ETV Bharat / state

পঞ্চভূতত বিলীন কোকিলকণ্ঠী গায়িকা অৰ্চনা মহন্ত

author img

By

Published : Aug 27, 2020, 7:54 PM IST

Updated : Aug 28, 2020, 1:36 PM IST

‘জোনটি ওলালে, তৰাটি ওলাব’ গাবলৈ অৰ্চনা মহন্ত আজি আমাৰ মাজত নাই ৷ দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা শিল্পী অৰ্চনা মহন্তক এমাহ পূৰ্বে ভৰ্তি কৰোৱা হৈছিল মহানগৰীৰ হেল্থ চিটি হাস্পতালত ৷ সকলোৱে আশা কৰিছিল প্ৰিয় শিল্পীগৰাকী পুনৰ সুস্থ হৈ উঠিব ৷ শিল্পীগৰাকীৰ আশু-আৰোগ্য কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনাও জনাইছিল বহুতে ৷ কিন্তু সুস্থ হৈ ঘৰলৈ নাহিল শিল্পী অৰ্চনা মহন্ত ৷ অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক এক মহাশূন্যলৈ ৰূপান্তৰিত কৰি পৰলোকগামী হ’ল অৰ্চনা মহন্ত ৷

Singer Archana Mahanta Cremation guwahati assam etv bharat news
পঞ্চভূতত বিলীন কোকিলকণ্ঠী গায়িকা অৰ্চনা মহন্ত

নিউজ ডেস্ক,২৭ আগষ্ট: ওৰেটো জীৱন সুৰৰ সুধা নিগৰাই অজস্ৰ অনুৰাগীক মোহাচ্ছন্ন কৰি ৰাখিবলৈ সক্ষম হোৱা শিল্পী অৰ্চনা মহন্ত আৰু নাই ৷ বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীৰ নৱগ্ৰহ শ্মশানত পঞ্চভূতত বিলীন হ’ল শিল্পীগৰাকীৰ নশ্বৰ দেহ ৷ দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা শিল্পী অৰ্চনা মহন্তক এমাহ পূৰ্বে ভৰ্তি কৰোৱা হৈছিল মহানগৰীৰ হেল্থ চিটি হাস্পতালত ৷ সকলোৱে আশা কৰিছিল প্ৰিয় শিল্পীগৰাকী পুনৰ সুস্থ হৈ উঠিব ৷ শিল্পীগৰাকীৰ আশু-আৰোগ্য কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনাও জনাইছিল বহুতে ৷ কিন্তু সুস্থ হৈ ঘৰলৈ নাহিল শিল্পী অৰ্চনা মহন্ত ৷ অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক এক মহাশূন্যলৈ ৰূপান্তৰিত কৰি পৰলোকগামী হ’ল অৰ্চনা মহন্ত ৷

বিশিষ্ট শিল্পী মহন্তৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে যেন শোকত ম্ৰিয়মাণ হৈ পৰিল সকলো ৷ বাকৰুদ্ধ হ’ল প্ৰতিগৰাকী শ্ৰোতা ৷ বৃহস্পতিবাৰৰ পুৱা 11.30 বজাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিল্পীগৰাকীয়ে । সুমধুৰ গীতেৰে, কণ্ঠেৰে শ্ৰোতাক নষ্টালজিক কৰি তোলা সেই কণ্ঠ আজিৰে পৰা অতীত হ’ল । 1965 চনত খগেন মহন্তৰ সৈতে অৰ্চনা মহন্ত বিবাহপাশত আৱদ্ধ হৈছিল । খগেন মহন্তৰ সৈতে প্ৰতিখন মঞ্চতে ছাঁৰ দৰে আছিল শিল্পীযুঁটিটো । দুয়োগৰাকীয়ে গাইছিল ইটোৰ পিছত সিটো কালজয়ী গীত । শ্ৰোতাৰ বাবে সেয়েহে ইগৰাকীৰ অবিহনে সিগৰাকী হৈ পৰিছিল অসম্পূৰ্ণ ।

এগৰাকী পত্নী, এগৰাকী মাতৃ হিচাপে সংসাৰৰ সকলো দায়িত্ব পালন কৰি তাৰমাজতেই সংগীতৰ যাত্ৰা অক্ষুণ্ণ ৰাখিছিল অৰ্চনা মহন্তই ৷ যেতিয়া খগেন মহন্তই মঞ্চত আৰম্ভ কৰে খুহুতীয়া কথাৰে এটা গীত,কাষত পত্নী হিচাপে অৰ্চনা মহন্ত ৰৈ থাকে শান্ত-সৌম্য এক প্ৰতীক হৈ ।

