নিউজ ডেক্স,17 জানুৱাৰীঃ শুকুৰবাৰে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ পুণ্য স্মৃতিত ৰাজ্যজুৰি উদযাপন কৰা হয় শিল্পী দিৱস ৷ শিল্পী দিৱসৰ দিনটোতে মহানগৰীৰ নেহেৰু পাৰ্কত NSUIয়ে সাব্যস্ত কৰে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা নিবেদন কৰাৰ পিছতেই হাতে হাতে প্লে’ কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে NSUIৰ সদস্য সকলে ৷ সমান্তৰালকৈ তিতাবৰতো সাব্যস্ত কৰা হয় আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ ৷ তিতাবৰ প্ৰেছ ক্লাৱৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিল বাতিলৰ দাবীত বিশাল ‘গণ সমাৱেশ' অনুষ্ঠিত কৰা হয় ৷ উক্ত প্ৰতিবাদত অংশগ্ৰহণ কৰে প্ৰাক্তন বিজেপি নেত্ৰী মীৰা বৰঠাকুৰে ৷ গণ সমাৱেশত উপস্থিত থাকে তিতাবৰ মহকুমা ছাত্ৰ সন্থাৰ দিগন্ত বৰাকে ধৰি চুতীয়া ছাত্ৰ সন্থা,টাই আহোম ছাত্ৰ সন্থা,ঠেঙাল কছাৰী ছাত্ৰ সন্থা,বীৰ লাচিত সেনা নেতাৰ লগতে তিতাবৰৰ স্থানীয় ৰাইজ ৷
আনহাতে,ডুমডুমাতো শাখা সাহিত্য সভাৰ উদ্যোগত মহাৰাজা অগ্ৰসেন সেৱা সমিতি আৰু মাৰোৱাৰী যুৱ মঞ্চ ডুমডুমা শাখাৰ সহযোগত অনুষ্ঠিত কৰা হয় শিল্পী দিৱস ৷ ডুমডুমা নগৰৰ মাজমজিয়াত অৱস্থিত ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ আৱক্ষ প্ৰতিমূৰ্তিত শিল্পীগৰাকীৰ মৃত্যু তিথিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰা হয় ৷ পৰৱৰ্তী সময়ত শিল্পী গৰাকীৰ গীতেৰে এটি সুৰ বাহিনীয়ে ডুমডুমাৰ নগৰ অঞ্চল পৰিভ্ৰমণ কৰি তেখেতৰ প্ৰতি শ্ৰদ্ধা জনায় ৷
আৰু পঢ়ক-মন্ত্ৰীসভাত স্থান লাভৰ পিছত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ সঞ্জয় কিষাণৰ