ETV Bharat / state

Silsako Eviction 2023: তেজ দিম কিন্তু আমাৰ ভেটি-মাটি কেতিয়াও এৰি নিদিওঁ, উচ্ছেদিত ৰাইজৰ হুংকাৰ - মন্ত্ৰী অশোক সিংহল

শিলসাঁকোৰ উচ্ছেদিত ৰাইজৰ প্ৰতিবাদ ৷ ‘‘চৰকাৰে 6 মাহে পালন কৰা নাই প্ৰতিশ্ৰুতি ৷ আমাক পুনৰ সংস্থাপন লাগিব, পুনৰ সংস্থাপন নিদিয়াকৈ সীমা নিৰ্ধাৰণ কৰিবলৈ দিয়া নহ’ব ৷’’ এই দাবী প্ৰতিবাদী ৰাইজৰ ৷

Silsako Eviction 2023
তেজ দিম কিন্তু আমাৰ ভেটি মাটি কেতিয়াও এৰি নিদিওঁ
author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 8:22 PM IST

তেজ দিম কিন্তু আমাৰ ভেটি মাটি কেতিয়াও এৰি নিদিওঁ

গুৱাহাটী, 29 আগষ্ট: ‘‘সাজু হৈছে চেণ্ডেলৰ মালা ৷ আপোনালোকে উচ্ছেদৰ বাবে আহিলে ৰাইজে পিন্ধাব চেণ্ডেলৰ মালা ৷’’ এই দৰে মন্তব্য শিলসাঁকোৰ উচ্ছেদিত জনতাৰ ৷ কিয়নো 6-7 মাহৰ পূৰ্বে বানমুক্ত গুৱাহাটীৰ লক্ষ্যৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে শিলসাঁকো বিলৰ বুকুত দীৰ্ঘদিন ধৰি বসবাস কৰা থলুৱা লোকক উচ্ছেদ কৰিছিল ৷ কিন্তু আজিলৈকে চৰকাৰৰ তৰফৰ পৰা দিয়া প্ৰতিশ্ৰুতি অনুসৰি গৃহহাৰা লোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷

যাৰ ফলত মাটিৰ অধিকাৰ বিচাৰি ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ল’বলৈ বাধ্য হৈছে শিলসাঁকোৰ উচ্ছেদিত জনতা ৷ উচ্ছেদিত লোকক পুনৰ সংস্থাপনৰ অবিহনে কোনো কাৰণতে সীমা নিৰ্ধাৰণ কৰিবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দি শিলসাঁকোত উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ ৷ মঙলবাৰে শিলসাঁকো দলবাৰি অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ভুক্তভোগী ৰাইজে ৷

প্ৰতিবাদকাৰী সকলৰ দাবী, যদি উচ্ছেদিতক পুনৰ সংস্থাপনৰ অবিহনে জি এম ডি এৰ কৰ্তৃপক্ষই দালালক লগত লৈ সীমা নিৰ্ধাৰণ কৰিলে ইয়াৰ পৰিস্থিতি অতি ভয়নক হ’ব ৷ আমাক পুনৰ সংস্থাপন লাগিব, পুনৰ সংস্থাপন নিদিয়াকৈ সীমা নিৰ্ধাৰণ কৰিবলৈ দিয়া নহ’ব, মাটি আমাক লাগিবই, তেজ দিম কিন্তু মাটি নিদিও, বিজেপিৰ দালাল হুচিয়াৰ, নাৰায়ন ডেকা হায় হায়, অশোক সিংহল মূৰ্দাবাদ আদি শ্লোগানৰে পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷

মঙলবাৰে প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে কৃষক মুক্তি সংগ্ৰাম সমিতৰ নেতা আকাশ দলে ৷ দলে কয় যে, শিলসাঁকোত জি এম ডি এ আৰু মন্ত্ৰী অশোক সিংহলে ঘৰ বনাবৰ কাৰণে থলুৱা লোকক উচ্ছেদ কৰিছে । গুৱাহাটীক বানমুক্ত কৰাৰ ভুৱা বাতৰি প্ৰচাৰ চলাই এতিয়া ৷ ডাঙৰ ডাঙৰ অট্টালিকা আৰম্ভ কৰিছে অশোক সিংহলে ৷ এয়া কেতিয়াও হ’বলৈ দিয়া নহ’ব ৷ দৰকাৰ হলে তেজ দিম কিন্তু আমাৰ ভেটি,আমাৰ মাটিৰ অধিকাৰ কেতিয়াও এৰি দিয়া নহ’ব ।

লগতে পঢ়ক:Assam Cash for Job scam: তৃষ্ণা শৰ্মাক পানবজাৰ থানাত জেৰা; দুই পলাতক দালালক বিচাৰি অব্যাহত অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.