ETV Bharat / state

BJP on Satra Land Enchrochment: সত্ৰৰ ভূমি বেদখলত কংগ্ৰেছৰ নেতা-পালিনেতা জড়িত !

author img

By

Published : Feb 4, 2022, 9:34 PM IST

Updated : Feb 4, 2022, 10:36 PM IST

সত্ৰৰ ভূমি বেদখল কংগ্ৰেছৰ নেতা-পালিনেতাৰ সত্ৰৰ ভূমি বেদখলকাৰীসকলৰ ভিতৰত কংগ্ৰেছ দলৰ বহুত নেতা-পালিনেতা আছে ৷ সত্ৰৰ ভূমি বেদখল(Satra Land Enchrochment)ত কংগ্ৰেছৰ নেতাৰ পৃষ্ঠপোষকতা আছে ৷ সেইবাবেই কংগ্ৰেছ দলটোৱে নিৰাপদ দূৰত্বত অৱস্থান কৰি আছে আৰু দলটোৱে শ্বেৰমান আলিক সমৰ্থন কৰিছে ৷ এই মন্তব্য বিজেপিৰ মুখপাত্ৰৰ ৷

Satra Land Enchrochment
সত্ৰৰ ভূমি বেদখলত কংগ্ৰেছৰ নেতা-পালিনেতা জড়িত!

গুৱাহাটী, ৪ ফেব্ৰুৱাৰী: প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিধায়ক শ্বেৰমান আলীক সমৰ্থন কৰিছে । এই বক্তব্য ৰাজ্যিক বিজেপিৰ । আজি ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কার্যালয়ত এখন সংবাদমেল সম্বোধন কৰি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তই এইদৰে কয় ।

বিজেপিৰ মুখপাত্ৰগৰাকীয়ে কয় যে, শ্বেৰমান আলীয়ে মহাপুৰুষীয়া পৰম্পৰা, সংস্কৃতিৰে সমৃদ্ধ সত্ৰৰ মাটি বেদখল কৰাসকলক উচটনি দিয়াই নহয় সত্ৰৰ মাটিৰ খুঁটা ভাঙি দিয়াৰ দৰে জঘন্য দুষ্কার্য সংঘটিত কৰাৰ পিছতো প্ৰদেশ কংগ্ৰেছৰ সভাপতপেন বৰা নীৰৱে থকাটো দুর্ভাগ্যজনক । কংগ্ৰেছৰ নিৰ্লিপ্ততা আৰু পৃষ্ঠপোষকতাতেই বিগত সময়ছোৱাত অসমৰ বিভিন্ন প্ৰান্তত মহাপুৰুষীয়া পৰম্পৰাৰে সমৃদ্ধ সত্ৰসমূহত অবাধ গতিত বেদখল সংঘটিত হৈছিল বুলি অভিযোগ কৰি তেওঁ কয় যে, আজিও কংগ্ৰেছ দলে সত্ৰৰ ভূমি বেদখলকাৰীসকলৰ পক্ষত অৱস্থান গ্ৰহণ কৰিছে ৷

BJP on Satra Land Enchrochment: সত্ৰৰ ভূমি বেদখলত কংগ্ৰেছৰ নেতা-পালিনেতা জড়িত !

তেওঁ কয় যে, কংগ্ৰেছ চৰকাৰৰ দিনত সত্ৰসমূহক কোনোধৰণে সহযোগ কৰা হোৱা নাছিল । বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পিছত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সত্ৰসমূহ সমৃদ্ধিশালী কৰাৰ বাবে সত্ৰসমূহৰ বেদখলকৃত ভূমি(Satra Land Enchrochment) মুক্ত কৰাৰ বাবে বিধায়ক প্ৰদীপ হাজৰিকাক কেবিনেট মর্যদাৰে অধ্যক্ষ হিচাপে লৈ সত্ৰ আয়োগ গঠন কৰা হৈছে । য'ত বিধায়কদ্বয় মৃণাল শইকীয়া আৰু ৰূপক শৰ্মাক ৰাজ্যিক মন্ত্ৰীৰ মর্যদাৰে সদস্য হিচাপে লৈ আয়োগে ইতিমধ্যে সত্ৰসমূহৰ বেদখল সম্পর্কীয় আইনী কামকাজ আৰম্ভ কৰিছে । এনে অৱস্থাত কংগ্ৰেছ দলৰ এগৰাকী বিধায়কৰ এনে বিধি-পথালি আৰু ভূপেন বৰাৰ দৰে নেতাৰ নিৰ্লিপ্ততাই কংগ্ৰেছ দলৰ চৰিত্ৰটো ৰাইজৰ সন্মুখত স্পষ্ট কৰিছে ।

