শিক্ষা বিভাগৰ পৰা অব্যাহতি সিদ্ধাৰ্থ ভট্টাচাৰ্যক - RIHAN DAIMIARI MINISTER
ৰাজ্য চৰকাৰৰ কেবিনেটৰ ব্যাপক সালসলনি ৷ শনিবাৰে দুটা বিভাগৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে দুগৰাকীকৈ বিধায়কে ৷ বিপৰীতে পূৰ্বৰ পৰা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ দুগৰাকী মন্ত্ৰী ক্ৰমে ৰিহণ দৈমাৰী আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যক আতৰোৱা হৈছে পূৰ্বৰ দপ্তৰৰ পৰা ৷ দুটা নতুন দপ্তৰৰ দায়িত্ব দিয়া হৈছে দুয়োগৰাকী মন্ত্ৰীকে ৷

গুৱাহাটী,১৮ জানুৱাৰীঃ শিক্ষা বিভাগৰ দায়িত্বৰ পৰা সিদ্ধাৰ্থ ভট্টাচাৰ্যক অব্যাহতি দিলে মুখ্যমন্ত্ৰীয়ে । শনিবাৰে সন্ধিয়া নতুনকৈ বিতৰণ কৰা হয় মন্ত্ৰীৰ দপ্তৰসমূহ । সেইমৰ্মে শিক্ষা বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে ডঃ হিমন্তবিশ্ব শৰ্মাক ।

একেদৰে শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰূপে দায়িত্ব দিয়া হৈছে ভবেশ কলিতাক । উল্লেখ্য যে, ইয়াৰ পূৰ্বে ভৱেশ কলিতাক জলসিঞ্চন বিভাগৰো দায়িত্ব দিয়া হৈছিল ৷ আনহাতে মন্ত্ৰী ৰিহণ দৈমাৰীৰ পৰা সমবায় বিভাগটো কৰ্তন কৰি এইবাৰ দায়িত্ব ন্যস্ত কৰা হৈছে পূৰ্বৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক। সমান্তৰালভাৱে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীৰ দায়িত্বত থকা পীযুষ হাজৰিকাক অতিৰিক্ত ভাৱে অৰ্পণ কৰা গৈছে নগৰ উন্নয়ন বিভাগৰ দায়িত্ব

ইপিনে আজি শপত গ্ৰহণ কৰা মাহমৰাৰ বিধায়ক যোগেন মহনক গড়কাপ্তানী আৰু ৰাজহ বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে দায়িত্ব দিয়াৰ লগতে তিনিচুকীয়াৰ সঞ্জয় কিষাণক শ্ৰম আৰু নিয়োগৰ লগতে চাহ জনজাতি উন্নয়ন বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী ৰূপে দায়িত্ব দিয়া হৈছে ৷ উল্লেখ্য যে, যোগেন মহন আৰু সঞ্জয় কিষাণ দুয়ো প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈ আহিছিল ৷

লগতে চাওকঃ মিজোৰাম সীমান্তত উত্তপ্ত পৰিস্তিতিঃ অসমৰ মাটিত মিজোৰ আগ্ৰাসন