ETV Bharat / state

Assam Assembly Tree Felling Row: নিৰ্মাণকাৰ্য চলিলে গছ কাটিব লগাটো স্বাভাৱিক: বিশ্বজিত দৈমাৰী

author img

By

Published : Jul 6, 2023, 8:03 PM IST

গছৰ সন্দৰ্ভত পুনৰ মন্তব্য অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ । এইবাৰ শাসকীয় দলৰ বিধায়ক মৃণাল শইকীয়াই সামাজিক মাধ্যমত নিশা অসম বিধানসভাৰ চৌহদত গছ কটা বুলি এক অভিযোগ উত্থাপন কৰিছিল । ইয়াৰ প্ৰত্যুত্তৰত অসম বিধানসভাৰ অধ্যক্ষগৰাকীয়ে আগবঢ়াই আন এক বিস্ফোৰক মন্তব্য ।

speaker of Assam Assembly  reacts on felling of trees
নিৰ্মাণকাৰ্য চলিলে গছ কাটিব লগাটো স্বাভাৱিক
অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী

গুৱাহাটী,৬ জুলাই: "আন্তঃগাঁথনি নিৰ্মাণ কৰিবলৈ গ'লে কিছুমান গছ কাটিবলগীয়া হ'ব পাৰে । গছ ৰাখি নিৰ্মাণকাৰ্য টেৰা-বেঁকাকৈ কৰিব নোৱাৰি ।" এই মন্তব্য অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ । বৃহস্পতিবাৰে অধ্যক্ষৰ সভাকক্ষত আয়োজন কৰা এখন সংবাদমেলত বিধানসভা চৌহদত গছ কটাক লৈ অধ্যক্ষগৰাকীক প্ৰশ্ন কৰা হৈছিল । তাৰ উত্তৰত অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে কয় যে বিধানসভা সচিবালয়ত বৰ্তমান নিৰ্মাণকাৰ্য চলি আছে ।

অসম বিধানসভাৰ চৌহদত ১৫ বছৰ পূৰ্বৰ পৰা ভৱনৰ পৰা আদি কৰি আৱাসগৃহৰ বাবে মাষ্টাৰ প্লেন কৰি আছে । সেয়ে বিভিন্ন আন্তঃগাঁথনিৰ সাল সলনি চলি আছে । বিধানসভাৰ আন্তঃগাঁথনি নিৰ্মাণ কৰিবলৈ যাওঁতে কিছু গছ কাটিবলগীয়া হোৱাটো স্বাভাৱিক কথা । পৰিকল্পনা অনুসৰি আন্তঃগাঁথনিৰ কাম চলি আছে । এজোপা গছ কটাৰ পৰিৱৰ্তে আন এজোপা গছ ৰোপন কৰা হ'ব বুলি উল্লেখ কৰে অধ্যক্ষগৰাকীয়ে ।

অসমৰ আইন অনুসৰি নিজৰ গছ কাটোতে কোনো অনুমতি ল'ব নালাগে । কেৱল ৰাজহুৱা স্থানৰ গছ-গছনিতহে হাত দিব নোৱাৰিব বুলি উল্লেখ কৰে বিশ্বজিত দৈমাৰীয়ে । লগতে তেওঁ কয় যে, গছ কাটিলে দুখ লাগেই । সেইবুলি বিভ্ৰান্তিৰ সৃষ্টি কৰিব নালাগে । কাৰণ বিধানসভাৰ চৌহদত এতিয়া নহয় পূৰ্বৰে পৰা গছ কাটি অহা হৈছে ।

উল্লেখ্য যে বিধানসভা চৌহদত নিশা গছ কটাৰ বিষয়টো সামজিক মাধ্যম যোগে চৰ্চালৈ আনিছিল শাসকীয় দলৰ বিধায়ক মৃণাল শইকীয়াই । ইয়াৰ পাচতেই এই বিষয়টোক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । এই সন্দৰ্ভত অধ্যক্ষ দৈমাৰীয়ে নাম উল্লেখ নকৰাকৈ কয় যে নতুনকৈ বিধায়ক আৱাস নিৰ্মাণ কৰাৰ সময়তো গছ কটা হৈছিল ।

বৰ্ত্তমান বিধায়কগৰাকী বিধায়ক আৱাসৰ যিটো অট্টালিকাত আছে সেইটো গছ কাটিয়ে নিৰ্মাণ কৰা হৈছে । নিৰ্মাণকার্য চলিলে গছ কাটিবই লাগিব । পৰিকল্পনা অনুসৰি বিধানসভা চৌহদত নিৰ্মাণকাৰ্য চলাই থকা হৈছে । গছ কাটিলেও ৰোপণৰো ব্যৱস্থা কৰা হৈছে । তেওঁ লগতে কয় যে অসম বিধানসভাৰ নতুন ভৱন ৩০ জুলাইত মুকলি কৰা হ'ব । লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আনুষ্ঠানিকভাৱে ইয়াৰ শুভ উদ্বোধন কৰিব ।

আনহাতে বিধানসভাৰ সচিবালয় চলিত বৰ্ষৰ শেষৰফালে মুকলি কৰিব পৰা যাব বুলি তেওঁ উল্লেখ কৰে । তেওঁ লগতে কয় যে নতুন বিধানসভা চৌহদত ২৫ জুলাইত গছপুলি ৰোপন কৰা হ'ব । গছ কাটিলেও গছ পুলি ৰোপনৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ কয় ।

লগতে পঢ়ক: Road accident in Jorhat: যমদূতৰূপী পথ! খালত সোমাল এম্বুলেন্স

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.