ETV Bharat / state

গুৱাহাটীত এতিয়াও চলি আছে প্লাষ্টিকৰ ব্যৱহাৰ - মহানগৰীৰ গণেশগুৰি

চৰকাৰৰ নিষেধাজ্ঞা সত্বেও বজাৰত,ব্যৱসায়িক প্ৰতিষ্ঠান সমূহত ব্যৱসায়ী সকলে গ্ৰাহকক দি আছে প্লাষ্টিকৰ মোনা ৷ গুৱাহাটীৰ মাজমজিয়াতে চলি আছে প্লাষ্টিকৰ মোনাৰ ব্যৱহাৰ ৷ কাক ক'ব কোনে মানিব চৰকাৰৰ নিষেধাজ্ঞা ৷

গুৱাহাটীতে এতিয়াও চলি আছে প্লাষ্টিকৰ ব্যৱহাৰ
author img

By

Published : Nov 21, 2019, 11:11 PM IST

Updated : Nov 21, 2019, 11:39 PM IST

গুৱাহাটী, 21 নৱেম্বৰঃ প্লাষ্টিকৰ ভয়াৱহ প্ৰদূষণে গ্ৰাস কৰিছে সকলোতে ৷ যি সময়ত চিন্তা কৰিব লাগিছিল সেই সময়ত কৰা নহ'ল,তথাপিও বিশ্ব আজি প্লাষ্টিকৰ অপকাৰিতাক লৈ সন্ত্ৰষ্ট ৷ দেশত প্লাষ্টিকৰ বিৰুদ্ধে যিমানেই সজাগতা চলিছে তাৰ বিপৰীত দৃশ্যহে দেখা গৈছে ৰাজধানী গুৱাহাটীত ৷ চৰকাৰ,স্বেচ্ছাসেৱী সংগঠন,সংবাদ মাধ্যমে প্লাষ্টিকৰ ব্যৱহাৰ ৰোধ কৰাৰ বাবে উঠি পৰি লাগিলেও একাংশ লোকৰ এতিয়াও সুমতি হোৱা নাই ৷ গুৱাহাটী মহানগৰীত কোনেও নামানে নিয়ম ৷ চৰকাৰৰ নিষেধাজ্ঞা সত্বেও বজাৰত,ব্যৱসায়িক প্ৰতিষ্ঠান সমূহত ব্যৱসায়ী সকলে গ্ৰাহকক দি আছে প্লাষ্টিকৰ মোনা ৷ কিন্তি কাকনো বুলিবা ককা সকলোৰে দাঢ়ি চুলি পকাৰ দৰে গ্ৰাহকসকলেও আনন্দ মনেৰে ব্যৱহাৰ কৰিছে এবাৰ ব্যৱহৃত (Single Used Plastic) প্লাষ্টিকৰ মোনা ৷

গুৱাহাটীতে এতিয়াও চলি আছে প্লাষ্টিকৰ ব্যৱহাৰ
মহানগৰীৰ গণেশগুৰিত এতিয়া নিসংকোচে ব্যৱহাৰ কৰি আছে প্লাষ্টিকৰ পলিথিন ৷ কেৱল ব্যৱসায়ী সকলেই নহয় গ্ৰাহক সকলেও এইক্ষেত্ৰত আগবঢ়াইছে সহযোগিতা ৷ এইয়া কেৱল গনেশগুৰিতে নহয় মহানগৰীৰ সকলো ঠাইতে ব্যাপক হাৰত উপলব্ধ প্লাষ্টিকৰ পলিথিন। চৰকাৰে যিমানেই নিষেধাজ্ঞা জাৰি নকৰক কিয় প্লাষ্টিকৰ মোনা ব্যৱহাৰৰ ক্ষেত্ৰত গুৱাহাটীৰ মাজমজিয়াতে চলি আছে প্লাষ্টিকৰ মোনাৰ ব্যৱহাৰ ৷ কাক ক'ব কোনে মানিব চৰকাৰৰ নিষেধাজ্ঞা ৷ বিক্ৰেতাৰ সমান্তৰালভাৱে গ্ৰাহকসকল যদি সচেতন নহয় তেনেহ'লে প্লাষ্টিকৰ এবাৰ ব্যৱহৃত মোনাৰ ব্যৱহাৰ ৰোধ কৰাটো সম্ভৱ নহয় ৷ এই ক্ষেত্ৰত সকলো সজাগ হোৱাটো প্ৰয়োজন কিয়নো ভৱিষ্যত প্ৰজন্মৰ বাবে প্লাষ্টিকে লৈ আহিব ভয়ানক বিপদ ৷

