গুৱাহাটী, 15 ফেব্ৰুৱাৰী: কাইলৈ সৰস্বতী পূজা ৷ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীক আৰাধনা কৰিবলৈ সাজু হৈছে শিক্ষাৰ্থীসকল ৷ ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠানতে চলিছে বাগদেৱীক আৰাধনা কৰাৰ প্ৰস্তুতি ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীৰ শিক্ষানুষ্ঠানসমূহতো পূৰ্ণ গতিত চলিছে সৰস্বতী পূজাৰ ব্যাপক আয়োজন ৷ শিক্ষাৰ্থীসকলে জনালে সৰস্বতী পূজাক লৈ চলি থকা ব্যস্ততাৰ কথা ৷
ইফালে বাগদেৱীৰ আৰাধনাৰ বাবে শিক্ষাৰ্থীসকলৰ উপৰিও ব্যস্ত মৃৎ-শিল্পীসকল ৷ ইতিমধ্যে মৃন্ময় মূৰ্তিত শেষ পৰশ দিছে মৃৎ-শিল্পীসকলে ৷
লগতে পঢ়কঃ ধেমাজিত অত্যাধিক বিদ্যুৎ মাচুলক লৈ ক্ষোভিত উপভোক্তা