ETV Bharat / state

SFI-DYFI demand for preservation: অর্থনৈতিকভাৱে দুর্বল শ্ৰেণীৰ সংৰক্ষণ বাহাল ৰখাৰ দাবী - ভাৰতৰ ছাত্র ফেডাৰেচন

অর্থনৈতিকভাৱে দূর্বল শ্ৰেণীৰ সংৰক্ষণ বাহাল ৰখাৰ দাবী এছ এফ আই আৰু ডি ৱাই এফ আইৰ (Students Federation of India)। এই সংৰক্ষণ বাহালৰ দাবীত সংগঠন দুটাৰ জিলাই জিলাই স্মাৰক পত্ৰ প্ৰদান ।

Students Federation of India
এছ এফ আই আৰু ডি ৱাই এফ আইৰ সংবাদমেল
author img

By

Published : Dec 28, 2022, 6:04 PM IST

এছ এফ আই আৰু ডি ৱাই এফ আইৰ সংবাদমেল

গুৱাহাটী, ২৮ ডিচেম্বৰ: ভাৰতৰ ছাত্র ফেডাৰেচন (SFI) আৰু ভাৰতৰ গণতান্ত্রিক যুৱ ফেডাৰেচনে (DYFI) বুধবাৰে অর্থনৈতিকভাৱে দূর্বল শ্ৰেণীৰ সংৰক্ষণ বাহাল ৰখাৰ দাবীত মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে (SFI DYFI Memorandum sent to CM) । কামৰূপ মহানগৰ জিলা উপায়ুক্তক এছ এফ আই আৰু ডি ৱাই এফ আইৰ এক প্রতিনিধি দলে সাক্ষাৎ কৰি বুধবাৰে এই স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণৰ বাবে প্ৰদান কৰে । উক্ত প্রতিনিধি দলটোত এছ এফ আইৰ ৰাজ্যিক সম্পাদক সংগীতা দাস, ৰাজ্যিক যুটীয়া সম্পাদক হিমাংশু বৰা, সম্পাদকমণ্ডলীৰ সদস্য অনুজা ডেকা আৰু ডি ৱাই এফ আইৰ ৰাজ্যিক যুটিয়া সম্পাদক নিৰংকুশ নাথ উপস্থিত থাকে ।

উল্লেখ্য যে আজি সংগঠন দুটাই জিলাই জিলাই স্মাৰক পত্ৰ প্ৰদান কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰে । সংগঠন দুয়োটাই স্মাৰকপত্ৰত উল্লেখ কৰে যে যোৱা ২১ ডিচেম্বৰত এক জাননীৰ জৰিয়তে অসম চৰকাৰে নিযুক্তিৰ ক্ষেত্ৰত কাৰ্যকৰী হৈ থকা আর্থিকভাবে দুর্বল শ্ৰেণীৰ (Economically Weaker Section) সংৰক্ষণ ব্যৱস্থা স্থগিত ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । এই সিদ্ধান্তই সমাজৰ এক বৃহৎ অংশৰ যুৱক-যুৱতীৰ ক্ষতি কৰিব । ভাৰতৰ ছাত্র ফেডাৰেচন আৰু ভাৰতৰ গণতান্ত্রিক যুব ফেডাৰেচনে এই সিদ্ধান্ত বাতিল কৰি অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ সংৰক্ষণ বাহাল ৰখাৰ দাবী জনাইছে ।

