ETV Bharat / state

শিক্ষান্ত পৰীক্ষাৰ মৃল্যায়নক লৈ অসন্তুষ্ট ৰঙিয়াৰ একাংশ ছাত্ৰ-ছাত্ৰী - ভাৰপ্ৰাপ্ত প্ৰধান অধ্যক্ষ

পৰীক্ষা অনুষ্ঠিত নকৰাকৈয়ে চলিত বৰ্ষত ঘোষণা কৰা হ’ল বহু প্ৰতীক্ষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC EXAM) আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল (HS EXAM RESULT) । বিকল্প মূল্যায়ন পদ্ধতিৰ আধাৰত ফলাফল ঘোষণাৰ পিছতে বহুকেইখন বিদ্যালয়ৰ পৰীক্ষাৰ ফলাফল বিসংগতিপূৰ্ণ বুলি ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকে অভিযোগ কৰিছে ৷

hs-and-hslc-result
শিক্ষান্ত পৰীক্ষাৰ মৃল্যায়নক লৈ অসন্তুষ্ট ৰঙিয়াৰ একাংশ ছাত্ৰ-ছাত্ৰী
author img

By

Published : Jul 31, 2021, 10:40 PM IST

ৰঙিয়া, 31 জুলাই : ক'ভিড বিশেষ পৰিস্থিতিৰ মাজতে ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC EXAM) আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল (HS EXAM RESULT) । যাৰ বাবে বিগত বৰ্ষবোৰৰ দৰে এইবছৰ ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ মাজত দেখা পোৱা নগ’ল বিশেষ উৎসাহ । ৰঙিয়াতো বহুকেইখন বিদ্যালয়ৰ ফলাফল বিসংগতি পূৰ্ণ হোৱাৰ অভিযোগ উত্থাপন হৈছে । ৰঙিয়াৰ আৰিমত্ত বিদ্যাপীঠ, প্ৰেগমেটিক একাডেমীকে ধৰি কেইবাখনো বিদ্যালয়ৰ ফলাফলক লৈ উত্থাপন হৈছে এই অভিযোগ ৷

hs-and-hslc-result
শিক্ষান্ত পৰীক্ষাৰ মৃল্যায়নক লৈ অসন্তুষ্ট ৰঙিয়াৰ একাংশ ছাত্ৰ-ছাত্ৰী

বিদ্যালয়কেইখনৰ বিৰুদ্ধে পৰীক্ষাৰ মূল্যায়ন ছাত্ৰ-ছাত্ৰীৰ মেধাৰ ভিত্তিত নোহোৱাৰ অভিযোগ উত্থাপন হৈছে । অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীয়ে জানিবলৈ দিয়া মতে তেওঁলোকৰ বিগত সময়ৰ পৰীক্ষাৰ নম্বৰক লৈ শনিবাৰে ঘোষিত চূড়ান্ত ফলাফলৰ কোনো সামঞ্জস্য নাই । কিয়নো তেওঁলোকে পূৰ্বৰ পৰীক্ষাৰ নম্বৰৰ তুলনাত চূড়ান্ত ফলাফলত বেছি নম্বৰ পাব লাগিছিল ।

লক্ষণীয়ভাৱে বহু ছাত্ৰ-ছাত্ৰীৰ নম্বৰটো নাবাঢ়িলেই, বৰং পূৰ্বতকৈ হ্ৰাসহে পালে । এনে ঘটনাত দুখ আৰু ক্ষোভত ভাগি পৰিছে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকল । ইফালে একাংশ অভিভাৱক, ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয় কৰ্তৃপক্ষই উচ্চতৰ মাধ্যমিক সংসদত সংঘটিত খেলি-মেলিৰ বাবে এনে বিসংগতি হোৱা বুলি আঙুলি টোৱাইছে ।

সম্ভাৱ্য প্ৰাপ্য নম্বৰৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা সংসদ ন্যায় দিবলৈ অনুৰোধ জনায় ৷ ৰঙিয়াৰ আৰিমত্ত বিদ্যাপীঠৰ ভাৰপ্ৰাপ্ত প্ৰধান অধ্যক্ষই পৰীক্ষাৰ ফলাফলৰ বিসংগতিত বিদ্যালয় কৰ্তৃপক্ষৰ পৰিৱৰ্তে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ জড়িত বুলি গুৰুতৰ অভিযোগ কৰে । তেওঁলোকে ছাত্ৰ-ছাত্ৰীসকলৰ মূল্যায়নৰ নম্বৰ শিক্ষা সংসদলৈ প্ৰেৰণ কৰাৰ কথা জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : HSSLC ৰ ফলাফল : কলা শাখাত উত্তীৰ্ণৰ হাৰ ২০.৬৫ শতাংশলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.