ETV Bharat / state

পাঁচ দিনৰ চিআইডিৰ জিম্মাত আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণ

ইয়াৰ পূৰ্বে ছয় দিনৰ চি আই ডিৰ জিম্মাত আছিল ৰুবুল হাজৰিকা আৰু সৰোজ শৰ্মা ৷ আদালতে পাঁচ দিনৰ বাবে চি আই ডিৰ জিম্মালৈ প্ৰেৰণ কৰিলে কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীৎ কৃষ্ণক ৷

si-scandal-update
পাঁচ দিনৰ চিআইডিৰ জিম্মাত আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণ
author img

By

Published : Oct 16, 2020, 7:22 PM IST

গুৱাহাটী, 16 অক্টোবৰ: কামৰূপ জিলা মুখ্য দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ’ল আৰক্ষী নিযুক্তি কেলেংকাৰীত নাম সাঙোৰ খাই গ্ৰেপ্তাৰ হোৱা আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণক ৷ বৃহস্পতিবাৰে আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত উপস্থিত হোৱাত চি আই ডিয়ে গ্ৰেপ্তাৰ কৰিছিল কুমাৰ সঞ্জিত কৃষ্ণক ৷ সঞ্জিত কৃষ্ণৰ লগতে শুকুৰবাৰে আদালতত হাজিৰ কৰালে আৰক্ষী নিযুক্তি কেলেংকাৰীৰ সৈতে জড়িত ৰুবুল হাজৰিকা আৰু সৰোজ শৰ্মাকো ৷

পাঁচ দিনৰ চিআইডিৰ জিম্মাত আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণ

ইয়াৰ পূৰ্বে ছয় দিনৰ চি আই ডিৰ জিম্মাত আছিল ৰুবুল হাজৰিকা আৰু সৰোজ শৰ্মা ৷ আদালতে পাঁচ দিনৰ বাবে চি আই ডিৰ জিম্মালৈ প্ৰেৰণ কৰিলে কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীৎ কৃষ্ণক ৷ আনহাতে পূৰ্বতে ছয় দিনৰ বাবে চি আই ডিৰ জিম্মাত থকা অভিযুক্ত ৰুবুল হাজৰিকা আৰু সৰোজ শৰ্মাকো পুনৰ পাঁচ দিনৰ বাবে চি আই ডিৰ জিম্মালৈ প্ৰেৰণ কৰা হয় ৷

উল্লেখ্য যে, চি আই ডিৰ জেৰাৰ অন্তত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা আৰক্ষী নিযুক্তি কেলেংকাৰীৰ অন্যতম অভিযুক্ত পি কে দত্তৰো শুকুৰবাৰে পুনৰ আদালতত ভাষ্য গ্ৰহণ কৰা হয় ৷

লগতে পঢ়ক: অসম চৰকাৰলৈ CAGৰ জৰুৰী পত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.