গুৱাহাটী, ১৩ জুলাই : মৰিয়নী সমষ্টিৰ উপ-নিৰ্বাচনত টিকট পাব নে নাই সেয়া নিশ্চিত হোৱা নাই যদিও নতুনকৈ বিজেপিত যোগদান কৰা ৰূপজ্যোতি কুৰ্মী কিন্তু জয়ী হ'ব বুলি দৃঢ় বিশ্বাসী হৈ আছে । কংগ্ৰেছৰ হৈ মৰিয়নীৰ পৰা ৪ বাৰকৈ বিধায়ক হোৱা ৰূপজ্যোতি কুৰ্মীয়ে নিৰ্বাচনত জয়ী হোৱাৰ পাছতো কংগ্ৰেছ দল আৰু বিধায়ক পদ ত্যাগ কৰি বিজেপিত যোগদান কৰে । অসম বিধানসভাৰ বাজেট অধিৱেশনৰ মাজতে মঙলবাৰে বিধানসভা চৌহদত ৰূপজ্যোতি কুৰ্মীয়ে সংবাদ মাধ্যমৰ আগত পুনৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে সৰৱ হৈ পৰে । তেওঁ কয়, ' দহজন অখিল গগৈ আহিলেও মোক মৰিয়নী সমষ্টিত হৰুৱাব নোৱাৰে । আনকি ১০ জন ৰিপুণ বৰা, ১০ জন ৰকিবুল হুছেইন, ১০ জন গৌৰৱ গগৈ আহিলেও মোক হৰুৱাব নোৱাৰে ।'
![Rupjyoti kurmi attacks Akhil Gogoi over By election](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-03-rupjuty-kurmi-reaction-7209925_13072021133319_1307f_1626163399_280.jpg)
সকলোকে প্ৰত্যাহ্বান জনাই ৰূপজ্যোতি কুৰ্মীয়ে কয়, 'প্ৰভুৱে যেতিয়া জয়ী কৰাব বিচাৰে তেতিয়া অখিল গগৈয়ে ক'ত হৰুৱাব পাৰিব । প্ৰভুৰ ওপৰতে সকলো কথা । তেওঁৰ এটা ভোট নাপালেও একো নাই সমষ্টিৰ ৰাইজে ভোটদান কৰিব । সমষ্টিৰ গৰিষ্ঠসংখ্যক ৰাইজে মোক ভোট দি আহিছে আৰু আগলৈও দিব' ।
লগতে তেওঁ এইবাৰো জয়ী হ'ব বুলি মন্তব্য কৰে । প্ৰাৰ্থিত্ব লাভ কৰা সন্দৰ্ভত তেওঁ কয়, 'মোক প্ৰাৰ্থিত্ব দিব নে নাই সেয়া দলীয় নেতৃত্বৰ ওপৰত নিৰ্ভৰ কৰিব । কিন্তু বিজেপিয়ে যাকেই প্ৰাৰ্থিত্ব নিদিয়ক কিয়, মৰিয়নীত বিপুল ভোটত জয়ী হৈ আহিব' ।
বিজেপি চৰকাৰৰ কাম-কাজক লৈ অসমৰ ৰাইজ সন্তুষ্ট বাবেই দ্বিতীয়বাৰলৈ চৰকাৰ গঠন কৰাৰ সুবিধা দিছে বুলিও তেওঁ মন্তব্য কৰে । আনহাতে ৰাইজৰ দলে কংগ্ৰেছৰ লগত মিত্ৰতা কৰা মানে এআইইউডিএফ(AIUDF)ৰ লগত মিত্ৰতা কৰা । অসমৰ ৰাইজে সকলো দেখি আছে আৰু সকলো বুজি পায় । লগতে উপ-নিৰ্বাচন(BY-ELECTION)ত ৰাইজে সঠিক উত্তৰ দিব বুলি তেওঁ মন্তব্য কৰে । নিজকে হাতীৰ সৈতে তুলনা কৰি ৰূপজ্যোতি কুৰ্মীয়ে কয়, 'হাতী গৈ থাকিলে কুকুৰে ভূকেই । দেউতা-মা আৰু মৰিয়নী সমষ্টিৰ ৰাইজৰ আশীৰ্বাদত মই পুনৰ জয়ী হ'ম । ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে' ।
লগতে পঢ়ক: এনকাউণ্টাৰক লৈ পুনৰ সৰৱ বিধায়ক অখিল গগৈ