ETV Bharat / state

প্ৰাৰ্থী তালিকালৈ চালে মোৰ জয় নিশ্চিত: সিদ্ধাৰ্থ ভট্টাচাৰ্য - assam election

বিজেপিয়ে এইবাৰৰ বিধানসভা নিৰ্বাচনত বৰ্তমানৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক পুনৰ দলীয় প্ৰাৰ্থিত্ব নিদিবও পাৰে বুলি ব্যাপক জল্পনা-কল্পনা চলিছিল । কিন্তু মূৰকত দেখা গ’ল দলৰ শীৰ্ষ নেতৃত্বই পূৱ-গুৱাহাটী সমষ্টিত তেওঁকেই যোগ্য প্ৰাৰ্থী বুলি বিবেচনা কৰি দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰিলে । ইটিভি ভাৰতৰ সৈতে হোৱা বিশেষ সাক্ষাৎকাৰত নিজৰ মত ব্যক্ত কৰিলে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷

কংগ্ৰেছতো মোক ইমান ভাল পোৱা মানুহ আছে বুলি জনাই নাছিলো: মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য

author img

By

Published : Mar 21, 2021, 2:35 PM IST

Updated : Mar 21, 2021, 3:22 PM IST

গুৱাহাটী,21 মাৰ্চ : বিজেপিয়ে এইবাৰৰ বিধানসভা নিৰ্বাচনত বৰ্তমানৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক পুনৰ দলীয় প্ৰাৰ্থিত্ব নিদিবও পাৰে বুলি ব্যাপক জল্পনা-কল্পনা চলিছিল । কিন্তু মূৰকত দেখা গ’ল দলৰ শীৰ্ষ নেতৃত্বই পূৱ-গুৱাহাটী সমষ্টিত তেওঁকেই যোগ্য প্ৰাৰ্থী বুলি বিবেচনা কৰি দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰিলে । পুনৰ প্ৰাৰ্থিত্ব লাভ কৰি সিদ্ধাৰ্থ ভট্টাচাৰ্য এতিয়া নিশ্চিত যে, দ্বিতীয় বাৰৰ বাবে তেওঁ সমষ্টিটোক প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হ’ব ।

ইটিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই মন্তব্য কৰে যে, "পূৱ-গুৱাহাটী সমষ্টিত মোৰ সৈতে প্ৰতিদ্বন্দিতা কৰিব পৰাকৈ এইবাৰ কোনোবা প্ৰাৰ্থী আছে বুলি মই নাভাবো । প্ৰথমে কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিব বুলি যি সকলৰ নাম ওলাইছিল, সেই সময়ত মই অলপ চিন্তিত হৈছিলো । কিন্তু অৱশেষত কংগ্ৰেছে যিগৰাকী প্ৰাৰ্থী আগবঢ়ালে তালৈ চাই মই মোৰ বিজয় নিশ্চিত বুলি ভাবিবলৈ বাধ্য হ'লো । কংগ্ৰেছতো যে মোক ইমান ভাল পোৱা মানুহ আছে মই জনাই নাছিলো ।"

কংগ্ৰেছতো মোক ইমান ভাল পোৱা মানুহ আছে বুলি জনাই নাছিলো: মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য

উল্লেখ্য যে, পূৱ-গুৱাহাটী সমষ্টিটোত এইবাৰ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিপৰীতে আছে কংগ্ৰেছ প্ৰাৰ্থী তথা লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নাতিনী অসীমা বৰদলৈ আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী অদীপ কুমাৰ ফুকন । কিন্তু সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ দাবী ভোঁটৰ ৰাজনীতিত নিজৰ কৰ্ম দক্ষতাহে মূল কথা । কোন কাৰ পুত্ৰ, জীয়ৰী বা নাতি-নাতিনী তালৈ চাই ভোটদাতাই ভোটদান নকৰে বুলি মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই মন্তব্য কৰে ।

আনহাতে, যোৱা পাঁচ বছৰীয়া কাৰ্যকালত সমষ্টিটোত কৰা বহুকেইটা উন্নয়নমূলক আৰু স্থায়ী কামৰ বাবে পুনৰবাৰ ৰাইজৰ ওচৰলৈ ভোঁট বিচাৰি যাবলৈ সাহস পাইছে বুলিও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ।

লগতে পঢ়ক: ক্ষোভ মৰিষণৰ চেষ্টা: টিকট বঞ্চিতক লৈ কংগ্ৰেছে গঠন কৰিলে কমিটী

Last Updated : Mar 21, 2021, 3:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.