লগতে পঢ়কঃ

Intro:সমগ্র দেশতে প্লাষ্টিকৰ প্ৰদূষণক লৈ শংকিত হৈ পৰিছে সকলো ।

Body:anchor...সমগ্র দেশতে প্লাষ্টিকৰ প্ৰদূষণক লৈ শংকিত হৈ পৰিছে সকলো । বিশেষকৈ গান্ধী জয়ন্তীৰ দিনটোৰ পৰা সকলোকে এই ক্ষেত্ৰত সজাগ হবলৈ চৰকাৰে আহ্বান কৰিছিল যদিও সেয়া কাৰ্যত হৈ নুঠিল । গুৱাহাটী মহানগৰীতো এতিয়া পূৰ্বৰ দৰেই উপলব্ধ প্লাষ্টিকৰ পলিথিনৰ লগতে অন্যান্য সামগ্ৰী

VO...ফুটুকাৰ ফেনতহে পৰিণত হ'ল প্লাষ্টিকৰ সামগ্ৰী বৰ্জন কৰা প্ৰক্ৰিয়া । সমগ্ৰ দেশতে গান্ধী জয়ন্তীৰ দিনটোৰ পৰা প্লাষ্টিকৰ সামগ্ৰী বৰ্জন কৰিবৰ বাবে সকলোকে আহ্বান জনাইছিল চৰকাৰে । সেই অনুসৰি সীমিত দিনৰ বাবে বজাৰৰ পৰা নোহোৱা হৈছিল প্লাষ্টিকৰ পলিথিনৰ লগতে অন্যান্য সামগ্ৰী । মূলতঃ প্ৰদূষণ ৰোধৰ বাবেই হাতত লোৱা এই পদক্ষেপক আদৰণি জনাইছিল সকলোৱে । কিন্তু মাত্ৰ সকলোৱে।কেইদিনমানৰ পাছতে বজাৰত উভৈনদী হ'ল প্লাষ্টিকৰ পলিথিন । এয়া মহানগৰীৰ গনেশগুৰিৰ দৃশ্য । অবাধ হাৰত ব্যৱহাৰ হৈছে প্লাষ্টিকৰ পলিথিন । কেনেদৰে পুনৰ বজাৰলৈ আহিল পলিথিন??কি কয় বিক্ৰেতাই ।

বাইট। (বিক্ৰেতা)

VO...গ্ৰাহক সকলো সজাগ নোহোৱাৰ বাবেই বজাৰত পুনৰ আহি পৰিছে প্লাষ্টিকৰ পলিথিন । কি কলে গ্ৰাহকে ।

বাইট। (গ্ৰাহক)

VO...গনেশগুৰিতে নহয় মহানগৰীৰ সকলো ঠাইতে এতিয়া ব্যাপক হাৰত উপলব্ধ প্লাষ্টিকৰ পলিথিন । এই ক্ষেত্ৰত। জনসাধাৰণ বিশেষভাৱে সজাগ হোৱাৰ সময় সমাগত । অন্যথা প্লাষ্টিকৰ অবাধ প্ৰচলনে ভয়ংকৰ পৰিবেশ সৃষ্টি কৰিব সমগ্ৰ দেশতে ।

Conclusion:লিপিকা ডেকা, গুৱাহাটী
Last Updated : Nov 21, 2019, 11:39 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.