উল্লেখ্য় যে অসম চৰকাৰে ২০১১ চনৰ ২ ফেব্ৰুৱাৰী আৰু ১০ এপ্ৰিলত সুকীয়া 'অফিচ মেম'ৰেণ্ডাম' যোগে ৰাজ্যৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকৰ বাবে চৰকাৰী নিযুক্তি প্ৰক্ৰিয়াত দহ শতাংশ পদ সংৰক্ষণ কৰিছিল । এনে সংৰক্ষণ ব্যৱস্থাৰ বাবে বিগত সময়ছোৱাত বহু দুখীয়া ঘৰৰ যুৱক-যুৱতীয়ে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছিল । কিন্তু যোৱা ২১ ডিচেম্বৰত অসম চৰকাৰৰ কর্মচাৰী বিভাগে ২০১৯ চনত বলৱৎ কৰা অফিচ 'অফিচ মেম'ৰেণ্ডাম'খন স্থগিত ৰাখি চৰকাৰী নিযুক্তি প্রক্রিয়াত আর্থিকভাবে দুর্বল শ্ৰেণীৰ বাবে থকা ১০ শতাংশ পদ সংৰক্ষণ ব্যৱস্থাত নিষেধাজ্ঞা বলৱৎ কৰে । এই নিষেধাজ্ঞাই এক বিৰূপ প্ৰভাৱ পেলাব আৰু সেয়ে এই সিদ্ধান্ত বাতিল কৰাৰ দাবী দুয়োটা সংগঠনে উত্থাপন কৰিছ বুলি মন্তব্য কৰে এছ এফ আইৰ নেত্ৰী সংগীতা দাস আৰু ডি ৱাই এফ আইৰ নেতা নিৰকুংশ নাথে ।

তেওঁলোকে কয়," ই ডব্লিউ এছৰ সংজ্ঞা নিৰ্ধাৰণৰ মাপকাঠীক লৈ আমি কিছু দিশ বিবেচনা কৰাৰ দাবী জনাইছো । অসম চৰকাৰে ই ডব্লিউ এই কোটাত সংৰক্ষণৰ সুবিধা লাভৰ বাবে পৰিয়াল এটাৰ বছৰেকীয়া আয় আৰু সম্পত্তিৰ ক্ষেত্ৰত থকা নিৰিখে যি প্রকৃত দৰিদ্ৰ আৰু নিঃস্ব নহয়, তেনে বৃহৎ জনসংখ্যাক এই সংৰক্ষণৰ সুবিধাসমূহ লাভ কৰিবলৈ সুযোগ দিব । কার্যতঃ ইয়াৰ ফলত দুখীয়াৰ মাজত বৈষম্যৰ সৃষ্টি হয়। গতিকে চৰকাৰে এই দিশটো বিশেষভাবে পর্যালোচনা কৰাৰ প্ৰয়োজন আছে ।"

তেওঁলোকে পুনৰ কয় যে মুঠ আসনৰ ১০ শতাংশ সংৰক্ষণৰ বাবে নিৰ্ধাৰণ কৰা সঠিক হ'ব নে অসমৰ জনগাঁথনিলৈ বিবেচনা কৰি তাক পুনৰ নিৰ্ধাৰণ কৰাৰ প্রয়োজন থাকিব পাৰে সেই দিশটোও পর্যালোচনা কৰাৰ প্ৰয়োজন আছে । আনহাতে, বিগতসময়ত ই ডব্লিউ এছৰ প্ৰমাণ পত্ৰ লাভ কৰাৰ ক্ষেত্ৰত বিভিন্ন দুর্নীতিৰ অভিযোগ উত্থাপন হৈছে । ভুৱা প্ৰমাণ পত্ৰ যাতে ব্যবহাৰ কৰিব নোৱাৰে তাৰ প্ৰতি বিশেষ মনযোগ দিয়াৰ প্রয়োজন আছে । তেওঁলোকে লগতে কয় ,"এই দিশসমূহ উত্থাপন কৰি আমি পুনৰ ক'ব বিচাৰোঁ যে ই ডব্লিউ এছৰ সংৰক্ষণৰ ব্যৱস্থা অসমত বাহাল ৰখাৰ প্ৰয়োজন । ইয়াৰ সংশোধনী কৰি ত্রুটিসমূহ আঁতৰ কৰাৰ প্ৰয়োজন, কিন্তু ইয়াক বাতিল কৰাৰ সিদ্ধান্ত গ্রহণযোগ্য নহয়। আমি অসম চৰকাৰক নিযুক্তিৰ ক্ষেত্ৰত থকা আর্থিকভাবে দুর্বল শ্ৰেণীৰ সংৰক্ষণ বাহাল ৰাখিবলৈ দাবী জনালো । "

লগতে পঢ়ক:Cattle syndicate: বিলাসী বাহনৰ ভিতৰৰ পৰা ওলাল ৪ টাকৈ চোৰাং গৰু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.