ETV Bharat / state

HSLC exam 2024: ৩ অক্টোবৰৰ পৰা মেট্টিক পৰীক্ষাৰ্থীৰ প্ৰ-পত্ৰ পূৰণ আৰম্ভ

author img

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 7:19 PM IST

২০২৪ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ জাননী জাৰি । উল্লেখ্য় যে ২০২৪ চনৰ ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত আৰম্ভ হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা ।

HSLC exam 2024
হাইস্কুল শিক্ষান্ত পৰীক্ষা

গুৱাহাটী, ২৭ ছেপ্টেম্বৰঃ ২০২৪ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ বাবে ছেৱাই জাননী জাৰি কৰিছে ৷ ছেৱাই জাৰি কৰা জাননী অনুসৰি এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীয়ে প্ৰ-পত্ৰ পূৰণৰ বাবে ২,২০০ টকা মাচুল আদায় দিব লাগিব ৷ অৱশ্যে দুখীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে এই মাচুল ধাৰ্য কৰা হোৱা নাই ।

উল্লেখ্য় যে যোৱা ২৬ ছেপ্টেম্বৰত ছেৱাই জাৰি কৰা জাননী মতে, ২০২৪ ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া পৰিক্ষাৰ্থীয়ে পৰীক্ষাৰ মাচুল ৭০০ টকা, প্ৰেক্টিকেল‌ মাচুল ১৫০ টকা,পৰীক্ষা কেন্দ্ৰৰ মাচুল ৩৫০ টকা আৰু ‌বছৰেকীয়া পঞ্জীয়ন মাচুল ১০০০ টকাসহ‌ মুঠ ২২০০ টকা আদায় দিব লাগিব । অৱশ্য়ে বছৰি ২ লাখ টকা‌ বা তাতকৈ কম উপাৰ্জন‌ কৰা পৰিয়ালৰ শিক্ষাৰ্থীয়ে এই মাচুল‌ আদায় দিব নালাগে । এই শিক্ষাৰ্থীসকল ২০২১ আৰু‌ ২০২২ চনত নৱম শ্ৰেণীত নামভৰ্তি কৰা হ'ব লাগিব ।

ছেবাই ২০২৪ ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অনলাইন প্ৰ-পত্ৰ পূৰণৰ দিন অহা ৩ অক্টোবৰৰ পৰা ৩১ অক্টোবৰ নিৰ্দ্ধাৰণ কৰিছে । আকৌ অনলাইন মাচুল‌ আদায়ৰ অন্তিম দিন ৩১ অক্টোবৰ নিৰ্দ্ধাৰণ কৰিছে । উল্লেখ্য় যে ২০২৪ চনৰ ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহৰ পৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা । এই সন্দৰ্ভত ছেবাই সকলো বিদ্যালয় পৰিদৰ্শকলৈ জাৰি কৰিছে জাননী । আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা ৫০ শতাংশ নম্বৰৰ অ'এম আৰ শ্বীটৰ জৰিয়তে হ'ব । পৃথক উত্তৰ বহীত হ'ব বাকী ৫০ শতাংশ নম্বৰৰ পৰীক্ষা ।

উল্লেখ্য যে ২০২৩ বৰ্ষৰ পৰাই ৰাজ্যত আৰম্ভ হোৱা নতুন শিক্ষানীতিৰ আধাৰত ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হয় । নতুন শিক্ষানীতি অনুসৰি প্ৰতিজন শিক্ষাৰ্থীয়ে ৪ টা বিষয়ত ৫০ শতাংশকৈ অবজেক্টিভ প্ৰশ্ন লাভ কৰিছিল । মুঠ ১০০ নম্বৰ ভিতৰত ৪৫ নম্বৰ আছিল থিয়ৰীৰ আৰু ৪৫ নম্বৰ আছিল অবজেকটিভ । তদুপৰি ১০ নম্বৰ আছিল ইণ্টাৰনেল এছেছমেণ্টত । এম আই এলৰ পৰীক্ষা আৰু ঐচ্ছিক বিষয়ৰ প্ৰশ্ন পূৰ্বৰ দৰেই আছিল ।

লগতে পঢ়ক:TYPA slam govt on SC:ৰাজনৈতিক ৰহন সানি ছয় জনগোষ্ঠীৰ মাজত বিভেদ সৃষ্টি কৰিবলৈ চেষ্টা চৰকাৰৰ : টাইপা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.