ETV Bharat / state

SFI and DYFI protest in Guwahati : ৮ হাজাৰ শিক্ষক পদ বিলুপ্তিৰ সিদ্ধান্ত বাতিলৰ দাবীত গুৱাহাটীত উত্তাল প্ৰতিবাদ - Shortage of teacher in Assam schools

গুৱাহাটীত শুকুৰবাৰে এছএফআই আৰু ডিৱাইএফয়ে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ ৷ ৰাজ্য চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা আঠ হেজাৰ শিক্ষকৰ পদ বিলুপ্তিৰ সিদ্ধান্তৰ বিৰোধিতা কৰি সংগঠন দুটাই এই বিক্ষোভ কাৰ্সূযচী গ্ৰহণ কৰে (Assam govt decision of abolish 8000 teachers post)৷

SFI and DYFI protest in Guwahati
৮ হাজাৰ শিক্ষক পদ বিলুপ্তিৰ সিদ্ধান্ত বাতিলৰ দাবীত গুৱাহাটীত উত্তাল প্ৰতিবাদ
author img

By

Published : Nov 11, 2022, 5:42 PM IST

Updated : Nov 11, 2022, 6:00 PM IST

গুৱাহাটী, ১১ নৱেম্বৰ : অসম চৰকাৰৰ আৰক্ষী বাহিনীৰ তীব্ৰ প্ৰতিৰোধক ওফৰাই গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰিলে ছাত্ৰ সংগঠন এছ এফ আই আৰু যুৱ ডি ৱাই এফ আইয়ে (SFI protest in Guwahati)। অসম চৰকাৰে ৮ হাজাৰ স্থায়ী শিক্ষকৰ পদ বিলুপ্ত কৰিবলৈ লোৱা হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ কৰা, টেট উত্তীৰ্ণক নিযুক্তি আৰু ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ দাবীত শুকুৰবাৰে এই প্ৰতিবাদ সাব্যস্ত কৰে (DYFI protest in Guwahati)৷

অসম চৰকাৰে শিক্ষা ব্যৱস্থালৈ অন্ধকাৰ নমাই আনি ৮ হাজাৰ শিক্ষকৰ পদ চিৰদিনৰ বাবে বিলুপ্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে (Teachers post abolition in Assam) ৷ ইয়াৰে নিম্ন প্ৰাথমিকৰ ৪,২৮৫ টা আৰু উচ্চ প্ৰাথমিকৰ ৩,৭১৫ টা শিক্ষকৰ পদ আছে । চৰকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰি দীঘলীপুখুৰী পাৰত প্ৰতিবাদৰ আহ্বান জনাইছিল, কিন্তু প্ৰতিবাদস্থলীলৈ গৈ পোৱাৰ আগতে অৰ্থাৎ গুৱাহাটী প্ৰেছ ক্লাৱৰ(Guwahati press club) সন্মুখতে প্ৰতিবাদীকাৰীসকলক আৰক্ষীয়ে আগুচি ধৰি আবদ্ধ কৰাৰ লগতে আটক কৰে ।

উল্লেখ্য যে, আৰক্ষীৰ ঠেলা-হেঁচাত কেইবাজনো প্ৰতিবাদকাৰী সামান্যভাৱে আঘাতপ্ৰাপ্ত হোৱাৰো খবৰ লাভ কৰা গৈছে । চৰকাৰৰ এই পদ বিলুপ্তিৰ সিদ্ধান্তক শিক্ষা আৰু নিবনুৱা বিৰোধী সিদ্ধান্ত বুলি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই) আৰু ভাৰতৰ ছাত্ৰ ফেডাৰেছন (এছ এফ আই)য়ে আখ্যা দিছে ।

শিক্ষকৰ অভাৱত ৰাজ্যখনৰ শিক্ষা ব্যৱস্থা নিম্নগামী হৈ পৰা সময়তে শিক্ষকপদৰ বিলুপ্তিয়ে শিক্ষা ব্যৱস্থালৈ অধিক বিপৰ্যয় নমাই আনিব বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে । ৰাজ্যখনত হাজাৰ হাজাৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে শিক্ষকপদৰ চাকৰিৰ বাবে আশা পালি থকাৰ সময়তে চৰকাৰে এই সিদ্ধান্তৰে শিক্ষিত যুৱক-যুৱতীসকলৰ মূৰত ৰামটাঙোন সোধাইছে বুলিও মন্তব্য কৰে ।

