ETV Bharat / state

ই আই এ সন্দৰ্ভত ৰিপুন বৰাৰ সংবাদমেল

author img

By

Published : Aug 4, 2020, 5:05 PM IST

এই আইনখন বলবৎ হ'লে উদ্যগ স্থাপনৰ ক্ষেত্ৰত কোনো ধৰণৰ অনুমতি অথবা ৰাইজৰ মতামতৰ প্ৰয়োজন নহ'ব, ফলত এই আইনখনে পৰিৱেশৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব বুলি সংবাদমেলত প্ৰকাশ কৰে অসম কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাই ৷

Ripun borah press meet on EIA
Ripun borah press meet on EIA

গুৱাহাটী, 4 আগষ্টঃ কেন্দ্ৰৰ বিজেপি চৰকাৰৰ নতুন ই আই এ আইন ৰূপায়ণৰ সিদ্ধান্তক তীব্ৰ সমালোচনা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ ৷ মঙলবাৰে ৰাজীৱ ভৱনত সংবাদমেল অনুষ্ঠিত কৰি ৰিপুন বৰাই কয় যে, এই আইনে পূৰ্বৰ বহু কেইখন আইনৰ কাৰ্যক্ষমতাক নিশেষ কৰিব ৷ কংগ্ৰেছ দলে সেয়ে এই আইনৰ বিৰোধিতা কৰিছে ৷

কংগ্ৰেছৰ সভাপতি গৰাকীয়ে লগতে কয় যে, যিকোনো এটা উদ্যোগ প্ৰতিষ্ঠা কৰাৰ আগত পৰিবেশ সম্পৰ্কীয় অনুমতি ল’ব লাগে ৷ কিন্তু এই আইনখন বলবৎ হ'লে উদ্যগ স্থাপনৰ ক্ষেত্ৰত কোনো ধৰণৰ অনুমতি অথবা ৰাইজৰ মতামতৰ প্ৰয়োজন নহ'ব ফলত এই আইনখনে পৰিৱেশৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব ৷ লগতে অসমৰ জৈৱ বৈচিত্ৰকো ধ্বংস কৰিব বুলি উল্লেখ কৰে কংগ্ৰেছী নেতা গৰাকীয়ে ৷

ই আই এ সন্দৰ্ভত ৰিপুন বৰাৰ সংবাদমেল

এই আইনে মানস অভয়াৰণ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিৰাপত্তাৰ প্ৰতি প্ৰবল ভাবুকিৰ সৃষ্টি কৰিব বুলিও প্ৰকাশ কৰে ৰিপুণ বৰাই ৷ আনহাতে বিদ্যালয় প্ৰাদেশীকৰণৰ বিৰোধিতা কৰি ৰিপুন বৰাই কয় যে, শিক্ষামন্ত্ৰীয়ে বাছি বাছি শিক্ষা প্ৰতিষ্ঠান সমূহ প্ৰাদেশীকৰণ কৰাৰ সিদ্ধান্ত লৈছে ৷ হিমন্তই কিহৰ ভিত্তিত বিদ্যালয় সমূহ বাছনি কৰি এই সিদ্ধান্ত গ্ৰহন কৰিলে বুলিও প্ৰশ্ন কৰে ৰিপুন বৰাই ৷

শিক্ষা বিভাগক ৰাজনীতিৰ উৰ্ধত ৰাখি কাম কৰিবলৈ অনুৰোধ জনাই প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৰাকীয়ে ৷ ছাত্ৰ ছাত্ৰীৰ পঢ়াক লৈ ৰাজনীতি কৰাতো উচিত নহয় বুলিও মন্তব্য কৰে ৰিপুন বৰাই ৷

লগতে পঢ়কঃ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত কৰা আৰক্ষীক কোৱাৰেন্টাইন মুম্বাইত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.