ETV Bharat / state

তকা-পেঁপা বজাই ঘৰতেই ৰঙালীক আদৰিলে শিল্পী জীনা ৰাজকুমাৰীয়ে

author img

By

Published : Apr 16, 2020, 6:56 PM IST

হাতত তকা লৈ পেঁপা বজাই নিজ ঘৰতে হেঁপাহৰ ৰঙালী বিহু উদযাপন কৰিলে জনগোষ্ঠীয় গীতৰ শিল্পী জীনা ৰাজকুমাৰীয়ে ৷ লক ডাউনৰ সময়তো বাপতি সাহোন বিহুটিৰ পৰম্পৰা ৰক্ষা কৰিছে শিল্পীগৰাকীয়ে ৷

তকা-পেঁপা বজাই ঘৰতেই ৰঙালীক আদৰিলে শিল্পী জীনা ৰাজকুমাৰীয়ে
তকা-পেঁপা বজাই ঘৰতেই ৰঙালীক আদৰিলে শিল্পী জীনা ৰাজকুমাৰীয়ে

গুৱাহাটী, 16 এপ্ৰিল : জনগোষ্ঠীয় গীতৰ লগতে বিহুসুৰীয়া গীতেৰে ৰাইজৰ মন আপ্লুত কৰি অহা শিল্পী জীনা ৰাজকুমাৰীয়ে নিজ ঘৰখনকে বিহুমঞ্চলৈ ৰূপান্তৰিত কৰিছে । কেৱল অসমৰ নহয় বিশ্বৰ ভিন্ন প্রান্তত প্ৰতিটো বহাগতে অনুষ্ঠান পৰিৱেশন কৰি আহিছে জীনা ৰাজকুমাৰীয়ে। হাতত তকা লৈ বিহু গীত গাই বিহু উদযাপন কৰিছে শিল্পীগৰাকীয়ে।

কেৱল তকাই নহয়,ঘৰতে থাকি পেঁপা বজায়ো বিহু উদযাপন কৰিছে জীনা ৰাজকুমাৰীয়ে । লগতে স্ব-গৃহৰ পৰাই অসমবাসীক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে শিল্পীগৰাকীয়ে ।

লগতে পঢ়ক : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ মৃত ঢেকীয়াপতীয়া বাঘ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.