ETV Bharat / state

কাৰ টিকটেৰে নিৰ্বাচন খেলিবলৈ সাজু ৰুমী নাথ ? - বহু বিতৰ্কিত প্ৰাক্তন বিধায়ক

বিধায়ক হৈ থকা সময়চোৱাত বিভিন্ন নকৰিবলগীয়া কাম কৰি ৰাজ্যৰ ৰাজনীতিত খলকনি তোলা ডাঃ ৰুমী নাথে পুনৰ মন মেলিছে নিৰ্বাচন খেলাৰ । শেহতীয়াকৈ নিজ সমষ্টিত নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা অব্যাহত ৰুমী নাথৰ ।

ৰুমী নাথ
ৰুমী নাথ
author img

By

Published : Feb 22, 2021, 1:07 PM IST

গুৱাহাটী, ২২ ফেব্ৰুৱাৰী : গাড়ী চুৰি চক্ৰৰ পৰা আৰম্ভ কৰি যৌন কেলেংকাৰীলৈকে এই দীঘলীয়া তালিকাখনেৰে বিধায়ক হৈ থকা সময়চোৱাত বিভিন্ন নকৰিবলগীয়া কাম কৰি ৰাজ্যৰ ৰাজনীতিত খলকনি তোলা ডাঃ ৰুমী নাথক নিশ্চয় সকলোৰে মনত আছে । বহু বিতৰ্কৰে সাঙোৰ খোৱা ৰুমী নাথে ৰঙাঘৰৰো ভাত খাবলগীয়া হৈছিল ।

এসময়ত বিজেপিৰ বিধায়ক হিচাপে বৰাক উপত্যকাৰ বৰখলা সমষ্টিৰ পৰা জিকি আহিছিল ডাঃ ৰুমী নাথ । আহিয়েই ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীৰ হকে ভোট দি বিজেপিৰ পৰা বহিস্কৃত হ'বলগীয়া হৈছিল । সেয়াই আৰম্ভণি । তাৰ পিছত কেলেংকাৰীৰ পিছত কেলেংকাৰী । পৰৱৰ্তী সময়ত তেওঁ টোকৰ মাৰিলেগৈ কংগ্ৰেছৰ দুৱাৰত । কংগ্ৰেছত যোগদানো কৰিলে । কিন্তু নিজৰ কৃতকৰ্মৰ বাবে পুনৰ বিগত বৰ্ষৰ অক্টোবৰ মাহত ছবছৰৰ বাবে কংগ্ৰেছে ৰুমী নাথক দলৰ পৰা বহিস্কাৰ কৰে । কিন্তু আমোদজনক কথাটো হ'ল দলৰ পৰা বহিস্কৃত সেই ৰুমী নাথেই আকৌ বৰখলা সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকট বিচাৰি আবেদন জনাইছে । অৱশ্যে কংগ্ৰেছ নেতৃত্বই ইতিমধ্যে তেওঁৰ আবেদন খাৰিজ কৰিছে ।

শেহতীয়াকৈ নিজ সমষ্টিত নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা অব্যাহত ৰখা ৰুমী নাথে এইবাৰ আপ বা সমাজবাদী পাৰ্টি যিকোনো এটা দলৰ পৰা নিৰ্বাচন খেলাৰ মন মেলিছে । যদি তাতো সফল নহয় তেন্তে নিৰ্দলীয় প্ৰাৰ্থী হৈও নিৰ্বাচনত অৱতীৰ্ণ হবলৈ সাজু এইগৰাকী বহুচৰ্চিত, বহু বিতৰ্কিত প্ৰাক্তন বিধায়ক ।

লগতে পঢ়ক:বছৰৰ তৃতীয়টো অসম ভ্ৰমণত প্ৰতিবাদৰ সন্মুখীন হ’ব নেকি মোডী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.