ETV Bharat / state

Rangali Bihu of Assam : ব’হাগতেই আছে চহা জীৱনৰ প্ৰাণ

author img

By

Published : Apr 14, 2023, 9:51 PM IST

Updated : Apr 15, 2023, 8:54 AM IST

‘‘ব’হাগ মাথোঁ এটি ঋতু নহয়, নহয় এটি মাহ; অসমীয়া জাতিৰ ই আয়ুসৰেখা, গণ জীৱনৰ শাহ ।’’ আজি ব’হাগৰ দুমাহী (Rangali Bihu 2023) ৷ চাওঁতে চাওঁতে চ’তৰ ধূলিয়ৰি বা ফালি আকৌ আহি পাহেহি ব’হাগ (Rangali Bihu of Assam) ৷ এই ব’হাগৰ আছে কিছু তাৎপৰ্য আৰু মহত্ব (Significance of Assamese Rangali Bihu)৷ এই ব’হাগতেই আছে চহা জীৱনৰ প্ৰাণ ৷

Rangali Bihu of Assam
ব’হাগতেই আছে চহা জীৱনৰ প্ৰাণ
ব’হাগতেই আছে চহা জীৱনৰ প্ৰাণ

নিউজ ডেক্স, 14 এপ্ৰিল : আঘোণৰ পকা নৰা গচকি পুহে আহি ভুমুকি মাৰে । এই পুহৰ নিহালিখনৰ উমতে আহে হেঁপাহৰ ভোগালী । ভোগৰ ভোগজৰাটি কাটি কৰি থৈ পদুলিমুখত উপস্থিত হয়হি বাউলি ফাগুন । বাউলি ফাগুনৰ বোকোচাত উঠি অহা পচোৱাই আঁজুৰি নাঙঠ কৰে চ'তৰ দেহ ৷ চ'তৰ শেষত নঙঠা গছ-বিৰিখত কুঁহিপাত মেলে । যেন যৌৱনৰ মৌবনত তেজী ঘোঁৰা চেঁকুৰোৱাৰ সময় সমাগত । নৱযৌৱনা, সদ্য পুষ্পিতা কিশোৰীৰ দৰে সেউজ সপোনৰ উন্মেষ ঘটে প্ৰকৃতিৰ লাৱণী শৰীৰত । তাৰেই আলিংগনত হৃদয়ৰ গীত জোৰে কুলী-কেতেকীয়ে ।

কপৌ-তগৰ-যুতি-মালিকাই সুবাসিত কৰে ধৰা । এক নতুন আশা, নতুনৰ প্ৰত্যাশা । যৌৱনৰ উতলা বা জীৱনৰ অৰ্থলৈ পৰিৱৰ্তন কৰাৰ এয়াই যে, সময় । হয় এয়াই ব’হাগ । এনেদৰেই ইহাত-সিহাত ধৰি জীৱনৰ হাত ধৰেহি ব’হাগে ৷ ব’হাগ আহিছে, আহিবই ব’হাগ । কাৰণ ৰঙালী ব’হাগতেই আছে চহা জীৱনৰ প্ৰাণ (Rangali Bihu 2023) । বৰ্তমান আৰু ভৱিষ্যতৰ গান (Rangali Bihu of Assam) ।

ব’হাগক যিমান উপমাৰেই বিশ্লেষণ কৰিব নোখোজক কিয়, সদায়ে শব্দৰ অনাটন হৈয়েই । কাৰণ ব’হাগ কোনো এটা নিৰ্দিষ্ট শব্দ নহয় ৷ ব’হাগ নিজেই এক শব্দ গুচ্ছ । সেয়েহে ব’হাগৰ তুলনা কৰিবলৈ গৈ কবি-সাহিত্যিকেও থমকি ৰ’ৱ লগা হয় ।

গীতিকাৰ-সুৰকাৰ উটি-ভাহি যায় । এটা ঋতুৰ দৃষ্টিৰে ব’হাগ এক গুৰুত্বপূৰ্ণ, বৈশিষ্ট্যপূৰ্ণ আৰু সবাতোকৈ সতেজ ঋতু । কিন্তু অসম তথা অসমীয়াৰ বাবে কেৱল এটা ঋতুতে সীমাবদ্ধ হৈ থকা নাই ব’হাগ । অসমীয়া সমাজ, সাহিত্য, সংস্কৃতি, অৰ্থনীতি- সকলো দিশতে অনবদ্য অৱদান ব’হাগৰ । কেৱল সিমানেই নে ব’হাগৰ মাদকতা ?

