ETV Bharat / state

১ মাৰ্চত কংগ্ৰেছ দলত যোগদান কৰিব প্ৰাক্তন বিজেপি সাংসদ আৰ.পি শৰ্মাই - congress

বিজেপিৰ প্ৰাক্তন সাংসদ আৰ.পি শৰ্মাই চূড়ান্ত কৰিছে কংগ্ৰেছত যোগদানৰ সিদ্ধান্ত ৷ এই বিষয়ে প্ৰদেশ কংগ্ৰেছে এতিয়াও আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিব খোজা নাই যদিও প্ৰদেশ কংগ্ৰেছৰ এক শীৰ্ষ তথা কৰ্তৃত্বশীল সূত্ৰই ইটিভি ভাৰতৰ আগত ১ মাৰ্চত শৰ্মাই আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগ দিব বুলি জানিবলৈ দিয়ে ৷

প্ৰাক্তন বিজেপি সাংসদ আৰ পি শৰ্মা
প্ৰাক্তন বিজেপি সাংসদ আৰ পি শৰ্মা
author img

By

Published : Feb 23, 2020, 5:05 PM IST

Updated : Feb 23, 2020, 5:44 PM IST

গুৱাহাটী, ২৩ ফেব্ৰুৱাৰীঃ কংগ্ৰেছত যোগদান কৰাটো চূড়ান্ত হৈছে বিজেপিৰ প্ৰাক্তন সাংসদ আৰ.পি শৰ্মাৰ । ইতিমধ্যে তেওঁক কংগ্ৰেছলৈ অহাৰ ক্ষেত্ৰত সেউজ সংকেত প্ৰদান কৰিছে কংগ্ৰেছ হাইকমাণ্ডেও । অৱশ্যে প্ৰদেশ কংগ্ৰেছে এতিয়াও আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিব খোজা নাই এই কথা ৷ কিন্তু প্ৰদেশ কংগ্ৰেছৰ এক শীৰ্ষ তথা কৰ্তৃত্বশীল সূত্ৰই ইটিভি ভাৰতৰ আগত স্পষ্ট কৰি দিছে যে ১ মাৰ্চত শৰ্মাই আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগ দিয়াটো ইতিমধ্যে চূড়ান্ত কৰা হৈছে । কেৱল শৰ্মাই নহয়, একেদিনাই কেইবাগৰাকীও ৰাজনৈতিক নেতাই যোগ দিব কংগ্ৰেছত । উল্লেখ্য যে, বিগত লোকসভা নিৰ্বাচনত তেজপুৰ সমষ্টিৰ পৰা পুনৰবাৰ প্ৰাৰ্থীত্ব বিচাৰি শৰ্মাই দাবী জনাইছিল যদিও, বিজেপিয়ে তেওঁৰ পৰিবৰ্তে পল্লৱলোচন দাসকহে প্ৰাৰ্থীত্ব দিছিল । ফলত তাৎক্ষণিকভৱে বিজেপি ত্যাগ কৰিছিল আৰ.পি শৰ্মাই ৷

প্ৰাক্তন বিজেপি সাংসদ আৰ.পি শৰ্মাই যোগদান কৰিব কংগ্ৰেছ দলত

লগতে পঢ়কঃ আজি প্ৰধানমন্ত্ৰীৰ 62 সংখ্যক ‘মন কী বাত’ অনুষ্ঠান

Last Updated : Feb 23, 2020, 5:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.