৮ হাজাৰ শিক্ষক পদ বিলুপ্তিৰ সিদ্ধান্ত বাতিলৰ দাবীত গুৱাহাটীত উত্তাল প্ৰতিবাদ

একেদৰে ত্ৰিশ সহস্ৰাধিক ঠিকাভিত্তিক শিক্ষকৰ জীৱনলৈ চৰকাৰে ভাবুকি কঢ়িয়াই আনিছে বুলি মন্তব্য কৰি প্ৰতিবাদকাৰীসকলে কয় যে, ঠিকাভিত্তিক শিক্ষকসকলে চাকৰি নিশ্চিত কৰি নিৰাপত্তাৰ লগতে সকলো সা-সুবিধাৰে চাকৰি স্থায়ী কৰাৰ দাবী জনাই আহিছে ।

অসম চৰকাৰখন যে শেহতীয়াকৈ তীব্ৰ আৰ্থিক সংকটত ডুব গৈছে সেয়া প্ৰমাণিত হৈছে বুলি উল্লেখ কৰি প্ৰতিবাদকাৰীসকলে কয় যে, ৰাজকোষৰ ধন যধে-মধে খৰচ কৰাৰ ফলত তীব্ৰ আৰ্থিক সংকটে দেখা দিছে । চৰকাৰৰ পৰিকল্পনাহীন আৰু উনুৎপাদনশীল খণ্ডত ব্যয় কৰাৰ ফলত চৰকাৰৰ আৰ্থিক অৱস্থা গভীৰ সংকটত সোমাই পৰিছে । এই সংকটৰ জোৰা মাৰিবলৈ বিজেপি চৰকাৰখনে ব্যয় সংকোচন নীতি গ্ৰহণ কৰি শিক্ষকৰ স্থায়ী পদ বিলুপ্তিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ।

ৰাজ্যখনত প্ৰায় ৪ সহস্ৰাধিক শিক্ষানুষ্ঠান এজনীয়া শিক্ষকৰে চলি আছে (Shortage of teacher in Assam schools)। এনে অৱস্থা চৰকাৰৰ সিদ্ধান্ত কেৱল শিক্ষা বিৰোধীয়ে নহয় ই চূড়ান্ত নিবনুৱা বিৰোধীও । এই সিদ্ধান্ত ৰাজহুৱা শিক্ষা ব্যৱস্থাক ধ্বংস কৰাৰ দিশত আৰু এখোজ আগুৱাই নিব । টেট উত্তীৰ্ণসকলক আশাহত কৰিব আৰু ঠিকাভিত্তিক শিক্ষকসকল গভীৰ অনিশ্চয়তাৰ মাজত সোমাই পৰিব । এনে প্ৰেক্ষাপটতে ডি ৱাই এফ আই আৰু এছ এফ আইয়ে আজিৰ প্ৰতিবাদৰ আহ্বান দিয়া বুলি উল্লেখ কৰে ।

বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ আৰক্ষী বাহিনীৰ ভুমিকাক কঠোৰ ভাষাৰে গৰিহণা দিয়ে প্ৰতিবাদত বহা দুই সংগঠনৰ নেতৃত্বই ৷ শুকুৰবাৰৰ প্ৰতিবাদী কাৰ্যসূচী দীঘলীপুখুৰী পাৰত দুঘন্টাৰ বাবে অৱস্থান কৰাৰ পৰিকল্পনা কৰিছিল যদিও আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক দীঘলীপুখুৰী পাৰলৈ যোৱাত বাধা আৰোপ কৰে ।

আনকি বৰপেটাৰ ৰোডৰ পৰা আহিবলৈ বিচৰা প্ৰতিবাদকাৰীসকলক বৰপেটা ৰোড ষ্টেচনতে ৰে'লত উঠাত বাধা প্ৰদান কৰাৰ ফলত প্ৰতিবাদকাৰীসকল ৰে'লত উঠিব নোৱাৰিলে । আৰক্ষীৰ এই ভূমিকা গণতান্ত্ৰিক দেশ এখনৰ বাবে অতিকৈ দুৰ্ভাগ্যজনক আখ্যা দি ডি ৱাই এফ আই আৰু এছ এফ আয়ে কঠোৰ ভাষাৰে নিন্দা কৰে (Assam govt decision of abolish 8000 teachers post)।

লগতে পঢ়ক : Mission Basundhara 2: ভূমিপুত্ৰক মাটিৰ অধিকাৰী কৰাৰ বিশেষ পদক্ষেপ চৰকাৰৰ

Last Updated : Nov 11, 2022, 6:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.