জাতি-জনজাতি, ভাষা-সম্প্ৰদায়, ধৰ্ম-বৰ্ণ এই সকলোতে আছে ব’হাগৰ সাঁচ । সেয়া ভিন্ন ৰঙা হ’লেও যেন একেখন চাদৰতে বুটাবচা ভিন্ন ৰঙৰ সমাহাৰ । সেয়ে হয়তো ভূপেনদাই ঠিকেই কৈ গৈছে, ‘‘ব’হাগ মাথোঁ এটি ঋতু নহয়, নহয় এটি মাহ; অসমীয়া জাতিৰ ই আয়ুসৰেখা, গণ জীৱনৰ শাহ ।’’

আজিৰে পৰা আৰম্ভ হৈছে অসমীয়াৰ আয়ুসৰেখা ৰঙালী বিহু । অসমৰ বাপতি সাহোন এই ৰঙালী বা ব’হাগ বিহুৰ বাবে এতিয়া ৰাজ্যবাসীৰ গা থৌকি-বাথৌ । স্মৰণাতীত কালৰে পৰা অসমবাসী তথা অসমীয়াই পৰম্পৰাগত নীতি-নিয়মেৰে পালন কৰি আহিছে এই ৰঙালী বিহু । বিশেষকৈ কৃষিপ্ৰধান অসমৰ চহা প্ৰাণৰ হেঁপাহৰ উৎসৱ হৈছে এই ৰঙালী বিহু । চহা কৃষকে কৃষি কাৰ্যলৈ আগবঢ়াৰ পূৰ্বে এই উৎসৱ আয়োজন কৰি নিজৰ তন-মন সতেজ কৰি ল’ব বিচাৰে (Significance of Assamese Rangali Bihu) ।

আনহাতে, ব’হাগ হৈছে অসমীয়া কেলেণ্ডাৰ বৰ্ষৰ প্ৰথমটো মাহ (Assamese New Year) । অৰ্থাৎ অসমীয়া নৱবৰ্ষৰ আৰম্ভণি মাহ হৈছে এই ব’হাগ মাহ । সেয়ে নতুন বছৰৰ আদৰণি উৎসৱো ইয়াৰ এক বিশেষত্ব । এই ব’হাগ মাহৰ আছে বহু বিশেষত্ব । ব’হাগৰ হাত ধৰিয়েই গছ-বন-লতিকাত কুঁহিপাতৰ আৱৰণে সেউজ ৰং ধাৰণ কৰে । বৰ্ষা ঋতুৰ আগমনৰ বতৰা দিয়ে । সৃষ্টি আৰু কৃষ্টিৰ সুবাসত মতলীয়া এই ব’হাগ । প্ৰেমৰ বতৰ ব’হাগ আৰু অংকুৰিত বীজৰ সপোনৰ বতৰা এই ব’হাগ ৷

হয় অসমীয়া জাতীয় জীৱনৰ এক অন্যতম লোককৃষ্টি ব’হাগ বিহু বা ৰঙালী বিহু । চ’তৰ শেষৰ দিনাৰ পৰা আৰম্ভ হোৱা ব’হাগৰ সাত বিহুৰ আছে প্ৰতিটো দিনৰে বিশেষ বিশেষ তাৎপৰ্য তথা পৰম্পৰা । লগতে আছে প্ৰতিটো দিনৰে গুৰুত্ব । পৰম্পৰাগতভাৱে পালন কৰা এই সাত বিহুৰ, কিন্তু বিশেষ কিছু বৈজ্ঞানিক ভিত্তিও নথকা নহয় । কিন্তু সময়ৰ সোঁতত ৰঙালী বিহুৰো পৰম্পৰা বহুখিনি সলনি হৈ আহিছে ।

ৰঙালী বিহুৰ আন এক মুখ্য বৈশিষ্ট্য হৈছে হুঁচৰি আৰু বিহুনাচ । অৱশ্যে আৰম্ভণিৰ পথাৰৰ আঁহতৰ তলৰ বিহু আহি বৰ্তমান মঞ্চত উঠিছে । সময়ৰ লগে লগে বিৱৰ্তন অৱধাৰিত যদিও সোময়ৰ সোঁতত যাতে আমাৰ স্বকীয় পৰম্পৰা একেবাৰে বিলুপ্ত হৈ নাযায়, তাৰ বাবেও আমি সচেতন হ'ব লাগিব ।

আন এক কথা হৈছে, অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত এই ৰঙালী বিহু পালনৰ পৰম্পৰা ভিন্ন । ব’হাগ মাহতে পালন হ’লেও প্ৰতিটো জাতি-জনগোষ্ঠীৰে ইয়াৰ পালনৰ পৰম্পৰা সুকীয়া । কিন্তু ভিন্নতাৰ মাজতো একতাৰ এক সুন্দৰ নিদৰ্শন ফুটি ওলায় এই ৰঙৰ উৎসৱ ৰঙালী বিহুত ।

সেয়ে আজিও আমাৰ একেটাই আহ্বান, ব'হাগৰ প্ৰেম আৰু ভাতৃত্ববোধেৰে ৰঙীয়াল হৈ ৰঙালী বিহুৰ মাদকতা চৌদিশে ছটিয়াই দিওঁ আহক । যাৰ পৰশ পাই ফুলি উঠক আমাৰ মনৰ ভিন্নৰঙী ফুলনি ডৰা, য’ত সকলো জাতি-জনগোষ্ঠী, ভাষা-ভাষী, ধৰ্ম-বৰ্ণৰ লোকে একেলগে একেখন সমাজৰ সুবাসেৰে সুবাসিত হৈ থাকিব ।

লগতে পঢ়ক : AIIMS in Guwahati: গৰু বিহুৰ দিনাই গুৱাহাটীত মুকলি হ’ল এইমছ

Last Updated : Apr 15, 2023, 8:54 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.