ETV Bharat / state

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল'লে সৰ্বানন্দ সোণোৱালে - গুৱাহাটী চিকিত্সা মহাবিদ্যালয়

গুৱাহাটী চিকিত্সা মহাবিদ্যালয় হাস্পতালত উপস্থিত মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল'লে সোণোৱালে। গগৈৰ আশু আৰোগ্য কামনা কৰিলে মুখ্যমন্ত্ৰীয়ে।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল'লে সৰ্বানন্দ সোণোৱালে

author img

By

Published : Nov 5, 2020, 7:30 PM IST

গুৱাহাটী, ৫ নৱেম্বৰ: দেওবাৰৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বৃহস্পতিবাৰে জি এম চি এইচত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ লয়। তৰুণ গগৈৰে কিছু সময় বাৰ্তালাপো কৰে মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

সাংবাদিকৰ সন্মুখত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, 'প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ মোৰ বাবে পিতৃস্বৰূপ আৰু মই আজি তেওঁৰ পুত্ৰৰ ৰূপত তেওঁক সাক্ষাৎ কৰিবলৈ আহিছো।' প্ৰাক্তন মুখ্য়মন্ত্ৰীগৰাকীৰ স্বাস্থ্য়ৰ অৱস্থাৰ বিষয়ত চিকিৎসকৰ সৈতেও কথা পাতে সোণোৱালে। তেওঁ লগতে কয় যে, জি এম চি এইচৰ জ্যেষ্ঠ চিকিৎসক সকলে প্ৰাক্তন মুখ্য়মন্ত্ৰীগৰাকীৰ চিকিৎসা কৰি আছে। ক্ৰমান্বয়ে তেওঁৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ হৈছে বুলিও প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

তেওঁ ইয়াকো কয় যে, 'প্ৰাক্তন মুখ্য়মন্ত্ৰী তৰুণ গগৈ আমাৰ অগ্ৰজৰ দৰে আৰু ৰাজ্যবাসীৰ স্বাৰ্থত তেওঁৰ সৈতে লগ হৈ আমাৰ বহুত কাম কৰিবলগীয়া আছে।' তৰুণ গগৈক জি এম চি এইচ প্ৰদান কৰি থকা চিকিৎসাক লৈ সন্তুষ্টি প্ৰকাশ কৰে সোণোৱালে। মুখ্য়মন্ত্ৰী সোণোৱালৰ সৈতে হৃষিকেশ গোস্বামীয়েও তৰুণ গগৈক সাক্ষাৎ কৰে।

লগতে পঢ়ক:নগাঁও আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহত জড়িত স্বামী স্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.