ৰাজ্যৰ স্বাস্থ্য খণ্ডত চাকৰি কৰি থকা একাংশ কৰ্মচাৰীৰ বাবে বিপদ নামি আহিছে ৷ চৰকাৰে অচিৰেই বৰ্খাস্ত কৰিব স্বাস্থ্য বিভাগত নিযুক্তি পোৱা 402 গৰাকী ভূৱা কৰ্মচাৰীক ৷ এই কথা আমাৰ নহয় ৷ খোদ ৰাজ্যৰ স্বাস্থ্য বিভাগে আৰম্ভ কৰিছে বৰ্খাস্তকৰণ প্ৰক্ৰিয়া ৷ ধনৰ বিনিময়ত পিছ দুৱাৰেদি চাকৰি লোৱা এইসকল কৰ্মচাৰীক ইতিমধ্যেই চিনাক্ত কৰি উলিয়াইছে স্বাস্থ্য বিভাগে ৷ পিছ দুৱাৰেদি নিযুক্তি দিছিল 402 গৰাকী ভুৱা কৰ্মচাৰী ৷ এই সম্পৰ্কত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন...
স্বাস্থ্য বিভাগত 402 গৰাকী ভুৱা নিযুক্তি - স্বাস্থ্য বিভাগ
চৰকাৰে চিনাক্ত কৰিছে স্বাস্থ্য বিভাগৰ 402 গৰাকী ভুৱা কৰ্মচাৰী, পিছ দুৱাৰেদি চাকৰি লোৱা কৰ্মচাৰীৰ বিপদ অনিবাৰ্য
ৰাজ্যৰ স্বাস্থ্য খণ্ডত চাকৰি কৰি থকা একাংশ কৰ্মচাৰীৰ বাবে বিপদ নামি আহিছে ৷ চৰকাৰে অচিৰেই বৰ্খাস্ত কৰিব স্বাস্থ্য বিভাগত নিযুক্তি পোৱা 402 গৰাকী ভূৱা কৰ্মচাৰীক ৷ এই কথা আমাৰ নহয় ৷ খোদ ৰাজ্যৰ স্বাস্থ্য বিভাগে আৰম্ভ কৰিছে বৰ্খাস্তকৰণ প্ৰক্ৰিয়া ৷ ধনৰ বিনিময়ত পিছ দুৱাৰেদি চাকৰি লোৱা এইসকল কৰ্মচাৰীক ইতিমধ্যেই চিনাক্ত কৰি উলিয়াইছে স্বাস্থ্য বিভাগে ৷ পিছ দুৱাৰেদি নিযুক্তি দিছিল 402 গৰাকী ভুৱা কৰ্মচাৰী ৷ এই সম্পৰ্কত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন...
Body:পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ তিনিটা কাৰ্যকালৰ শাসনত এটা চক্ৰই পিছ দুৱাৰেদি স্বাস্থ্য বিভাগত চতুৰ্থ বৰ্গৰ মুঠ 402 গৰাকী কৰ্মচাৰীক নিযুক্তি দিছিল । গোলাঘাট, ডিব্ৰুগড়, লখিমপুৰ, তিনিচুকীয়া, মৰিগাঁও, ধেমাজি, নলবাৰী আৰু তেজপুৰ জিলাত মূলতঃ দিয়া হৈছিল এই ভূৱা নিযুক্তিসমূহ। এই ভূৱা নিযুক্তিৰ অভিকেন্দ্ৰ আছিল গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়।
Conclusion:দীঘলীয়া তদন্তৰ অন্তত ভূৱা নিযুক্তিৰ সমস্ত বিষয়টো নিশ্চিত হোৱাত ৰাজ্য চৰকাৰে এই 402 গৰাকী কৰ্মচাৰীক বৰ্খাস্তকৰণৰ প্ৰস্তাৱত অনুমোদন জনায়। সেই অনুসৰি অতি শীঘ্ৰেই চাকৰি হেৰুওৱাটো নিশ্চিত এইসকল ভূৱা কৰ্মচাৰীয়ে।