খগেন-অৰ্চনা যুঁটি

অসমীয়া গ্ৰাম্য জীৱনৰ লোক সংগীতক দুয়োগৰাকী শিল্পীয়ে তুলি ধৰিছিল । কেৱল শ্ৰোতাই নহয়, অসমীয়া সমাজ জীৱনক লোকসংগীতৰ এই সাধনাৰে পূৰ্ণ কৰি তুলিছিল শিল্পী দম্পতীটোৱে । সুৰৰ মায়াজালেৰে দুয়ো দৰ্শক-শ্ৰোতাক বন্দী কৰি পেলাইছিল ৷ কেৱল গীতেই নহয় যেন, দুয়োৰে মাজত গীতৰ মাধ্যমেৰে চলিছিল অন্তৰংগ আলাপ । কেতিয়াবা গাইছিল- ৰং কাঢ়িলি, মন কাঢ়িলি, ৰিঙা ৰিঙা উদং ৰাতি/কাঢ়ি নিলি ঘুমটি । চকুত জ্বলি উঠা বুকুৰ লাজৰ উমৰ জুই সুৰ হৈ তেওঁলোকৰ কণ্ঠত জ্বলি উঠিছিল ৷ চহা জীৱনক গীত আৰু সুৰেৰে ধৰি ৰখা খগেন মহন্ত আৰু অৰ্চনা মহন্ত আছিল অসমীয়া সংগীত জগতত নতুন ধাৰা সৃষ্টিৰ বাটকটীয়া । সুৰ আৰু কণ্ঠৰ যাদুৰে যি অমৰ গীত উপহাৰ দি গৈছে সেয়া কোনেও কোনো কালে পাহৰিব নোৱাৰে ।

দুয়োয়ে উপহাৰ দিয়া কালজয়ী গীতবোৰে অসমীয়া সংগীত জগত সমৃদ্ধ কৰি গ’ল । লোক সংগীত আৰু চহা জীৱনত প্ৰতিফলিত হোৱা এই গীতবোৰৰ আঁৰৰ দুই মহীৰূহৰ জীৱন কেৱল সংগীত সাধনাৰ নামতেই উৎসৰ্গিত হৈছিল । অৰ্চনা মহন্ত কিছুদিনৰ পূৰ্বে মুম্বাইৰ পৰা ঘূৰি আহি আছিলহি মহানগৰীৰ নিগাজীপামত । মহন্তই কন্যাৰ ঘৰত থকাৰ সময়তে 14 জুলাইত ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হৈছিল ৷ ততালিকে মহন্তক লৈ যোৱা হৈছিল হেলথ চিটি হাস্পতাললৈ । শিল্পীগৰাকী কিছু সুস্থ হোৱাত ঘৰলৈ অনা হৈছিল যদিও পুনৰ অসুস্থ হোৱাত হেলথ চিটী হাস্পতালতে পুনৰ ভৰ্তি কৰোৱা হয় ।

সংগীতৰ মাধ্যমেৰে এক বিশাল ক্ষেত্ৰ তৈয়াৰ কৰি লোক সংগীতক তুলি ধৰা এই গৰাকী শিল্পীৰ বিয়োগৰ লগে লগে অসমীয়া সংগীত জগতৰ এটি ভোটা তৰা খহি পৰিল । কায়িকভাৱে অৰ্চনা মহন্তৰ মৃত্যু হ’লেও অসমৰ সংগীত জগতত সেই সুৰ আৰু কণ্ঠ সদায় চিৰস্মৰণীয় হৈ ৰ’ব । এই দুয়োগৰাকী শিল্পীৰ অমৰ গীতবোৰ অসমৰ নতুন প্ৰজন্মই চিৰকাললৈ মনত ৰাখিব । কিয়নো সেই গীতবোৰত আছিল মাটিৰ মানুহৰ গোন্ধ আৰু জীৱনক ভালপোৱাৰ অসংখ্য আশাৰ বতৰা ৷ ৰাজ্যিক মৰ্যাদাৰে মহানগৰীৰ নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হ’ল এইগৰাকী বিশিষ্ট কণ্ঠশিল্পীৰ ৷ শিল্পীগৰাকীৰ বিদায় ক্ষণত উপস্থিত থাকে কণ্ঠশিল্পী জুবিন গাৰ্গকে আদি কৰি জ্যেষ্ঠ-কণিষ্ঠ বহু শিল্পী আৰু গুণমুগ্ধ ৷

লগতে চাওকঃ 60 দশকৰ অসমৰ মিউজিক বেণ্ড "দ্যা কুইভাৰ্ছ"ৰ কথাৰে..

Last Updated : Aug 28, 2020, 1:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.