ETV Bharat / state

Water supply pipe burst: জলবিস্ফোৰণৰ ত্ৰুটি বিচাৰি চৰকাৰ শৰণাপন্ন আই আই টি গুৱাহাটীৰ

author img

By

Published : Jun 13, 2023, 8:59 PM IST

জনতা ভৱনত পাইপ লাইনৰ দুৰ্ঘটনা সন্দৰ্ভত আই আই টি গুৱাহাটীৰ বিশেষজ্ঞৰ সৈতে বৈঠক মন্ত্ৰী অশোক সিংহলৰ । চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ প্ৰফেচাৰ ৰাজীৱ কুমাৰ ভট্টাচাৰ্যৰ সৈতে আলোচনা । প্ৰকল্পৰ সমগ্ৰ পাইপলাইন, ভাল্ভ, জলাধাৰ আদিৰ সুৰক্ষা ব্যৱস্থাৱলীৰ পুংখানুপুংখ অধ্যয়ন কৰি ভৱিষ্যতে এনেধৰণৰ অনাকাংক্ষিত দুৰ্যোগ এৰাই চলাৰ বাবে প্ৰয়োজনীয় পৰামৰ্শ প্ৰদানৰ বাবে বিশেষজ্ঞগৰাকীক আহ্বান ।

expert of IIT Guwahati
Water supply pipe burst

গুৱাহাটী, 13 জুন: জাইকাৰ সাহায্যপ্ৰাপ্ত গুৱাহাটী পানী যোগান প্ৰকল্পৰ পাইপ লাইনত শেহতীয়াকৈ সংঘটিত হোৱা দুটাকৈ বৃহৎ দুৰ্ঘটনা সন্দৰ্ভত আই আই টি গুৱাহাটীৰ বিশেষজ্ঞৰ সৈতে মন্ত্ৰী অশোক সিংহলে তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত এক বৈঠকত মিলিত হয় । প্ৰতিষ্ঠানখনৰ চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক ৰাজীৱ কুমাৰ ভট্টাচাৰ্যৰ সৈতে এই বৈঠকত আলোচনা কৰে মন্ত্ৰীগৰাকীয়ে ৷

প্ৰকল্পটোৰ সমগ্ৰ পাইপলাইন, ভাল্ভ, জলাধাৰ আদিৰ সুৰক্ষা ব্যৱস্থাৱলীৰ পুংখানুপুংখ অধ্যয়ন কৰি ভৱিষ্যতে এনেধৰণৰ অনাকাংক্ষিত দুৰ্যোগ এৰাই চলাৰ বাবে প্ৰয়োজনীয় পৰামৰ্শ প্ৰদানৰ বাবে বিশেষজ্ঞগৰাকীক আহ্বান জনায় মন্ত্ৰী সিংহলে । বৈঠকত অধ্যাপকগৰাকীয়ে প্ৰকল্পৰ শেহতীয়া দুৰ্ঘটনাৰ সম্ভাব্য কাৰণ ব্যাখ্যা কৰি এক প্ৰেজেণ্টেশ্যন আগবঢ়োৱাৰ লগতে বিভাগৰ পৰা যাৱতীয় সকলোবোৰ তথ্য লাভ কৰাৰ পাচত পুংখানুপুংখ অধ্যয়ন কৰিব পৰা যাব বুলি জানিবলৈ দিয়ে ।

মন্ত্ৰী সিংহলে প্ৰকল্পৰ সুৰক্ষাগত দিশ, ডিজাইন, ব্যৱহৃত সামগ্ৰীৰ গুণগত মান, অপাৰেশ্যন এণ্ড মেইনটেনেন্স আদি সকলোবোৰ দিশ বিশ্লেষণ কৰি যথাসম্ভৱ সোনকালে এক প্ৰাথমিক প্ৰতিবেদন দাখিল কৰিবলৈ আই আই টি গুৱাহাটীৰ অধ্যাপকগৰাকীক আহ্বান জনায় ।

আনহাতে, প্ৰয়োজন সাপেক্ষে মহানগৰীৰ পানী পৰিবাহী পাইপলাইনৰ সুৰক্ষা পৰীক্ষণৰ কামত দেশৰ অন্যান্য প্ৰান্তত কৰ্মৰত বিশেষজ্ঞ কাৰিকৰী গোটকো নিয়োজিত কৰা হ’ব বুলিও মন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে । বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভন আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ লগতে জল ব’ৰ্ডৰ জ্যেষ্ঠ বিষয়ববীয়াসকল উপস্থিত আছিল ।

লগতে পঢ়ক: সাৰ পাইছে মন্ত্ৰী সিংহলে; মহানগৰীত প্ৰতিদিনে কমেও 10 খন ছুপাৰ ছাকাৰক কামত নিয়োজিত কৰাৰ নিৰ্দেশ

উল্লেখ্য যে, জাইকাৰ পানী যোগান আঁচনিৰ পাইপ ফাটি শেহতীয়াকৈ গুৱাহাটীত দুটাকৈ ভয়াৱহ জলবিস্ফোৰণৰ ঘটনা সংঘটিত হয় । প্ৰথমটো ঘটনা 25 মে'ত গুৱাহাটীৰ খাৰঘুলিৰ জয়পুৰত সংঘটিত হয় । পানীৰ পাইপ ফাটি হোৱা ভয়াৱহ জলবিস্ফোৰণৰ সেই ঘটনাত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে ৯জনকৈ লোক আহত হৈছিল । আনহাতে, অঞ্চলটোৰ 22 টাকৈ পৰিয়ালৰ ঘৰ-বাৰী বিধ্বস্ত হৈছিল । আনকি আশ্ৰয় শিবিৰত থাকিব লগীয়া হৈছিল লোকসকল ।

খাৰঘুলিৰ ঘটনাৰ পাচতে পুনৰ সোমবাৰে গুৱাহাটীৰ কমাৰ্চ পইণ্টৰ ওচৰৰ জু-ৰোড আৰু ৰাজগড় সংযোগী পথত অনুৰূপ ঘটনা সংঘটিত হয় । পানীৰ পাইপ ফাটি পুনৰ অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় লগতে বিস্তৰ ক্ষতিসাধন হয় । এই দুটা ভয়ংকৰ ঘটনাৰ পাচতে চৰকাৰখনৰ গা লৰিছে । পানী যোগান প্ৰকল্পৰ সমগ্ৰ ব্যৱস্থাটোত থকা ত্ৰুটি সমূহ দূৰ কৰাৰ বাবে চৰকাৰ শৰণাপন্ন হৈছে আই আই টি গুৱাহাটীৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.