ETV Bharat / state

পথ দূৰ্ঘটনা ৰোধৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ উদ্যোগত বিশেষ ৰেলী

পথ দুৰ্ঘটনা হ্ৰাস কৰিবৰ বাবে শনিবাৰে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ উদ্যোগত এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা হয় ৷ পথ সজাগতা মাহৰ উপলক্ষে পৰিবহণ নীতি-নিয়ম মানি চলি দূৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে সজাগত সৃষ্টিৰ বাবে শতাধিক ছাত্ৰ-ছাত্ৰীক লগত লৈ সৰুসজাইৰ পৰা উলিওৱা হয় এক বিশেষ ৰেলী ৷

road-safety-month-celebration-at-guwahati
পথ দুৰ্ঘটনা হ্ৰাস কৰিবৰ বাবে ৰাজ্য চৰকাৰৰ উদ্যোগত বিশেষ ৰেলী
author img

By

Published : Feb 6, 2021, 7:26 PM IST

গুৱাহাটী, 6 ফেব্ৰুৱাৰী : ৰাজ্যত সঘনাই সংঘটিত হৈ থকা পথ দূৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে শনিবাৰে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ উদ্যোগত এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা হয় ৷ পথ সজাগতা মাহৰ উপলক্ষে পৰিবহণ নীতি-নিয়ম মানি চলি দূৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে সজাগত সৃষ্টিৰ বাবে শতাধিক ছাত্ৰ-ছাত্ৰীক লগত লৈ সৰুসজাইৰ পৰা উলিওৱা হয় এক বিশেষ ৰেলী ৷

পথ দুৰ্ঘটনা হ্ৰাস কৰিবৰ বাবে ৰাজ্য চৰকাৰৰ উদ্যোগত বিশেষ ৰেলী

ৰেলীৰ সময় পথ সুৰক্ষা, জীৱন সুৰক্ষা শ্ল'গানেৰে পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ স্বাৰ্থত সাধাৰণ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে অসম চৰকাৰৰ পৰিবহণ বিভাগে ৷ কাৰ্যসূচীত উপস্থিত থাকি ৰেলীৰ শুভাৰম্ভ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ইয়াৰ লগতে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷

সাংবাদিক সম্বোধন কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয়, প্ৰতিবছৰে তিনিহাজাৰতকৈ অধিক লোক দূৰ্ঘটনাগ্ৰস্থ হৈ মৃত্যু হয় । ৰাজ্যত ভয়াবহভাৱে বৃদ্ধি পোৱা দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰিবৰ বাবে মাত্ৰ এটা মাহেই নহয়, বছৰটোৰ প্ৰতিটো মাহেই পথ সুৰক্ষাৰ প্ৰতিটো নিয়ম মানি চলিব লাগিব বুলি মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।

লগতে পঢ়ক: ইতিহাস ! দেশৰ প্ৰথমটো পূৰ্ণকালীন মহিলা কোব্ৰা বেটালিয়ন মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.