ETV Bharat / state

এতিয়ালৈকে কিমান উপাৰ্জন কৰিলে ৰঙাটাপু-১৯৮২ ছবিখনে ?

author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 11:15 AM IST

Rongatapu 1982 Collection: ছবিগৃহত সগৌৰৱে চলি আছে অসমীয়া ছবি ‘ৰঙাটাপু-১৯৮২’ । মুক্তিৰ তিনিদিনত ছবিখনে সংগ্ৰহ কৰিছে মুঠ ৩৮ লাখ টকা । দৰ্শকৰ সঁহাৰিৰ প্ৰতি লক্ষ্য কৰি বৃদ্ধি কৰা হৈছে দৰ্শনীৰ সংখ্যাও ।

Rongatapu 1982 Box office Collection: Number of screenings increased in view of response from audience
ৰঙাটাপু ১৯৮২ৰ মুঠ উপাৰ্জন

গুৱাহাটী, 29 নৱেম্বৰ: অসমৰ প্ৰতিটো ছবিগৃহত বৰ্তমান সগৌৰৱে চলি আছে অসমীয়া ছবি ‘ৰঙাটাপু-১৯৮২' । যোৱা ২৪ নৱেম্বৰত ৰাজ্যৰ প্ৰায়কেইটা ছবিগৃহতে মুক্তি লাভ কৰিছিল ‘ৰঙাটাপু-১৯৮২' ছবিখন । ছবিখন মুক্তি লাভ কৰাৰ দিনাৰ পৰাই দৰ্শকৰ মাজত বিপুল সমাদৰ লাভ কৰা পৰিলক্ষিত হৈছে ।

এতিয়ালৈকে মুঠ কিমান উপাৰ্জন কৰিলে ছবিখনে ?

মুক্তিৰ তিনিদিনত ৩৮ লাখ টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে ছবিখনে । বুৰঞ্জীৰ বুকুত হেৰাই যোৱা বহু কথা, ৮০ দশকৰ এক ক’লা অধ্যায়ক সাঙুৰি এক হৃদয়ৰ্স্পশী, কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছিল ‘ৰঙাটাপু-১৯৮২’। চাৰিগৰাকী নাৰীৰ জীৱনশৈলীৰ আধাৰত নিৰ্মিত ছবিখন মুক্তিৰ প্ৰথম দিনাই কমসংখ্যক দৰ্শনীৰ পাচতো ছবিখনে ৮.৫ লাখ টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হয় । ইফালে মুক্তিৰ প্ৰথম দিনাই দৰ্শকৰ সঁহাৰি দেখি, চিত্ৰগৃহৰ কতৃপক্ষই দৰ্শনীৰ সংখ্যা বৃদ্ধি কৰা পলিৰক্ষিত হৈছে ৷ এতিয়া ছবিখনে মুক্তিৰ তিনিটা দিনত সৰ্বমুঠ ৩৮ লাখ টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে ৷

উল্লেখযোগ্য যে, ৮০ ৰ দশকত ৰাজ্যৰ বিভিন্ন অঞ্চললৈ প্ৰব্ৰজন কৰা সন্দেহযুক্ত লোক আৰু স্থানীয় খিলঞ্জীয়া লোকৰ মাজত সঘনাই সংঘৰ্ষৰ সৃষ্টি হৈছিল । ৮০ দশকত সেই বহিৰাগত লোকসকলৰ সৈতে হোৱা থলুৱা খিলঞ্জীয়া সংগ্ৰামক সামৰি এটা সঁচা কাহিনীৰ ওপৰত আধাৰ কৰি নিৰ্মাণ কৰা হৈছে ছবিখন । বিআৰচি চিনে প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা "ৰঙাটাপু ১৯৮২" ছবিখন পৰিচালনা কৰিছে আদিত্যম শইকীয়াৰ । এইখিনিতে উল্লেখ কৰিব লাগিব যে আদিত্যম শইকীয়াৰ পৰিচালনাত নিৰ্মাণ হোৱা এয়া প্ৰথমখন ছবি ৷ অৰ্থাৎ এই ছবিখনৰ জৰিয়তে তেওঁ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে ৷

আনহাতে ছবিখনৰ প্ৰযোজনা কৰিছে অৰুণ কুমাৰ ৰয় আৰু অজয় কুমাৰ ৰয়ে । ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা, ৰিম্পী দাস আৰু অভিনেতা গুঞ্জন ভৰদ্বাজে । আনহাতে আন গুৰুত্বপূৰ্ণ চৰিত্ৰসমূহত অভিনয় কৰিছে ক্ৰমে বিবেক বৰা, কল্পনা কলিতা, ভাগীৰথী, আলিষ্মিতাকে আদি কৰি বহুতো ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।

লগতে পঢ়ক: ছবিগৃহত সগৌৰৱে চলিছে নতুন অসমীয়া ছবি ৰঙাটাপু ১৯৮২

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.