ETV Bharat / state

পাঁচ দিন উকলাৰ পিছতো নিলম্বন নহ’ল কুমাৰ সঞ্জিৎ কৃষ্ণ - SP Kumar Sanjit Krishna

গ্ৰেপ্তাৰৰ ছদিন উকলি যোৱাৰ পিছতো চাকৰিৰ পৰা নিলম্বন হোৱা নাই আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিৎ কৃষ্ণ ৷ এইক্ষেত্ৰত গৃহ বিভাগৰ স্থিতি হৈ পৰিছে ৰহস্যজনক ৷ অসম আৰক্ষীৰ এছ আই কাণ্ডত নাম সাঙোৰ খাইছিল আৰক্ষী অধীক্ষকগৰাকীৰ ৷

Sanjit krishna is not suspended after surender guwahati assam etv bharat news
কুমাৰ সঞ্জিৎ কৃষ্ণ
author img

By

Published : Oct 21, 2020, 3:23 PM IST

গুৱাহাটী,21 অক্টোবৰ: অসম আৰক্ষীৰ এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত কেলেংকাৰীৰ অন্যতম অভিযুক্ত তথা আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিৎ কৃষ্ণ গ্ৰেপ্তাৰ হ’ল ঠিকেই, কিন্তু এই পৰ্যন্ত চাকৰিৰ পৰা নিলম্বন কৰা হোৱা নাই আৰক্ষী অধীক্ষকগৰাকীক । তিনি নিশা পলাতক হৈ থকাৰ পিছত বিগত 15 অক্টোবৰত কুমাৰ সঞ্জিৎ কৃষ্ণ উপস্থিত হৈছিল আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত । প্ৰায় 8 ঘণ্টাৰো অধিক সময় কৃষ্ণক শীৰ্ষ আৰক্ষী বিষয়াৰ এটা দলে জেৰা চলোৱাৰ অন্তত সেই নিশাই গ্ৰেপ্তাৰ কৰিছিল । কিন্তু গ্ৰেপ্তাৰৰ ছদিন উকলি যোৱাৰ পিছতো কুমাৰ সঞ্জিৎ কৃষ্ণক গৃহ বিভাগে চাকৰিৰ পৰা নিলম্বন নকৰাটো হৈ পৰিছে ৰহস্যজনক ।

যি সময়ত দেওবাৰ বন্ধৰ দিন হোৱা স্বত্বেও উক্ত দিনটোতে আৰক্ষী অধীক্ষকগৰাকীক কৰিমগঞ্জৰ পৰা বৰপেটালৈ বদলিৰ নিৰ্দেশ জাৰি কৰিছিল গৃহ বিভাগে ৷ সেই একেই গৃহ বিভাগে গ্ৰেপ্তাৰৰ ছদিন পিছতো কৃষ্ণক নিলম্বনৰ নিৰ্দেশ জাৰি নকৰাটোহে এইমুহুৰ্তত লাখটকীয়া প্ৰশ্ন হৈ পৰিছে । ইপিনে,সংবাদ মাধ্যমৰ হাতত পৰা তথ্য অনুসৰি সঞ্জিৎ কৃষ্ণৰ নিলম্বনত বিলম্ব হোৱাৰ আঁৰত এক ৰহস্যজনক ৰাজনৈতিক শক্তিয়ে ক্ৰিয়া কৰিছে যদিও ছদিনৰ মুৰত অৰ্থাৎ বুধবাৰেহে থেৰো-গেৰোকৈ গৃহ বিভাগে এই প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

লগতে চাওকঃ গো-মাংসক কেন্দ্ৰ কৰি উত্তপ্ত কলংপাৰ বজাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.