ETV Bharat / state

সোমবাৰৰ পৰা পুনৰ আৰম্ভ হ’ব ৰাজ্যৰ শিক্ষানুষ্ঠান

author img

By

Published : Nov 1, 2020, 7:43 PM IST

শিক্ষানুষ্ঠানৰ প্ৰধান গৰাকীয়ে পাঠদান কৰাবলগীয়া বিষয় সমূহৰ দৈনিক ৰুটিনৰ তালিকাৰ লগতে প্ৰতিটো বিষয়ৰ সন্নিবিষ্ট তথ্য ছাত্ৰ ছাত্ৰী সকলক যোগান ধৰিবলৈকো শিক্ষা বিভাগে প্ৰকাশ কৰা SOP ত উল্লেখ কৰা হৈছে । আনহাতে মধ্যাহ্ন ভোজন কৰ্মী সকললৈকো কঠোৰ নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে । SOP ত প্ৰকাশ পোৱা তথ্য অনুসৰি মধ্যাহ্ন ভোজনৰ ৰান্ধনী তথা সহায়িকা গৰাকীয়ে বিদ্যালয়লৈ অহাৰ পূৰ্বে ক’ভিড টেষ্ট কৰোৱাটো বাধ্যতামূলক কৰা হৈছে।

school reopen at assam  after covid-19 pandamic
কঠোৰ নীতি-নিয়মৰ মাজেৰে সোমবাৰৰ পৰা খোল খাব ৰাজ্যৰ শিক্ষানুষ্ঠান

গুৱাহাটী,1 নৱেম্বৰঃ শিক্ষা বিভাগৰ কঠোৰ নীতি-নিৰ্দেশনাৰ মাজেৰে সোমবাৰৰ পৰা খোল খাব ৰাজ্যৰ বিদ্যালয়ৰ সমূহ। স্বাস্থ্য বিভাগে প্ৰকাশ কৰা নিৰ্দেশাৱলী অনুসৰি ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী লৈকে দুটা পৰ্যায়ত কৰিব পাৰিব পাঠদান । ষষ্ঠ, অষ্টম, দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলক সোমবাৰ, বুধবাৰ আৰু শুক্ৰবাৰে দুটা ভাগত পাঠদান কৰিব পাৰিব। ছাত্ৰ-ছাত্ৰী সকলৰ কোনটো ভাগক কেতিয়া পাঠদান কৰিব সেয়া নিৰ্ণয় কৰিব বিদ্যালয়ৰ প্ৰধান গৰাকীয়ে । নিৰ্দেশাৱলীত প্ৰকাশ পোৱা অনুসৰি A আৰু B দুটা পৰ্যায়ত শ্ৰেণী সমূহক ভাগ কৰা হৈছে । প্ৰথম পৰ্যায়ত পাঠদান কৰা ছাত্ৰ ছাত্ৰী সকলক পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১২ বজালৈকে আৰু দ্বিতীয় পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰী সকলক দুপৰীয়াৰ ১২.৩০ বজাৰ পৰা বিয়লি ৩.৩০ বজালৈকে পাঠদান কৰাবলৈ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰৰ শিক্ষাবিভাগে । শিক্ষানুষ্ঠানৰ প্ৰধান গৰাকীয়ে পাঠদান কৰাবলগীয়া বিষয় সমূহৰ দৈনিক ৰুটিনৰ তালিকাৰ লগতে প্ৰতিটো বিষয়ৰ সন্নিবিষ্ট তথ্য ছাত্ৰ ছাত্ৰী সকলক যোগান ধৰিবলৈকো শিক্ষা বিভাগে প্ৰকাশ কৰা SOP ত উল্লেখ কৰা হৈছে।

একেদৰে সপ্তম নৱম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলক সেই একে দুটা পৰ্যায়তে সপ্তাহৰ মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে পাঠদান কৰাবলৈ নিৰ্দেশ জাৰি কৰিছে। সমান্তৰালকৈ মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰটো নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে। প্ৰথম পৰ্যায়ত পাঠ গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী সকলে পুৱা ১১.৩০ বজাৰ পৰা ১২ বজালৈকে মধ্যাহ্ন ভোজন গ্ৰহণ কৰাৰ পৰিবৰ্তে দ্বিতীয় পৰ্য্যায়ত পাঠ গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী সকলে দুপৰীয়া ১২.৩০ বজাৰ পৰা ১ বজালৈকে মধ্যাহ্ন ভোজন গ্ৰহণ কৰিব পাৰিব।

আনহাতে মধ্যাহ্ন ভোজন কৰ্মী সকললৈকো কঠোৰ নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে । SOP ত প্ৰকাশ পোৱা তথ্য অনুসৰি মধ্যাহ্ন ভোজনৰ ৰান্ধনী তথা সহায়িকা গৰাকীয়ে বিদ্যালয়লৈ অহাৰ পূৰ্বে ক’ভিড টেষ্ট কৰোৱাটো বাধ্যতামূলক কৰা হৈছে । ইয়াৰ লগতে ছাত্ৰ ছাত্ৰী সকলক প্ৰদান কৰা মধ্যাহ্ন ভোজন গৰমে গৰমে পৰিবেশন কৰিব পৰাকৈ যোগান ধৰিবলৈ নিৰ্দেশ দিয়া হৈছে । যদি কোনো মধ্যাহ্ন ভোজন কৰ্মীয়ে জ্বৰ কাহ আদি ৰোগত আক্ৰান্ত হৈছে তেনেহলে তেনে কৰ্মীক পোন্ধৰ দিনৰ বাবে ঘৰতে থাকিবলৈ SOP যোগে নিৰ্দেশ দিয়া হৈছে ।

তাৰ সমান্তৰালকৈ বিদ্যালয় কৰ্তৃপক্ষ সমূহক জনোৱা হৈছে প্ৰতি সপ্তাহৰ মূৰত বিদ্যালয়ৰ চৌপাশৰ লগতে শ্ৰেণী কোঠা সমূহো চেনিটাইজ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলে যাতে বিদ্যালয়লৈ আহোঁতে মাস্ক আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰাৰ লগতে শাৰীৰিক দূৰত্ব যাতে বজাই ৰাখে সেই বিষয়টো অধিক গুৰুত্ব প্ৰদান কৰিবলৈ বিদ্যালয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে । স্বাস্থ্য বিভাগৰ এনে কঠোৰ নিৰ্দেশনাৱলী মানিচলি ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠান সমূহে সোমবাৰৰ পৰা পাঠদান কৰিবলৈ সাজু হৈছে যদিও ব্যক্তিগত খণ্ডৰ একাংশ শিক্ষানুষ্ঠানে এই ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰা নাই ।

ৰাজ্যৰ এখন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠান অসম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ঘনশ‍্যাম মেধীয়ে জানিবলৈ দিয়া মতে “ৰাজ্যত এতিয়াও মাৰ যোৱা নাই ক’ভিড ভয়াৱহতা । এতিয়াও দ্ৰুত গতিত বৃদ্ধি পায় আছে ক’ভিড আক্ৰান্তৰ সংখ্যা ।” ক’ৰণাৰ এনে সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অসম জাতীয় বিদ্যালয়কে আদি কৰি একাংশ ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিস্থানে কিছু দিন বাট চাইহে পাঠদান কাৰ্যসূচী আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়কঃ ক'ত হেৰাল বেণ্ডিকোট !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.