গুৱাহাটী, ৬ জানুৱাৰী : সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ (Simanta Chetana Mancha Purvottar), অসম ৰাজ্যিক সমিতিৰ উদ্যোগত ১০-১২ জানুৱাৰীত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত ৰাজ্যিক পৰ্যায়ৰ সীমান্ত ক্ৰীড়া মহোৎসৱ-২৩ অনুষ্ঠিত হ’ব (Simanta Kreera Mahotsav 2023) । ইয়াৰ পূৰ্বে ৰাজ্যৰ ৯খন জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাৰ পৰা ২০ কিলোমিটাৰ ভিতৰৰ খেলুৱৈৰ মাজত অনুষ্ঠিত জিলা পৰ্যায়ৰ খেলত ৮০০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰে ।
এই প্ৰতিযোগিতাৰ পৰা নিৰ্বাচিত খেলুৱৈসকলক লৈ সৰুসজাইত ৰাজ্যিক পৰ্যায়ৰ সীমান্ত ক্ৰীড়া মহোৎসৱ-২০২৩ অনুষ্ঠিত হ’ব (Simanta Kreera Mahotsav at Sarusajai stadium) । শুকুৰবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত উদ্যোক্তাই প্ৰকাশ কৰা অনুসৰি, ৰাজ্যিক পৰ্যায়ৰ সীমান্ত ক্ৰীড়া মহোৎসৱত ১০০, ২০০, ৮০০ আৰু ১৫০০ মিটাৰ দৌৰ, ৪x১০০ মিটাৰ ৰিলে দৌৰ, ওখ জাঁপ (high jump), দীঘল জাঁপ (long jump), শ্বটপুট, জেভেলিন থ্ৰ’, ডিছকাছ থ্ৰ’, ফুটবল আৰু কাবাডী প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ।
আজিৰ সংবাদমেলতে খেলুৱৈৰ জাৰ্চী, ট্ৰেক ছ্যুট আৰু প্ৰতিযোগিতাৰ স্মৃতিগ্ৰন্থৰ বেটুপাত উন্মোচন কৰা হয় । উল্লেখ্য, সীমান্ত ক্ৰীড়া মহোৎসৱত ৰাজ্যৰ ৯ খন জিলাই অংশগ্ৰহণ কৰিব । বাংলাদেশ সীমান্তৰ ধুবুৰী, দক্ষিণশালমৰা, মানকাচৰ, কাছাৰ আৰু কৰিমগঞ্জ; আনহাতে, ভূটান সীমান্তৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি জিলাই অংশগ্ৰহণ কৰিব ।
মহোৎসৱত প্ৰায় ৬০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব । সংবাদমেলত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ, অসম প্ৰদেশৰ সভাপতি ডঃ বিনীতা ভাগৱতী আৰু সীমান্ত ক্ৰীড়া মহোৎসৱ-২৩-ৰ সম্পাদক মৃদুল কুমাৰ শৰ্মাৰ উপৰি কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে । উল্লেখ্য যে দেশৰ আন্তৰাষ্ট্ৰীয় সীমান্তৱৰ্তী অঞ্চলত বসবাস কৰা লোকসকলৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক আদি সকলো প্ৰকাৰে বিকাশ সাধনৰ জৰিয়তে উক্ত লোকসকলৰ মনত দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয়তাবোধৰ ভাবনা বৃদ্ধি কৰিবলৈ ১৯৮৫ চনত ৰাজস্থানৰ যোধপুৰত সীমান্ত জাগৰণ মঞ্চৰ জন্ম হৈছিল ।
পৰৱৰ্তী সময়ত সীমান্তৱৰ্তী গাঁওসমূহত বিভিন্ন ধৰণৰ কাৰ্যক্ৰম, খেল-ধেমালি, সৎসংগ, সজাগতামূলক সভা, প্ৰাক নিযুক্তিকালীন প্ৰশিক্ষণ, কৌশল বিকাশৰ বিভিন্ন যোজনা আদিৰ জৰিয়তে যুৱক-যুৱতীসকলক স্বাৱলম্বনৰ সামৰ্থ্য আৰু সাহস জাগ্ৰত কৰিবলৈ ২০০৮ চনত ধুবুৰী জিলাত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ জন্ম হয় ।
লগতে পঢ়ক :India Srilanka One Day Series : বৰ্ষাপাৰাত ভাৰত শ্ৰীলংকাৰ এদিনীয়া মেচৰ প্ৰস্তুতি তু্ংগত