গুৱাহাটী, 1 জুনঃ ৰাজ্য কঁপোৱা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক কেলেংকাৰীৰ অন্যতম অভিযুক্ত দ্বিবন ডেকাৰ জামিন আবেদন পুনৰ নাকচ কৰা হৈছে । আজি বিশেষ ন্যায়াধীশৰ আদালতে নাকচ কৰিলে দ্বিবন ডেকাৰ জামিন আবেদন । ইফালে এই কেলেংকাৰীত অভিযুক্ত হীৰা চৌধুৰী, ৰূপম নাথ আৰু ধ্ৰুৱজ্যোতি বৰুৱাৰ জামিন মঞ্জুৰ কৰে আদালতে ।
প্ৰাপ্ত তথ্য মতে ইতিমধ্যেই এই কেলেংকাৰী গোচৰৰ চাৰ্জ ফ্ৰেম সম্পন্ন হৈছে আৰু আদালতত বৰ্তমান বিচাৰ প্ৰক্ৰিয়া চলি আছে । উল্লেখ্য যে আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তিৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰীত নাম সাঙোৰ খাই পৰাৰ পিছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে 2020 বৰ্ষৰ 30 ছেপ্তেম্বৰৰ নিশা গ্ৰেপ্তাৰ কৰা হৈছিল দ্বিবন ডেকাক ।
গ্ৰেপ্তাৰ হোৱাৰ পিছৰে পৰা তেওঁ এই পৰ্যন্ত জেইলতে আবদ্ধ হৈ আছে । ইয়াৰ পূৰ্বতেও তেওঁৰ জামিন আবেদন নাকচ হৈছিল ।
লগতে পঢ়কঃ উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল পৌৰ প্ৰশাসন সঞ্চালকালয়ৰ অভিযন্তা