ETV Bharat / state

Lok Sabha election 2024: ২০২৪ ৰ লোকসভাত বিজেপিৰ কোন কোন সাংসদৰ কটা যাব টিকট ? - Election news

লোকসভা নিৰ্বাচনক লৈ ইতিমধ্য়ে কুচকাৱাজ তুংগত উঠিছে ৰাজনৈতিক দল সমূহৰ ৷ বিজেপি মিত্ৰজোঁটে অসমত কিদৰে কৰিব আসনৰ ভাগ-বাটোৱাৰা, কোন সমষ্টিত কাক দিয়া হ’ব প্ৰাৰ্থিত্ব ? কোন কোন সাংসদে এইবাৰ নাপাব টিকট ? সবিশেষ সামৰি এক বিশেষ প্ৰতিবেদন ৷

Sitting BJP MPs Ticket equations in Assam
Lok Sabha election 2024
author img

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 10:41 PM IST

গুৱাহাটী, ১৪ নৱেম্বৰ : যিমানেই ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ সময় চমু চাপি আহিছে সিমানেই মুখ্যমন্ত্ৰীকে ধৰি বিজেপিৰ নেতা, মন্ত্ৰী-বিধায়কৰ দাবী যে অসমত এইবাৰ ১৪ আসনৰ ভিতৰত ১১তকৈ অধিক আসন লাভ কৰিব বিজেপিয়ে ৷ কিন্তু ২০২৪ক লৈ বিজেপিৰ অংক কি ? বিজেপিৰ শেহতীয়া সমীকৰণ কি ? এই লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে ৰাজ্যজুৰি ৷ কিয়নো ইতিমধ্যে বিজেপিৰ অসমৰ ৰাজনৈতিক অংকত প্ৰৱেশ ঘটিছে বিপিএফৰ ৷

এইবাৰ লোকসভা নিৰ্বাচনত ইমান দিনে ১১ টা সমষ্টিত বিজেপিয়ে নিজৰ প্ৰাৰ্থী থিয় কৰাব বুলি ঘোষণা কৰি আহিছিল যদিও শেহতীয়া পৰিস্থিতি সাপেক্ষে নতুনকৈ কিছু চিন্তা চৰ্চা কৰা আৰম্ভ কৰিছে । স্বাভাৱিকতে প্ৰশ্ন উঠিছে অসমত বিজেপিয়ে মুঠ কেইখন আসনত নিজে প্ৰতিদ্বন্দিতা কৰিব ? কেইখন আসন মিত্ৰজোঁটৰ বাবে এৰি দিব ? মিত্ৰজোঁটত অগপ-UPPL-AGPৰ উপৰিও বিপিএফৰো প্ৰৱেশ ঘটিব নেকি ? তেতিয়া সমীকৰণ কি হ’ব বিজেপিৰ ?

বৰ্তমান অসমৰ ১৪ খন লোকসভাৰ আসনৰ ভিতৰত ৯ খন বিজেপিৰ দখলত ৷ কংগ্ৰেছৰ দখলত ৩ খন, AIUDF ৰ দখলত ১খন আৰু ১ খন গণ সুৰক্ষা পাৰ্টীৰ দখলত ৷ বিজেপিয়ে কোন কেইখন আসনত এইবাৰ প্ৰতিদন্দিতা কৰিব ? কাক কাক প্ৰাৰ্থিত্ব দিব বিজেপিয়ে ? পূৰ্বৰ কোন কোন সাংসদ এইবাৰ বঞ্চিত হ’ব প্ৰাৰ্থিত্বৰ পৰা ?

লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ আৰম্ভ হোৱা নতুন সমীকৰণ অনুসৰি বিজেপিয়ে বিপিএফক লৈ নতুনকৈ চিন্তা কৰিছে । কোকৰাঝাৰ আসনখন UPPL ক দিলেও জয়ৰ বাবে জৰুৰী বড়ো ভোটৰ বিভাজন নোহোৱাটো ৷ বিপিএফৰ সমৰ্থন নহ’লে প্ৰায় সেয়া সম্ভৱপৰ নহয় ৷ সেয়ে নতুনকৈ গঠিত দৰং-ওদালগুৰি সমষ্টিটো বিজেপিয়ে বিপিএফক এৰি দিয়াৰ সম্ভাৱনাই বেছি ৷ বিপিএফ যদি বিজেপিৰ মিত্ৰ হয়গৈ তেতিয়া বৰ্তমান লুপ্ত হোৱা মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া দৰং-ওদালগুৰি সমষ্টিত বঞ্চিত হ’ব ৷ তেনে পৰিস্থিতিত বৰপেটা সমষ্টিৰ পৰা দিলীপ শইকীয়াক হয়তো প্ৰক্ষেপ কৰিব পাৰে বিজেপিয়ে ।

ইয়াৰ বিপৰীতে বৰপেটা লোকসভা সমষ্টিটো দাবী কৰি আহিছে মিত্ৰদল অগপই । এনে পৰিস্থিতিত অনিশ্চিত হৈ পৰিছে দিলীপ শইকীয়াৰো প্ৰাৰ্থিত্ব ৷ আনহাতে দুজনকৈ বিজেপি সাংসদে এইবাৰ লোকসভালৈ যাবলৈ বিশেষ আগ্ৰহী নহয় ৷ তাৰে প্ৰথমজন হ’ল তেজপুৰ সমষ্টিৰ পল্লৱলোচন দাস ৷ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বিজেপিলৈ অহা কেইবাজনো ৰাজ্যত মন্ত্ৰী হ’ল । সেয়ে মন্ত্ৰী হোৱাৰ ইচ্ছাৰে এইবাৰ পল্লৱলোচন দাসৰ ৰাজ্যৰ ৰাজনীতিলৈ উভতি আহিবৰ মন । সেয়ে বিজেপিয়ে এতিয়া তেজপুৰৰ ঠাইত শোণিতপুৰ হোৱা লোকসভা আসনখনত পল্লৱ লোচনৰ ঠাইত আন প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো প্ৰায় নিশ্চিত ।

পল্লৱলোচনৰ ঠাইত শোণিতপুৰত বিজেপিয়ে অগপৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি ব্যাপক চৰ্চা আৰম্ভ হৈছে ৷ শোণিতপুৰৰ কোনো এজন বিধায়কক লোকসভালৈ পঠিয়াই সেই সমষ্টিৰ পৰা পল্লৱলোচনক জয়ী কৰাই অনাৰ সমীকৰণো চৰ্চিত হৈছে ৷

আনজন হ’ল লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰদান বৰুৱা ৷ প্ৰদান বৰুৱাৰো এইবাৰ মন্ত্ৰী হোৱাৰ মন । লখিমপুৰ সমষ্টিৰ পৰা এইবাৰ কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ সম্ভাৱনা থাকিলেহে বোলে আগন্তুক লোকসভাত প্ৰাৰ্থী হোৱাৰ মন প্ৰদান বৰুৱাৰ । অন্যথা ৰাজ্যৰ ৰাজনীতিলৈ প্ৰত্যাগমন কৰাৰ ইচ্ছা প্ৰদান বৰুৱাৰো । সাংসদ হিচাবে যোৰহাট সমষ্টিৰ পৰা প্ৰদৰ্শন ভাল নহ’লেও তপন গগৈকে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পক্ষত বিজেপি । কোনো আন হাইপ্ৰফাইল নেতাৰ আগমন নঘটিলে তপন গগৈয়ে হ’ব যোৰহাটত বিজেপিৰ প্ৰাৰ্থী ৷

