গুৱাহাটী, ২৬ অক্টোবৰ: ছমহীয়া পৰীক্ষাত অনুপস্থিত থকা তথা অৱতীৰ্ণ নোহোৱা দশম শ্ৰেণীৰ ছাত্র-ছাত্রীসকলে আগন্তুক ২০২২ বৰ্ষৰ হাইস্কুল-হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত বহিব নোৱাৰিব । অসম মাধ্যমিক শিক্ষা পৰিষদ(SEBA)ৰ সচিব সুৰঞ্জনা সেনাপতিয়ে এই সন্দৰ্ভত জাৰি কৰা এক গুৰুত্বপূর্ণ নির্দেশত এই কথা স্পষ্ট কৰি দিছে । ইফালে সংশ্লিষ্ট বিদ্যালয় তথা জিলা পর্যায়ৰ আভ্যন্তৰীণ পৰীক্ষা কমিটীয়ে অনুষ্ঠিত কৰা আভ্যন্তৰীণ পৰীক্ষাৰ নম্বৰ অন্তর্ভুক্তিৰ বাবে অসম মাধ্যমিক শিক্ষা পৰিষদ(ছেবা)ই এটা প'ৰ্টেলো মুকলি কৰিছে । ছেবাৰ কাৰ্যালয়ত আয়োজন কৰা এক অনুষ্ঠানত ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ড° ননীগােপাল মহন্তই প’র্টেলটো মুকলি কৰে ।
ছেবাই নৱম শ্ৰেণীৰ বাবে নতুনকৈ প্ৰস্তুত কৰা কম্পিউটাৰ বিজ্ঞান বিষয়ৰ পাঠ্যপুথিখনাে উন্মােচন কৰা হয় । পৰ্টেলটোৰ লিংক ছেবাৰ ৱেবছাইট sebaonline.org ত উপলব্ধ কৰা হৈছে । এই প'ৰ্টেলটোত ছেবাৰ অধীনস্থ বিদ্যালয়সমূহে নৱম আৰু দশম শ্ৰেণীৰ শিক্ষার্থীসকলৰ গােট পৰীক্ষা, ছমহীয়া পৰীক্ষা, বছৰেকীয়া পৰীক্ষা আৰু প্ৰাক-চূড়ান্ত পৰীক্ষাত লাভ কৰা নম্বৰসমূহ অন্তর্ভুক্ত কৰিব লাগিব । অৱশ্যে বর্তমান দশম শ্ৰেণীৰ প্ৰতিজন শিক্ষার্থীৰ ছমহীয়া পৰীক্ষাত লাভ কৰা নম্বৰহে অন্তর্ভুক্ত কৰা হ'ব পৰ্টেলটোত । এই সম্পর্কত ছেবাৰ সচিব সুৰঞ্জনা সেনাপতিয়ে জাৰি কৰা নির্দেশটোত উল্লেখ কৰা অনুসৰি, নম্বৰ অন্তর্ভুক্তিৰ ক্ষেত্ৰত লগ ইন ইউজাৰ আই ডি আৰু পাছৱৰ্ড পূর্বে ছেবাই নৱম শ্ৰেণীৰ বাবে প্ৰস্তুত কৰা ৰেজিষ্ট্রেচন প'ৰ্টেলটোৰ সৈতে একে হ'ব ।
![SEBA strict instruction to class 10th students](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-04-seba-notice-for-hslc-exam-appear-students-7209925_26102021133032_2610f_1635235232_420.jpg)
যদিহে কোনাে বিদ্যালয়ে লগ ইন ইউজাৰ আই ডি পাহৰিছে তেন্তে বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ সৈতে যােগাযােগ কৰিবলৈ কোৱা হৈছে ।
মন কৰিবলগীয়া যে, দশম শ্ৰেণীৰ ছমহীয়া পৰীক্ষা অনুষ্ঠিত কৰাৰ প্রক্রিয়া নৱেম্বৰ মাহৰ ভিতৰত সম্পূর্ণ কৰিবলৈ বিদ্যালয়সমূহক সময়সীমা নির্ধাৰণ কৰি দিছে ছেবাই । যদিহে এই নির্দেশনা তথা ব্যৱস্থাৱলী ৰূপায়ণত কোনাে শিক্ষানুষ্ঠান ব্যর্থ হয় তেন্তে ছেবাই তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব । প্রয়ােজনত আনকি সংশ্লিষ্ট শিক্ষানুষ্ঠানখনৰ স্বীকৃতিও বাতিল হ'ব পাৰে বুলি ছেবা কৰ্তৃপক্ষই জানিবলৈ দিয়ে ।
লগতে পঢ়ক:ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট লখিমপুৰৰ মাইনাৰ