মুখপাত্ৰজনে লগতে কয় যে, কংগ্ৰেছ দলৰ ভিতৰত জিন্নাপন্থীসকল এতিয়া শক্তিশালী হৈছে । তাৰবাবে এইসকল নেতাই সত্ৰ বেদখলৰ দৰে স্পর্শকাতৰ বিষয়ত জপিয়াই পৰি সত্ৰৰ খুঁটাত পদাঘাট কৰিবলৈ সাহস কৰিছে (Sherman Ali contoversy)। কংগ্ৰেছ দলৰ এগৰাকী বিধায়কৰ বাবে বৰপেটা সত্ৰৰ দৰে ঐতিহ্যমণ্ডিত সত্ৰৰ সত্ৰাধিকাৰে নিজে থানালৈ গৈ এজাহাৰ দিব লগা হোৱাটো এটা অতি পৰিতাপৰ ঘটনা বুলি তেওঁ কয় ।

কংগ্ৰেছ চৰকাৰৰ দিনতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা সত্ৰৰ ভূমি বেদখল হৈছিল বুলি অভিযোগ কৰি সুভাষ দত্তই কয় যে, কংগ্ৰেছ চৰকাৰৰ পৃষ্ঠপোষকতাতেই জনিয়া সত্ৰৰ পুখুৰীৰ দক্ষিন পাৰে শ শ বিঘা মাটি বেদখলকাৰীৰ কৱলত পৰিল । সেই ঐতিহ্যমণ্ডিত সত্ৰসমূহৰ ভূমি বেদখলমুক্তৰ কাম ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকাৰৰ দিনত আৰম্ভ হ'ল । বটদ্ৰৱা থানৰ বেদখলমুক্ত কৰা ৩৫৫ বিঘা ভূমি এতিয়া ড৹ হিমন্ত বিশ্ব শর্মা চৰকাৰে বিশ্ব মানদণ্ডৰ প্ৰকল্প স্থাপনৰ বাবে কাম আৰম্ভ কৰিছে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ স্মৃতি বিজড়িত পাটবাউসী সত্ৰতো বেদখলমুক্ত কৰি এক প্ৰকল্প স্থাপনৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিভাগীয় কতৃর্পক্ষক প্ৰাক-কলন প্ৰস্তুত কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে । অসমৰ অন্যান্য সত্ৰসমূহকো জিলিকাই তুলিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰচেষ্টা হাতত লৈছে বুলি তেওঁ কয় । এনে অৱস্থাত কংগ্ৰেছ দলৰ স্বৰূপটো ৰাইজৰ সন্মুখত ক্ৰমাৎ স্পষ্ট হ'বলৈ আৰম্ভ কৰিছে ।

মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰ সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে দৃঢ়সংকল্পবদ্ধ আৰু সত্ৰসমূহক বিশ্ব মানদণ্ডৰ আন্তঃগাঁথনি নির্মাণৰ বাবে আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও কয় সুভাষ দত্তই । এইক্ষেত্ৰত শ্বেমান আলীৰ দৰে প্ৰতিক্ৰিয়াশীল সাস্প্ৰদায়িক কংগ্ৰেছী নেতাৰ হাজাৰ প্ৰত্যাহ্বানেও প্ৰদীপ হাজৰিকা আয়োগৰ আৰু অসম চৰকাৰৰ কামকাজ স্থবিৰ কৰিব নোৱাৰিব বুলি তেওঁ কয় । সংবাদমেলত ৰাজ্যিক বিজেপিৰ মুখপাতেৰ পংকজ বৰবৰুৱা, কল্যাণ গগৈ, ড৹ জুৰি শৰ্মা বৰদলৈ, সংবাদ কোষৰ আহ্বায়ক ঋতুপর্ণ তামুলী ফুকনো উপস্থিত আছিল ।

লগতে পঢ়ক: আমি সত্ৰৰ সপক্ষে থাকি মৃত্যু হ'বলৈ সাজু : ডেকা সত্ৰীয়া অপূৰ্ব অধিকাৰী

Last Updated : Feb 4, 2022, 10:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.