সলনি হোৱাৰ সম্ভাৱনা গুৱাহাটীৰ লোকসভাৰ বিজেপিৰ প্ৰাৰ্থী ৷ গুৱাহাটী লোকসভা সমষ্টিটো বিজেপিৰ বাবে সহজ জয়ৰ এটা সমষ্টি যদিও কুইন ওজাৰ বাবে বাধা হৈ থিয় দিছে বয়স, গণ সংযোগহীনতা আৰু দুৰ্বল প্ৰদৰ্শন ৷ সেয়ে বৰ্তমানৰ সাংসদ কুইন ওজাৰ ঠাইত আন এগৰাকী কোনো মহিলা প্ৰাৰ্থীকে বিজেপিয়ে প্ৰক্ষেপ কৰাৰ সম্ভাৱনা ।

আনহাতে, ডিফু সমষ্টিক লৈয়ো আন এক অংক চৰ্চালৈ আহিছে ৷ পাহৰীয়া সমষ্টি ডিফু লোকসভা সমষ্টিত বৰ্তমানৰ বিজেপি সাংসদ হৰেন সিং বেইক এইবাৰ প্ৰাৰ্থী হিচাবে বিচৰা নাই কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷ হৰেণ সিং বেই’ৰ বিকল্প প্ৰাৰ্থী বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অন্যতম ঘনিষ্ঠ আৰু বিশ্বাসী তুলিৰামে ৷ মুখ্যমন্ত্ৰী শৰ্মাই তুলিৰামৰ সপোনক সাৰ্থক কৰিব পাৰিবনে ?

বিজেপিৰ দখলত থকা শিলচৰ সমষ্টিটোৰ বৰ্তমানৰ সাংসদ ৰাজদীপ ৰয়ৰ পৰিৱৰ্তে বিজেপিয়ে নিশ্চিতভাৱে আন প্ৰাৰ্থী তাত প্ৰক্ষেপ কৰিব লাগিব ৷ কিয়নো শিলচৰ সমষ্টিটো সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত অনুসূচিত জাতিৰ বাবে সংৰক্ষিত হৈ পৰিল ৷ বৰ্তমানৰ সাংসদ ৰাজদীপ ৰয়ে প্ৰতিদ্বন্দিতা কৰাত বাধা আহি পৰিল । ৰাজদীপ ৰয়ৰ পৰিৱৰ্তে ৰাজ্যত দুটাকৈ কাৰ্যকাল মন্ত্ৰী সভাত থকা পৰিমল শুক্লবৈদ্যৰ নাম চৰ্চালৈ আহিছে শিলচৰৰ প্ৰাৰ্থী ৰূপে ৷

ডিব্ৰুগড়ত ৰামেশ্বৰ তেলীৰ প্ৰাৰ্থিত্ব একপ্ৰকাৰ নিশ্চিত ৷ আনহাতে নতুন সমষ্টি কাজিৰঙাৰ লগতে বৰ্তমান বিজেপিৰ দখলত নথকা নগাঁও সমষ্টিত নতুন মুখে প্ৰাধান্য পোৱাৰ পূৰ্ণমাত্ৰাই সম্ভাৱনা আছে । অৱশ্যে নিৰ্ভৰ কৰিব মিত্ৰজোঁট অগপক কি সমষ্টি এৰি দিব বিজেপিয়ে তাৰ ওপৰত ৷ কাইলৈ বুধবাৰে উত্তৰ গুৱাহাটীৰ আমিনগাঁৱত অনুষ্ঠিত হ’ব বিজেপি মিত্ৰজোঁটৰ এখন গুৰুত্বপূৰ্ণ বৈঠক ৷ এই বৈঠকৰ পিছতেই হয়তো স্পষ্ট হ’ব বিজেপি মিত্ৰজোঁটৰ আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ সমীকৰণৰ ৰূপ-ৰেখা ।

লগতে পঢ়ক: Lok sabha election 2024: মিত্ৰ দলৰে আনুষ্ঠানিক বৈঠক বাকী; আসনৰ হিচাপ-নিকাচ সম্পূৰ্ণ ৰাজ্যিক বিজেপিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.