ETV Bharat / state

গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰৰ - ফাৰ্ডিনন্দ লিংডো মেঘালয়

বাহনত অগ্নিদগ্ধ হৈ মৃত্যু হয় মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত ই কে মাওলঙৰ পুত্ৰ তথা তুৰাৰ কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ কমিউনিটী ছায়েন্স কলেজৰ সহকাৰী অধ্যাপক ফাৰ্ডিনন্দ বি লিংডোৰ । ৰিভয় জিলাত ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয় ।

গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰৰ

author img

By

Published : Oct 3, 2021, 4:29 PM IST

গুৱাহাটী,৩ অক্টোবৰ : এক শোকাৱহ ঘটনা সংঘটিত হৈছে চুবুৰীয়া ৰাজ্য মেঘালয়ত । ৰাজ্যখনৰ উমছামলেম গাঁৱত সংঘটিত হৈছে এই শোকাৱহ ঘটনা । পথৰ দাঁতিত জ্বলি উথিল এখন বাহন ৷ বাহনৰ ভিতৰত অগ্নিদগ্ধ হৈ মৃত্যু হৈছে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ তথা তুৰাৰ কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ কমিউনিটী ছায়েন্স কলেজৰ সহকাৰী অধ্যাপক ফাৰ্ডিনন্দ বি লিংডোৰ (Ferdinand Banshan Lyngdoh) ।

শনিবাৰে সংঘটিত হয় এই শোকাৱহ ঘটনাটো । নিহত ফাৰ্ডিনন্দ লিংডো মেঘালয়ৰ কংগ্ৰেছ বিধায়ক জৰ্জ বি লিংডোৰ জ্যেষ্ঠ ভাতৃ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত ই কে মাওলঙৰ পুত্ৰ । জানিব পৰা মতে, তেওঁ শ্বিলঙলৈ আহি থকাৰ সময়তে ৰিভয় জিলাত ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয় । দীঘলীয়া যাত্ৰা কৰি ভাগৰ লগাত পথৰ কাষত গাড়ীখন ৰখাই তেওঁ জিৰণী লৈছিল ।

সেই সময়তে গাড়ীখনত কিবা বিজুতি ঘটি জুইৰ সূত্ৰপাত হয় আৰু মূহুৰ্ততে জুয়ে আৱৰি ধৰে গাড়ীখন । জুইৰ লেলিহান শিখাই আগুৰি ধৰাৰ পিছত প্ৰচণ্ড বিস্ফোৰণ ঘটে গাড়ীখনত । ঘটনাস্থলীতে তেওঁ প্ৰাণ হেৰুৱাই । এই ঘটনাত ৰাজ্যখনত শোকৰ ছাঁ পৰিছে । ঘটনাৰ পিছতে ড৹ মুকুল ছাংমাসহ কেইবাগৰাকী কংগ্ৰেছ নেতাই নিহত লিংডোৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । মুখ্যমন্ত্ৰী কনৰাড চাংমায়ো তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ।

লগতে পঢ়কঃ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে মুকলি কৰিলে উত্তৰ-পূবৰ প্ৰথমটো পেট-এম আৰ আই শাখা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.