গুৱাহাটী, 20 আগষ্ট : বিজেপিত ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে ন-পুৰণিৰ বিতৰ্ক তথা সংঘাত ৷ এই বিষয়টোক কেন্দ্ৰ কৰি ক্ষোভৰ বহিঃপ্ৰকাশ ঘটাই দেওবাৰে দলৰ সভাপতি ভৱেশ কলিতাক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে দলৰ কেইবাগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তাই ৷ দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত উপস্থিত কৰ্মকৰ্তাসকলে সভাপতিগৰাকীক সাক্ষাৎ কৰি দলৰ মাজত চলি থকা নতুন-পুৰণিৰ সংঘাত দূৰ কৰাৰ আহ্বানেৰে স্মাৰক পত্ৰ প্ৰদান কৰে ৷
স্মাৰক পত্ৰ প্ৰদান কৰি কাৰ্যকৰ্তাসকলে কয় যে দলত কোনো ন-পুৰণি বুলি কথা নাই ৷ সকলো কার্যকৰ্তাই উপযুক্ত সময়ত দলৰ দায়িত্ব লাভ কৰে ৷ দলে কোনো ব্যক্তিক উপযুক্ত সময়ত বিধায়ক, সাংসদ বা মন্ত্ৰী বনাই, সেই বুলি এজনকে সেই সুযোগ দি আহিব বুলি কথা নাই ৷ আমি দল আৰু দেশৰ স্বাৰ্থত কাম কৰি যাব খোজো আৰু দুই এজন নেতাই ব্যক্তিগত স্বাৰ্থৰ কথা চিন্তা কৰে বুলি কৰ্মকৰ্তাসকলে সদৰী কৰে ৷
সকলো কার্যকৰ্তাই উপযুক্ত সময়ত দলৰ দায়িত্ব লাভ কৰিব লাগিব বুলিও তেওঁলোকে মন্তব্য কৰে ৷ মৃগেন শৰণীয়া, মুকুতা ডেকা, জয়ন্ত ডেকা, নবাৰুণ মেধিকে ধৰি দলৰ 30 জনীয়া জ্যেষ্ঠ কাৰ্যকৰ্তাৰ এটি দলে সভাপতিক সাক্ষাৎ কৰি জনায় নিজৰ ওজৰ-আপত্তি ৷
ইফালে স্মাৰক পত্ৰ গ্ৰহণ কৰি সভাপতি ভৱেশ কলিতাই কয় যে দলত কোনো সংঘাত নাই ৷ দুই-এজনে ব্যক্তিগত লাভৰ বাবে ন-পুৰণিৰ প্ৰসংগ উত্থাপন কৰাৰ কথা সদৰী কৰি তেওঁ সমষ্টি পুনৰ নিৰ্ধাৰণত মুখ্যমন্ত্ৰীৰ নামটো বাৰে বাৰে একাংশই অনাহকত টানি অনা বুলি কয় ৷ দলত কোনো এতিয়া ন-পুৰণি বুলি নাই ৷ সকলোৱে যোগদান কৰা 8-10 বছৰ হৈ গৈছে, সকলোকে দায়িত্ব দিবই লাগিব ৷
সন্তুষ্টি আৰু অসন্তুষ্টি দলত থাকেই বুলি সদৰী কৰি তেওঁ কয় যে দলত পোৱা-নোপোৱাৰ বেদনাও থাকে ৷ ইফালে অসন্তুষ্ট জ্যেষ্ঠ কাৰ্যকতাসকলে কয় যে তেওঁলোক এতিয়া দলত জ্যেষ্ঠ আৰু তেওঁলোকে দল চলাব ৷ তেওঁলোক তৃণমূল তথা ৱাৰ্ড পৰ্যায়ৰ পৰা আহিছে বুলি তেওঁলোকে কয় ৷
লগতে পঢ়ক : Assam BJP internal clash: ভাৰতীয় জনতা পাৰ্টীয়ে সদায় জ্যেষ্ঠ জনক সন্মান কৰে; ভৱেশ কলিতা