ETV Bharat / state

গুৱাহাটী মহানগৰীৰ নলা নিষ্কাষণ কৰিব ৰবটে

গুৱাহাটী পৌৰ নিগমক এই বিশেষ ৰবট উপহাৰ হিচাপে দিছে অইল ইণ্ডিয়া কৰ্পৰেচনে ৷ মঙলবাৰে এই বিশেষ ৰবটৰ শুভ উদ্বোধন কৰে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্বাৰ্থ ভট্টাচাৰ্যই।উদ্ধোধন কৰি মন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যমৰ আগত মন্তব্য কৰে যে,এই ৰবট নলা নিষ্কাষণৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব ৷ এজন মানুহৰ দৰেই সকলো কাম কৰিব এই ৰবটে ৷ পৰৱৰ্তী সময়ত আৰু অধিক ৰবট ক্ৰয় কৰাৰ কথা জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

author img

By

Published : Jul 28, 2020, 10:16 PM IST

Robot use for drain clean at guwahati
গুৱাহাটী মহানগৰীৰ নলা নিষ্কাষণ কৰিব ৰবটে

গুৱাহাটী,28 জুলাইঃ মহানগৰবাসীৰ বাবে এক ভাল খবৰ ৷গুৱাহাটী মহানগৰীৰ নলা সমূহ নিষ্কাষণ কৰিবলৈ এতিয়াৰে পৰা নলাত নামিব নালাগে পৌৰ নিগমৰ চাফাই কর্মী। এতিয়াৰে পৰা মহানগৰীৰ নলা নিষ্কাষণ কৰিব বেন্দীকত নামৰ বিশেষ ৰবটে ৷

গুৱাহাটী পৌৰ নিগমক এই বিশেষ ৰবট উপহাৰ হিচাপে দিছে অইল ইণ্ডিয়া কৰ্পৰেচনে ৷ মঙলবাৰে এই বিশেষ ৰবটৰ শুভ উদ্বোধন কৰে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।উদ্ধোধন কৰি মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে,এই ৰবট নলা নিষ্কাষণৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব ৷ এজন মানুহৰ দৰেই সকলো কাম কৰিব এই ৰবটে ৷ পৰৱৰ্তী সময়ত আৰু অধিক ৰবট ক্ৰয় কৰাৰ কথা জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

নলা নিষ্কাষণৰ কামত নিয়োজিত এই বিশেষ ৰবটটোত ৪ টাকৈ কেমেৰা লগোৱা হৈছে।যিয়ে নলাৰ ভিতৰত ৰৈ যোৱা জাৱৰ সমূহ দেখুওৱাত সহায় কৰিব । এই বিশেষ ৰবৰটৰ সমান্তৰালভাৱে কেইবাখনো এক্সকেভেটৰ আৰু জে চি বিও নলা নিষ্কাষণত ব্যৱহাৰ কৰা হ'ব।

উল্লেখযোগ্য যে,উত্তৰ-পূৱৰ ভিতৰতে প্ৰথমবাৰৰ বাবে গুৱাহাটীত নলা নিষ্কাষণৰ কামত নিয়োজিত কৰা হ’ব ৰবট । পৰৱৰ্তী সময়ত ৰাজ্যৰ অন্যান্য চহৰ সমূহতো নলা নিষ্কাষণৰ কামত ৰবট নিয়োজিত কৰা হ'ব। উল্লেখযোগ্য যে ভাৰতত যোৱা ৪ বছৰত ৩০০ ৰো অধিক চাফাই কৰ্মীয়ে নলা নিষ্কাষণৰ কামত নিয়োজিত হৈ প্ৰাণ হেৰুৱাইছিল ৷

লগতে পঢ়কঃচলিত বৰ্ষত শিৱসাগৰত জাপানীজ এনকেফেলাইটিছত প্ৰাণ গ'ল তিনিজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.