিটা পৰ্যায়ত অনুষ্ঠিত হয় । ফাউণ্ডেচন, ইণ্টাৰমিডিয়েট আৰু ফাইনেল ষ্টেজ । উচ্চতৰ মাধ্যমিকত কলা, বিজ্ঞান শাখাত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলেও ফাউণ্ডেচন ক’ৰ্চত অন্তৰ্ভুক্ত হ’ব পাৰে ।

ইয়াৰোপৰি বাণিজ্য শাখাত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলে অসামৰিক সেৱাৰ পৰীক্ষাসমূহত অৱতীৰ্ণ হ’ব পাৰিব । বাণিজ্য শাখাত অধ্যয়ন কৰা মানেই যে ব্যৱসায়-বাণিজ্য কৰিব লাগিব সেইটো নহয় । ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাসমূহতো অৱৰ্তীণ হ’ব পাৰিব ।

প্ৰতিটো বিভাগতে একাউনটেন্টৰ এটা পদ থাকে । বাণিজ্য শাখাত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকল এই পদবীৰ বাবে উপযুক্ত হয় । লগতে সাংবাদিকতা, ট্যুৰিজিম, মেনেজমেণ্ট আদিকে ধৰি এইসমূহ বিষয়ৰ পাঠ্যক্ৰমো অধ্যয়ন কৰিব পাৰে । মুঠৰ ওপৰত সকলোৰে দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰি বৃত্তিমুখী বা অন্যান্য বিষয়সমূহত অধ্যয়ন কৰি ছাত্ৰ-ছাত্ৰীসকল আত্মনিৰ্ভৰশীল হ’ব পাৰে ।

লগতে পঢ়ক : বিজ্ঞান শাখাত নামভৰ্তি কৰিলে শিক্ষাৰ্থীসকলে কেনেকৈ আগবাঢ়িব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.