গুৱাহাটী, ২৭ অক্টোবৰঃ প্ৰেছ এমব্লেম কেম্পেইন চমুকৈ পিইচি নামৰ আন্তৰ্জাতিক সংস্থাৰ ভাৰতৰ প্ৰতিনিধি হিচাপে বাছনি কৰা হৈছে অসমৰ জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়াক। জেনেভা অৱস্থিত পিইচি নামৰ সংস্থাটোৱে সমগ্ৰ পৃথিৱীতে সংঘটিত সাংবাদিক হত্যা, সংবাদকৰ্মীৰ ওপৰত হোৱা নিগ্ৰহ আৰু শেহতীয়াকৈ ক’ভিডত মৃত্যু হোৱা সাংবাদিকৰ তালিকা প্ৰস্তুত কৰি আহিছে।
বিশ্বৰ কেইবাখনো আগশাৰীৰ দেশৰ সাংবাদিকৰ উদ্যোগত ২০০৪ চনত জন্ম লাভ কৰা প্ৰেছ এমব্লেম কেম্পেইনৰ জ্যেষ্ঠ বিষয়া ব্লেইঞ্জ লেম্পেনে নৱ ঠাকুৰীয়াক এই দায়িত্ব অৰ্পণৰ কৰাৰ লগতে জাৰ্নেলিষ্ট ফ’ৰাম অৱ অসমৰ সভাপতি ৰূপম বৰুৱাক ইয়াৰ সহযোগী সংগঠন হিচাপে সন্মান আগবঢ়াইছে । উল্লেখ্যযোগ্য যে , বিগত এটা দশক ধৰি ৰাষ্ট্ৰসংঘত নিজৰ বক্তব্য উপস্থাপন কৰি অহা সংস্থাটোৱে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত কৰ্মৰত সাংবাদিকৰ আৰ্থিক অৱস্থা সম্পৰ্কতো অধ্যয়ন কৰিব।
অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা সাংবাদিক ঠাকুৰীয়াই অসমীয়া কাকতৰ জৰিয়তে সাংবাদিকতা জীৱন আৰম্ভ কৰি সম্প্ৰতি তেওঁ বহুকেইখন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কাকতত সাংবাদিকতা কৰাৰ উপৰি সাংবাদিকৰ বিভিন্ন সমস্যা সন্দৰ্ভত প্ৰবন্ধ-নিবন্ধ লিখি আহিছে। জেএফএ'ৰ সম্পাদক, নৰ্থ ইষ্ট ইউনিয়ন অৱ ৱৰ্কিং জাৰ্নেলিষ্ট আৰু প্ৰেছ ক্লাব অৱ অসমৰ কাৰ্যকৰী সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে। গুৱাহাটী প্ৰেছ ক্লাৱৰো সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল সাংবাদিক ঠাকুৰীয়াই।
লগতে পঢ়কঃ প্ৰসংগ মিঞা সংগ্ৰহালয়ঃ সাহিত্যিক-অধিবক্তাৰ প্ৰতিক্ৰিয়া