ETV Bharat / state

জনতাৰ কাৰ্ফিউৰ সফল পৰিক্ৰমা ঢোলৰ ওজা সোমনাথ বৰাৰ - somnath borah and janata carfew

জনতাৰ সান্ধ্য আইন মানি ঘৰৰ বাহিৰলৈ আজি ওলাই যোৱাৰ পৰা বিৰত থাকিল মহানগৰবাসী ৷ সমান্তৰালকৈ ঢোলৰ সম্ৰাট সোমনাথ বৰাইয়ো নিজ পুত্ৰ কন্যাৰ সৈতে ঢোল, ভোৰতাল আৰু শংখ বজাই কৰিলে জনতাৰ কাৰ্ফিউৰ সফল পৰিক্ৰমা ৷

জনতাৰ কাৰ্ফিউৰ সফল পৰিক্ৰমা সোমনাথ বৰাৰ
জনতাৰ কাৰ্ফিউৰ সফল পৰিক্ৰমা সোমনাথ বৰাৰ
author img

By

Published : Mar 22, 2020, 8:15 PM IST

গুৱাহাটী, 22 মাৰ্চঃ মহানগৰীত পুৱাৰে পৰা শূন্য ৰাজপথ ৷ ঘৰৰ বাহিৰলৈ আজি ওলাই যোৱাৰ পৰা বিৰত থাকিল মহানগৰবাসী ৷ উদেশ্য মাথো এটাই, কৰ'ণা ভাইৰাছৰ দৰে ভয়াৱহ ৰোগ যাতে সিঁচৰিত নহয় ৷ জনতাৰ সান্ধ্য আইন জাৰিৰ দিনটোত সন্ধিয়া ঠিক 5 বজাৰ লগে লগে মহানগৰীৰ ঘৰে ঘৰে বাজি উঠিল হাত চাপৰি, শংখ ধ্বনিৰ লগতে উৰুলি ৷

জনতাৰ কাৰ্ফিউৰ সফল পৰিক্ৰমা ঢোলৰ ওজা সোমনাথ বৰাৰ

সমান্তৰালকৈ ঢোলৰ সম্ৰাট সোমনাথ বৰায়ো নিজ পুত্ৰ কন্যাৰ সৈতে ঢোল, ভোৰতাল আৰু শংখ বজাই কৰিলে জনতাৰ কাৰ্ফিউৰ সফল পৰিক্ৰমা ৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই আহ্বানক সমৰ্থন কৰে বুলি জনায় ঢোলৰ ওজা গৰাকীয়ে ৷ লগতে জনতাই আজি এই সান্ধ্য আইন মানি কৰ'ণা মহামাৰী সংক্ৰমণক যি শিকলি, সেই শিকলিডাল সকলোৰে মংগলৰ বাবে ভাঙি পেলোৱাৰ চেষ্টা কৰিলে বুলিও উল্লেখ কৰে সোমনাথ বৰাই ৷

লগতে পঢ়কঃ জনতাৰ সান্ধ্য আইন সমৰ্থন শিলচৰৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.