ETV Bharat / state

অৱশেষত স্বদেশ অভিমুখে বাংলাদেশৰ অৰ্ধশতাধিক জাহাজ

author img

By

Published : Feb 10, 2022, 4:53 PM IST

ব্ৰহ্মপুত্রৰ জলস্তৰ ভয়াৱহভাৱে হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত শিল নিবলৈ আহি ধুবুৰী ঘাটত আৱদ্ধ হৈ পৰিছিল বাংলাদেশৰ ৫৭ খন মালবাহী জাহাজ (Bangladeshi ship stuck in Dhubri)। জাহাজৰ লগতে আৱদ্ধ হৈ পৰিছিল নাবিকসহ বাংলাদেশৰ দুই শতাধিক কৰ্মচাৰী । এই সন্দৰ্ভত ইটিভি ভাৰতত সবিস্তাৰে বাতৰি পৰিবেশন কৰা হৈছিল । অৱশেষত ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুত দুখনকৈ অত্যাধুনিক ড্রেজাৰেৰে খনন কার্য আৰম্ভ কৰাত শিল লৈ স্বদেশলৈ উভতিল বাংলাদেশৰ জাহাজসমূহ ।

d
d

গুৱাহাটী,১০ ফেব্ৰুৱাৰী : দীৰ্ঘদিন ধৰি ব্ৰহ্মপুত্রৰ ধুবুৰী ঘাটত আবদ্ধ হৈ থকা বাংলাদেশৰ অৰ্ধশতাধিক জাহাজ অৱশেষত স্বদেশলৈ ৰাওনা হৈছে (Ship stuck in dhubri on journey towards Bangladesh)। উল্লেখ্য যে ব্ৰহ্মপুত্রৰ জলস্তৰ ভয়াৱহভাৱে হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত শিল নিবলৈ আহি ধুবুৰী ঘাটত আৱদ্ধ হৈ পৰিছিল বাংলাদেশৰ ৫৭ খন মালবাহী জাহাজ (Bangladeshi ship stuck in Dhubri)। জাহাজৰ লগতে আৱদ্ধ হৈ পৰিছিল নাবিকসহ বাংলাদেশৰ দুই শতাধিক কৰ্মচাৰী । এই সন্দৰ্ভত ইটিভি ভাৰতত সবিস্তাৰে বাতৰি পৰিবেশন কৰা হৈছিল ।

অৱশেষত ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুত দুখনকৈ অত্যাধুনিক ড্রেজাৰেৰে খনন কার্য আৰম্ভ কৰাত স্বস্তিৰ নিশ্বাস লৈছে বাংলাদেশৰ দুই শতাধিক জাহাজ কর্মচাৰীয়ে । ব্ৰহ্মপুত্রৰ ধুবুৰী ঘাটৰ পৰা বাংলাদেশ অভিমুখী জলপথৰ জলস্তৰ অতি ভয়াৱহভাৱে হ্রাস পোৱাৰ ফলত বাংলাদেশৰ পৰা অহা অর্ধশতাধিক শিল কঢ়িওৱা জাহাজ ধুবুৰীৰ ভিন্ন স্থানত বিগত প্ৰায় ২০ দিন ধৰি আবদ্ধ হৈ পৰিছিল । প্রচণ্ড শীতৰ মাজত ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ হৈ থকা বাংলাদেশৰ দুই শতাধিক জাহাজ কর্মচাৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ।

Ship
অৱশেষত স্বদেশ অভিমুখে বাংলাদেশৰ অৰ্ধশতাধিক জাহাজ

এই সন্দৰ্ভত বাতৰি প্ৰকাশ পোৱাৰ পাছতেই কেন্দ্রীয় বন্দৰ আৰু জলপথ বিভাগৰ মন্ত্রী সর্বানন্দ সোণোৱালৰ নিৰ্দেশত সংশ্লিষ্ট বিভাগে ধুবুৰীত দুখনকৈ উন্নতমানৰ ড্রেজাৰৰ জৰিয়তে খনন কাৰ্য আৰম্ভ কৰে । দুখনকৈ ড্রেজাৰেৰে ব্ৰহ্মপুত্ৰৰ বুকুৰ কেইবাটাও স্থানত খনন চলোৱাৰ ফলত প্রায় সুচল হৈ উঠিছে নদীপথ ।

ইতিমধ্যে আবদ্ধ হৈ থকা বাংলাদেশৰ শিলভর্তি জাহাজসমূহ ৰাওনা হৈছে স্বদেশলৈ । উল্লেখ্য যে ভূটান, বাংলাদেশ আৰু ভাৰত চৰকাৰৰ মাজত হোৱা ত্রিপাক্ষিক চুক্তিৰ ভিত্তিত বিগত কেইটাবছৰ ধৰি ধুবুৰী জাহাজঘাটৰ পৰা বাংলাদেশলৈ শিল ৰপ্তানি আৰম্ভ হৈছে । ধুবুৰীৰ পৰা প্ৰতিদিনে হেজাৰ হেজাৰ কুইণ্টল শিল নদীপথেৰে বাংলাদেশলৈ ৰপ্তানি কৰা হৈছে । বিপৰীতে ভাৰত আৰু অসম চৰকাৰে প্ৰতিদিনে বৃহৎ পৰিমাণৰ ৰাজহ লাভ কৰিবলৈ সক্ষম হৈছে ।

কিন্তু বিগত প্রায় ২০ দিন ধৰি সম্পূর্ণৰূপে বন্ধ হৈ আছিল বাংলাদেশলৈ শিলৰ ৰপ্তানি । ভয়ংকৰভাৱে জলস্তৰ হ্ৰাস পোৱাত ধুবুৰীৰ ব্ৰহ্মপুত্র নদীপথত যাত্রীবাহী আৰু মালবাহী জাহাজৰ লগতে যন্ত্রচালিত নাৱৰ চলাচলৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছিল । তেনে সময়তে প্ৰ‍ায় এমাহ পূর্বে শিল কঢ়িওৱাৰ বাবে বাংলাদেশৰ পৰা ধুবুৰীৰ জাহাজঘাটত উপস্থিত হৈছিল অর্ধশতাধিক মালবাহী জাহাজ ।

আটাইকেইখন জাহাজত শিলভর্তি কৰাৰ পাছত বাংলাদেশলৈ যাত্ৰা আৰম্ভ কৰে যদিও পানীৰ অংশ যথেষ্ট কমি যোৱাৰ ফলত ধুবুৰীৰ নদীপথৰ ভিন্ন স্থানত আবদ্ধ হৈ পৰিছিল বাংলাদেশৰ পৰা অহা মালবাহী জাহাজসমূহ । অৱশেষত ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুত খনন কাৰ্য আৰম্ভ হোৱাত পৰিস্থিতি স্বাভাৱিক হয় । লক্ষণীয় বিষয় যে বৃহৎ নদীবান্ধৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ ক্ৰমাৎ অতি উদ্বেগজনকভাৱে হ্ৰাস পাব ধৰিছে ।

লগতে পঢ়ক :অস্বাভাৱিকভাৱে হ্ৰাস ব্ৰহ্মপুত্ৰৰ জলস্তৰ, ধুবুৰীত আবদ্ধ অৰ্ধ শতাধিক বাংলাদেশী জাহাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.