ETV Bharat / state

Special art exhibition: গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ এখন বিশেষ চিত্ৰ প্ৰদৰ্শনী

author img

By

Published : Jun 29, 2023, 7:29 PM IST

Updated : Jun 29, 2023, 9:06 PM IST

সমকামী লোকসকলে সমাজলৈ এক বাৰ্তা দিয়া তথা সজাগতা অনাৰ উদ্দেশ্যে গুৱাহাটী আৰ্টিষ্ট গীল্ডত সমন্বয়ৰ উদ্যোগত অনুষ্ঠিত কৰা হয় "কেন কুয়েৰ 3.0" শীৰ্ষক চিত্ৰ প্ৰদৰ্শনী । প্ৰদৰ্শনীখনত সাধাৰণ অনুভৱী কেইবাজনো শিল্পীৰ লগতে কুয়েৰ সম্প্ৰদায়ৰ কেইবাজনো সদস্যৰ চিত্ৰই প্ৰাণ পাই উঠে ।

Special art exhibition by the Guwahati Artists Guild
গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ এখন বিশেষ চিত্ৰ প্ৰদৰ্শনী

গুৱাহাটী,২৯ জুন: গুৱাহাটী আৰ্টিষ্ট গীল্ডত বৃহস্পতিবাৰে সফলতাৰ সামৰণি পৰে "কেন কুয়েৰ 3.0" শীৰ্ষক এখন বিশেষ গুৰুত্বপূৰ্ণ চিত্ৰ প্ৰদৰ্শনী । কুয়েৰ সম্প্ৰদায়ৰ অধিকাৰৰ হকে কাম কৰা আৰু প্ৰসাৰৰ বাবে সমৰ্পিত সংগঠন সমন্বয়ে "কেন কুয়েৰ 3.0" শীৰ্ষক কুইৰ চিত্ৰ প্ৰদৰ্শনী সফলতাৰে আয়োজন কৰে । ২৪ জুনত মুকলি হোৱা এই প্ৰদৰ্শনীখনে চিত্ৰমোদী ৰাইজৰ যথেষ্ট সঁহাৰি লাভ কৰে ৷

কুয়েৰ সম্প্ৰদায়ৰ অভিজ্ঞতা আৰু শৈল্পিক অভিব্যক্তিৰ বিষয়ে সজাগতা আৰু বুজাবুজি সৃষ্টি কৰাৰ উদ্দেশ্যৰে এই গুৰুত্বপূৰ্ণ চিত্ৰ প্ৰদৰ্শনীখনৰ আয়োজন কৰা হয় ৷ প্ৰদৰ্শনীখনত সাধাৰণ অনুভৱী কেইবাজনো শিল্পীৰ লগতে কুয়েৰ সম্প্ৰদায়ৰ কেইবাজনো সদস্যৰ দ্বাৰা প্ৰস্তুত কৰা চিত্ৰ দৰ্শকসকলৰ বাবে আগবঢ়োৱা হয় ৷ প্ৰদৰ্শনীখনে LGBTQ+ সম্প্ৰদায়ৰ গ্ৰহণযোগ্যতা আৰু বুজাবুজিৰ গুৰুত্ব সম্পৰ্কে এক অতি প্ৰয়োজনীয় বাৰ্তা বহন কৰিছে ।

প্ৰদৰ্শনীখনৰ চিত্ৰসমূহে এই ব্যক্তিসকলে তেওঁলোকৰ দৈনন্দিন জীৱনত সন্মুখীন হোৱা সংগ্ৰামৰ বিষয়েও প্ৰতিফলন ঘটোৱাৰ লগতে কুয়েৰ ব্যক্তিৰ অধিকাৰৰ বাবে থিয় হ'বলৈ অনুপ্ৰাণিত কৰিছে । প্ৰদৰ্শনীখনত কেইবাখনো চিত্ৰই সকলো শ্ৰেণীৰ দৰ্শককে আকৰ্ষিত কৰিছে ৷ শিল্পকৰ্মবোৰৰ জড়িয়তে সম্প্ৰদায়টোৰ শৈল্পিক উজ্জ্বলতা আৰু সৃজনশীলতা প্ৰতিফলিত হৈছে ।

"কেন কুয়েৰ 3.0"ৰ অংশগ্ৰহণ কৰা শিল্পীসকলৰ ভিতৰত আছে ৰুদ্ৰ কিশোৰ মণ্ডল, কুইন জি তালুকদাৰ (আমন্ত্ৰিত শিল্পী), অজয় মাহাতো, পৰিজিত মহাপাত্ৰ, দীপক চেত্ৰী, আনিজ শইকীয়া, শিঞ্জিনী বসু, সৃজনী চেতিয়া, আফ্ৰিদ আলী, হৃদয়দীপ ৰয়, গ্ৰীষ্ম শৰ্মা, জ্যোতি নাথ । মন কৰিবলগীয়া যে এই শিল্পীসকলৰ প্ৰায় সকলো শিল্পীয়েই কুয়েৰ সম্প্ৰদায়ৰ সদস্য ৷ এই শিল্পীসকলৰ শিল্পকৰ্মই লিংগ, যৌনতা আৰু সাংস্কৃতিক দৃষ্টিভংগীক প্ৰতিফলিত কৰিছে ৷

একমাত্ৰ সাধাৰণ অনুভৱী শিল্পী তথা আমন্ত্ৰিত চিত্ৰশিল্পী হিচাপে অংশগ্ৰহণ কৰে কুইন জি তালুকদাৰে । তেওঁ এই চিত্ৰ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি সেই সম্প্ৰদায়ৰ বিষয়ে বহু অভিজ্ঞতা আহৰণ কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰে । তেওঁ কয় যে, প্ৰদৰ্শনীৰ বিষয়বস্তুও মূলতে এয়াই । ৬দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই প্ৰদৰ্শনীখনে দৰ্শনাৰ্থীসকলক ইয়াৰ আকৰ্ষণীয় প্ৰদৰ্শন আৰু মননশীল শিল্পকৰ্মৰ দ্বাৰা আপ্লুত কৰি তোলে ৷

এই চিত্ৰ প্ৰদৰ্শনীখনে "কেন কুয়েৰ 3.0"-য়ে কলা জগত আৰু সমাজ দুয়োটাৰে ওপৰত এক স্থায়ী প্ৰভাৱ পেলোৱাৰ লগতে কুয়েৰ সম্প্ৰদায়ৰ শিল্পীসকলে ভৱিষ্যতেও সুকুমাৰ কলা জগতলৈ অৱদান আগবঢ়াব বুলি আশা কৰা হৈছে ৷ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট চিত্ৰশিল্পী আমিৰুল হক আৰু অতুল চন্দ্ৰ বৰুৱা উপস্থিত থাকি প্ৰশংসাৰে ওপচাই তোলে ।

লগতে পঢ়ক: Broken Wooden Bridge: মৰণফান্দলৈ পৰিণত হৈছে এখন কাঠৰ দলং

Last Updated : Jun 29, 2023, 9:06 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.