ETV Bharat / state

ন্যায় পালে শ্বেতাই !

2017 চনৰ 4 ডিচেম্বৰত গোবিন্দ সিংঘাল নামৰ যুৱকজনে হত্যা কৰিছিল শ্বেতা আগৰৱালা নামৰ মেধাৱী ছাত্ৰীগৰাকীক ৷ প্ৰেমজনিত কাৰণতে সংঘটিত হৈছিল এই হত্যাকাণ্ড ৷ শনিবাৰে কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশ আদালতে চূড়ান্ত ৰায় দিয়ে এই হত্যাকাণ্ডৰ ৷ মূল অভিযুক্ত গোবিন্দক ফাঁচিৰ হুকুম দিয়াৰ লগতে হত্যাকাণ্ডত জড়িত থকাৰ অপৰাধত গোবিন্দৰ মাতৃ আৰু ভগ্নীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হয় ৷

author img

By

Published : Aug 3, 2019, 8:04 PM IST

ন্যায় পালে শ্বেতাই !

2017 চনৰ 4 ডিচেম্বৰত গোবিন্দ সিংঘাল নামৰ যুৱকজনে হত্যা কৰিছিল শ্বেতা আগৰৱালা নামৰ মেধাৱী ছাত্ৰীগৰাকীক ৷ শনিবাৰে কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশ আদালতে চূড়ান্ত ৰায় দিয়ে এই হত্যাকাণ্ডৰ ৷ মূল অভিযুক্ত গোবিন্দক ফাঁচিৰ হুকুম দিয়াৰ লগতে হত্যাকাণ্ডত জড়িত থকাৰ অপৰাধত গোবিন্দৰ মাতৃ আৰু ভগ্নীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হয় ৷

ন্যায় পালে শ্বেতাই !

2017 চনৰ 4 ডিচেম্বৰত গোবিন্দ সিংঘাল নামৰ যুৱকজনে হত্যা কৰিছিল শ্বেতা আগৰৱালা নামৰ মেধাৱী ছাত্ৰীগৰাকীক ৷ শনিবাৰে কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশ আদালতে চূড়ান্ত ৰায় দিয়ে এই হত্যাকাণ্ডৰ ৷ মূল অভিযুক্ত গোবিন্দক ফাঁচিৰ হুকুম দিয়াৰ লগতে হত্যাকাণ্ডত জড়িত থকাৰ অপৰাধত গোবিন্দৰ মাতৃ আৰু ভগ্নীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হয় ৷

ন্যায় পালে শ্বেতাই !
Intro:অৱশেষত ন্যায় পালে শ্বেতা আগৰৱালাৰ পৰিয়ালে: হত্যাকাৰীক ফাঁচীৰ নিৰ্দেশ আদালতৰ










Body:ৰাজ্য কঁপাই যোৱা শ্বেতা আগৰৱালাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত গোবিন্দ সিংঘালক আজি অৰ্থাৎ শনিবাৰে ফাঁচীৰ ৰায়দান ঘোষণা কৰে কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশ আদালতে। গোবিন্দ সিংঘালৰ লগতে মাতৃ কমলা দেৱী(48) ভগ্নী ভৱানী সিংঘাল(23)ক যাবজ্জীৱন কাৰদণ্ড বিহে।

দুয়োপক্ষৰ শুনানিৰ অন্তত শনিবাৰে ঘোষণা কৰা হল ফাঁচীৰ ৰায়দান। পুৱাৰে পৰা শ্বেতাৰ পৰিয়ালে কামৰূপ জিলা মহানগৰ সত্ৰ ন্যায়াধীশ আদালতত উপস্থিত আছিল।

শ্বেতাৰ চৰকাৰী অধিবক্তা অভিজিত ভট্টাচাৰ্যই কয় যে প্ৰেম প্ৰস্তাৱ নাকচ কৰাৰ বাবেই গোবিন্দই এই জঘন্য ঘটনা সংঘটিত কৰিছিল। হত্যাৰ পূৰ্বে শ্বেতাক 12বাৰকৈ চোকা অস্ত্ৰৰে আক্ৰমণ কৰি মাতৃ আৰু ভগ্নীৰ সহযোগত জীয়াই জীয়াই জ্বলাই দিছিল। পোষ্টমৰ্টন ৰিপৰ্টত শ্বেতাক চোকা অস্ত্ৰৰে আঘাত কৰাৰ কথা স্পষ্ট হৈ পৰিছিল।

আৰক্ষী, চিকিৎসক শ্বেতা হত্যাকাণ্ডৰ সাক্ষী আছিল।

এই ঘটনাৰ পাছত শ্বেতাৰ পৰিয়ালে গোচৰ ৰুজু কৰাত আদালতে গোবিন্দক কয় যে এনে জঘন্য ঘটনা সংঘটিত কৰাৰ বাবে গোবিন্দৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই। আদালতৰ ৰায়ৰ পিছত গোবিন্দৰ মাতৃ আৰু ভগ্নী শোকত ভাগি পৰে।

উল্লেখযোগ্য যে 2017 চনৰ 4 ডিচেম্বৰত প্ৰেমিক গোবিন্দ সিংঘালে মাতৃ আৰু ভগ্নীৰ সহযোগত তেওঁলোকৰ ঘৰত নৃশংসভাৱে হত্যা কৰি বাথৰুমৰ ভিতৰত অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হৈছিল ছাত্ৰী শ্বেতা আগৰৱালা।





Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.