ETV Bharat / state

Threat to Assam Tea Industries: এইবাৰ কয়লা আৰু ইউৰিয়াৰ নাটনি

author img

By

Published : Nov 29, 2021, 9:51 PM IST

জলবায়ুৰ নেতিবাচক পৰিৱৰ্তনে যোৱা দুটা বছৰত অসমৰ চাহ উদ্যোগৰ প্ৰতি ভাবুকি (threat to assam tea industries)ৰ সৃষ্টি কৰাৰ পিছত এতিয়া কয়লা আৰু ইউৰিয়াৰ নাটনিয়ে এই উদ্যোগলৈ আন এক সংকট মাতি আনিছে । চাহ উৎপাদনকাৰী ব্যক্তি বা বৃহৎ কোম্পানী সমূহৰ বাবে ই হৈ পৰিছে প্ৰত্যাহ্বানৰ বিষয় (challenges ahead to tea growers and industries) ।

scarcity-of-coal-and-urea-brings-stress-in-tea-industry
Stress in tea industry: এইবাৰ কয়লা আৰু ইউৰিয়াৰ নাটনি

গুৱাহাটী, ২৯ নৱেম্বৰ : এইবাৰ অসমৰ চাহ উদ্যোগৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে কয়লা আৰু ইউৰিয়াৰ নাটনিয়ে(Threat to Assam tea industries)। চাহ খেতি আৰু প্ৰস্তুত কৰণৰ বাবে অত্যাৱশ্যকীয় বুলি বিবেচিত হোৱা এই দুয়োবিধ সামগ্ৰীৰ যোগানৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দেখুৱাই অহা আচৰণে চাহ উৎপাদনকাৰী সকলক কাৰ্যত হতাশ কৰা পৰিলক্ষিত হৈছে(stress among tea growers ) ।

উল্লেখযোগ্য যে, শেহতীয়াকৈ গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা নৰ্থ ইষ্ট টি এছ'ছিয়েছনৰ এক অধিৱেশনত(conference of North East Tea Association ) সংস্থাটোৰ অধ্যক্ষ সুনীল জালানে তথ্য সহ বিষয়টো চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে । সংস্থাটোৰ তথ্য অনুসৰি অসমে বহু প্ৰতিকূল পৰিস্থিতিৰ মাজেৰে এতিয়াও বছৰি ৭১৫ নিযুত টন চাহ উৎপাদন কৰি আছে ।

২০১৯ চনৰ বৰ্ষত ৰাজ্যৰ ক্ষুদ্ৰ আৰু বৃহৎ কোম্পানী সমুহৰ দ্বাৰা উৎপাদিত চাহৰ পৰিমান আছিল ৭১৬.৪৯ নিযুত টন । ৰাজ্যৰ চাৰি লাখ হেক্টৰ ভূমিত উৎপাদিত হৈ অহা এই চাহ পাতৰ বিপৰীতে ফেক্টৰী আছে ৮০০ টা ।

ইয়াৰ ৫০৮ টকা আছে বিভিন্ন বাগিছা আৰু কোম্পানীৰ অধীনত । বাকী ২৯৬ টা আছে নিজাববীয়াকৈ । সংস্থাটোৰ তথ্য অনুসৰি প্ৰতি কিলোগ্ৰাম চাহ উৎপাদন কৰিবলৈ ৮০০ গ্ৰামৰ পৰা ১ কিলোগ্ৰাম কয়লাৰ দৰকাৰ হয় । উল্লিখিত সংখ্যক ফেক্টৰীৰ ৪০০ ফেক্টৰীয়েই কয়লাৰ ওপৰত নিৰ্ভৰ কৰি উৎপাদন কৰিব লাগে। আন ৪০০ ফেক্টৰীয়ে উৎপাদন কৰে আছাম গেছ কোম্পানীৰ পৰা পোৱা প্ৰাকৃতিক গেছেৰে (Natural gas from Assam Gas Company Limited)।

শেহতীয়া সময়ছোৱাত দেখা গৈছে যে আছাম গেছ কোম্পানীৰো বহু সীমাবদ্ধতা(limitations of Assam gas company ltd) থকাত কেৱল কয়লাৰ ওপৰত ফেক্টৰী সমুহৰ নিৰ্ভৰশীলতা বাঢ়িছে আৰু এই মূহুৰ্তত চাহ উদ্যোগৰ ফেক্টৰী সমুহক বছৰি প্ৰয়োজন আছে ৩,৫০,০০০ নিযুত টন কয়লাৰ ৷ আনহাতে, ৰাজ্যৰ চাৰি লাখ হেক্টৰ ভূমিত থকা চাহ খেতিক আকাংক্ষিত ধৰনে আগবঢ়াই নিবলৈ প্ৰতি বছৰে ইউৰিয়াৰ প্ৰয়োজন হয় ১,১৩,২০০ নিযুত টন ইউৰিয়াৰ ।

একেলগে প্ৰয়োজন হয় ১,০০,০০০ নিযুত টন ছিংগল ছুপাৰ ফছফেট আৰু ৮০০০০ নিযুত টন পটাছিয়াম সংযুক্তিৰ ((single super phosphate and potassium content) । কিন্তু যোৱা প্ৰায় তিনিটা বছৰ ধৰি বন্ধ হৈ থকা কয়লা যোগানে যিদৰে চাহ উৎপাদনকাৰী সকলক বিপদত পেলাইছে, থিক সেইদৰে ইউৰিয়াৰ সীমিত যোগানেও সমানেই বিপদত পেলাইছে ।

এক সূত্ৰৰ মতে যোৱা ৯ নৱেম্বৰত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা এক নিৰ্দেশ অনুসৰি প্ৰতি গৰাকী চাহ উৎপাদনকাৰীৰ বিপৰীতে ৩৬ কুইন্টলতকৈ ইউৰিয়া ৰাজ সাহাৰ্য (government subsidy on urea) হিচাপে দিয়াৰ কথা ঘোষণা কৰিছে যদিও সেই পৰিমান নামমাত্ৰ মাথোঁ। আনহাতে কয়লাৰ সুষম যোগানৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা আজি পৰ্যন্ত কোনো সহযোগ নোপোৱাত উদ্যোগটোৱে স্বাভাৱিকতে চলিত বছৰটোতে সংকটৰ সন্মুখীন হোৱাটো নিশ্চিত হৈ পৰিছে ।

মন কৰিব লগীয়া যে, নৰ্থ ইষ্ট টি এছ'ছিয়েছন (North-East Tea Association)ৰ শেহতীয়া অধিবেশনত জলবায়ুৰ নেতিবাচক পৰিৱৰ্তন(negative effect of climate change)ৰ বিষয়টোতকৈও এইবাৰ কয়লা আৰু ইউৰিয়াৰ দৰে সাৰৰ নাটনিৰ বিষয়টোৱে বিশেষ অগ্ৰাধিকাৰ পোৱাটো লক্ষনীয় বুলি বিবেচিত হৈছে । এই সন্দৰ্ভত অসম চৰকাৰে শীঘ্ৰেই কি সিদ্ধান্ত লয় সেয়া লক্ষনীয় হ'ব ।

লগতে পঢ়ক : Mob lynching in Jorhat : দিন দুপৰতে হত্যা কৰা হ’ল আছু নেতাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.